ETV Bharat / bharat

Financial Goals for 2023 : নৱবৰ্ষৰ বাবে বিত্তীয় লক্ষ্য কেনেদৰে নিৰ্ধাৰণ কৰিব ?

author img

By

Published : Jan 2, 2023, 1:02 PM IST

2023
2023

2023 বৰ্ষই ভুমুকি মৰাৰ লগে লগে আপুনি আপোনাৰ নৱবৰ্ষৰ সংকল্পবোৰৰ ভিতৰত বিত্তীয় পৰিকল্পনা অন্তৰ্ভুক্ত কৰিছে নেকি ? এয়া হৈছে আপোনাৰ বিনিয়োগৰ সিদ্ধান্তবোৰ পুনৰীক্ষণ কৰাৰ সময় । বিত্তীয় পৰিকল্পনাৰ লক্ষ্য হ'ব লাগে বছৰজোৰা লক্ষ্য । বিগত বছৰত আপুনি কি অৰ্জন কৰিছে সেয়া এবাৰ জুকিয়াই চাওক । তাৰ পিছত এই বছৰ কি লাভ কৰিব লাগে তাৰ পৰিকল্পনা কৰক (financial planning in New Year resolutions) ।

নিউজ ডেস্ক, ২ জানুৱাৰী : চকুৰ পচাৰতেই যেন শেষ হ'ল ২০২২ বৰ্ষ । আনহাতে, নৱবৰ্ষ ২০২৩-ৰ আজি দ্বিতীয়টো দিন । তেনে ক্ষেত্ৰত এইটো হৈছে আপোনাৰ বিত্তীয় সিদ্ধান্তবোৰ পুনৰীক্ষণ কৰাৰ আৰু সেইবোৰ কাৰ্যকৰী কৰাৰ সময় । এই বছৰ কি কাম সম্পূৰ্ণ কৰিব লাগিব ? সেই সকলোবোৰ পৰ্যালোচনা কৰক আৰু এটা উন্নত পৰিকল্পনা প্ৰস্তুত কৰক । বিত্তীয় পৰিকল্পনা এদিনীয়া কাম নহয় । সময়ৰ লগে লগে আমি কি লাভ কৰিছোঁ, কি লাভ কৰিব লাগিব এইবোৰ হৈছে বৰ্তমান চালিজাৰি চোৱাৰ সময় । ভৱিষ্যতৰ পৰিকল্পনাবোৰ আমাৰ যোৱা বছৰৰ ধাৰণা আৰু অভিজ্ঞতাৰ আধাৰৰ ওপৰত ভিত্তি কৰি হ'ব লাগে (financial planning in New Year resolutions) ।

বছৰটোৰ শেষলৈকে এক মসৃণ বিত্তীয় যাত্ৰাৰ বাবে তৎক্ষণাৎ আঠটা পইণ্টৰ ওপৰত গুৰুত্ব দিয়ক । কমেও ছয় মাহৰ বাবে অপ্ৰত্যাশিত ব্যয়ৰ বাবে পৰ্যাপ্ত জৰুৰীকালীন পুঁজি সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰক । আপুনি কেতিয়াও নাজানে যে কোন মুহূৰ্তত কি হ'ব । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, সকলোবোৰৰ বাবে সাজু হোৱাটো । আপোনাৰ জৰুৰীকালীন পুঁজি সঞ্চয় একাউণ্ট (savings account), লিকুইড মিউচুৱেল ফাণ্ড (liquid mutual funds) আৰু বেঙ্ক ফিক্সড ডিপজিটৰ (bank fixed deposits) মিশ্ৰণ হ'ব লাগে ।

বিনিয়োগৰ সিদ্ধান্ত কেতিয়াও পলম কৰিব নালাগে বা পিছুৱাব নালাগে । লাভ নিৰ্ভৰ কৰে এটা বিনিয়োগ কিমান দিন থাকে তাৰ ওপৰত । তেতিয়াহে দীৰ্ঘম্যাদী সময়ত সম্পদ সৃষ্টি কৰিব পাৰি । জানুৱাৰীত লোৱা সিদ্ধান্তবোৰ কমেও ডিচেম্বৰত কাৰ্যকৰী কৰক । তেতিয়া ক'ব পাৰি যে এই বছৰ লোৱা সিদ্ধান্ত পিছুৱাই দিয়া হোৱা নাই । বিনিয়োগ কমেও 5-10 শতাংশ বৃদ্ধি কৰক । ই আপোনাৰ আকাংক্ষিত লক্ষ্যবোৰ দ্ৰুতগতিত লাভ কৰাত সহায় কৰিব ।

কৰ পৰিকল্পনা হৈছে গুৰুত্বপূৰ্ণ । বিত্তীয় বৰ্ষৰ আৰম্ভণিৰ পৰা কৰ ৰেহাইৰ বাবে উপযুক্ত আঁচনি লোৱা উচিত । যোৱা 9 মাহত আপুনি কি বিনিয়োগ কৰিছে পৰীক্ষা কৰক । চলিত বিত্তীয় বৰ্ষত তিনি মাহ বাকী আছে । বিনিয়োগসমূহ এই সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে । এপ্ৰিল ২০২৩-ৰ পৰা কৰ সঞ্চয় আঁচনিত প্ৰতি মাহে বিনিয়োগ কৰাটো অভ্যাসত পৰিণত কৰক ।

আৱেগ আৰু ভয়ে বিত্তীয় পৰিকল্পনাত বাধা দিয়ে । বিনিয়োগৰ সদায়ে দীৰ্ঘম্যাদী গুৰুত্ব থাকিব লাগে । যেতিয়া ইকুইটি হ্ৰাস হয় তেতিয়া কিছুমানে উদ্বেগত সেয়া বিক্ৰী কৰে । কিন্তু বজাৰত সফল হ'বলৈ হ'লে ধাৰাবাহিকভাৱে বিনিয়োগ কৰি থাকিব লাগিব । লাভ কৰিব পৰা লক্ষ্য আগত ৰাখক । তাত প্ৰয়োজনীয় পৰিৱৰ্তন সাধন কৰক । সেই অনুসৰি বিনিয়োগৰ পৰিকল্পনা কৰক । ঋণ আৰু হাইব্ৰিড আঁচনিৰ (hybrid plans) দৰে হ্ৰস্বম্যাদী বিনিয়োগ 5 বছৰতকৈ কম সময়ৰ লক্ষ্যৰ বাবে ভাল । ইকুইটি পুঁজি (Equity funds) কেৱল তেতিয়াহে উপযুক্ত যেতিয়া কাৰ্যকাল পাঁচ বছৰতকৈ অধিক হয় ।

বিনিয়োগবোৰ বৈচিত্ৰ্যপূৰ্ণ হ'ব লাগে যাতে ইকুইটি, ঋণ, সোণ, ৰিয়েল ইষ্টেট (real estate) আৰু আন্তৰ্জাতিক পুঁজি অন্তৰ্ভুক্ত কৰিব পাৰি । আপোনাৰ বিপদাশংকা সহনশীলতাৰ ওপৰত ভিত্তি কৰি প্ৰতিটো খণ্ডত কিমান বিনিয়োগ কৰিব লাগে তাৰ সিদ্ধান্ত সাৱধানে লওক । আপোনাৰ বিনিয়োগৰ প্ৰদৰ্শন সদায় একে নহ'ব । কিছুমানে প্ৰত্যাশিত ফলাফল নিদিবও পাৰে ।

আপোনাৰ বীমা আঁচনিবোৰ (insurance policies) এবাৰ পুনৰীক্ষণ কৰাটো গুৰুত্বপূৰ্ণ । আপোনাৰ গোটেই পৰিয়ালৰ সামগ্ৰিক বিত্তীয় সুৰক্ষাৰ বাবে এটা term policy লওক । পৰিয়ালৰ সকলো সদস্যক আৱৰিবলৈ কমেও 5 লাখ টকাৰ স্বাস্থ্য বীমা আঁচনি (health insurance policy) এখন লওক, বিশেষকৈ floater policy । কম বয়সতে আঁচনিখন গ্ৰহণ কৰিলে ইয়াক কম প্ৰিমিয়ামত পোৱাত সহায় কৰিব ।

লগতে পঢ়ক :Union Governments finances in 2022 : দেশৰ শেহতীয়া বিত্তীয় বৰ্ষলৈ ঘূৰি চাও আহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.