ETV Bharat / bharat

Manipur new DGP : জ্যেষ্ঠ আইপিএছ ৰাজীৱ সিঙক মণিপুৰৰ DGP হিচাপে নিযুক্তি

author img

By

Published : Jun 1, 2023, 5:04 PM IST

Manipur new DGP
জ্যেষ্ঠ আইপিএছ ৰাজীৱ সিঙক মণিপুৰৰ DGP হিচাপে নিযুক্তি

মণিপুৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ আজি চতুৰ্থ দিন । পৰিস্থিতি উন্নত কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে মন্ত্ৰীগৰাকীয়ে (Amit Shah in Manipur)। ইয়াৰ মাজতে চিআৰপিএফৰ মহাপৰিদৰ্শক হিচাপে কৰ্মৰত ৰাজীৱ সিঙক মণিপুৰৰ আৰক্ষী সঞ্চালক পদত নিযুক্তি । চিআৰপিএফৰ মহাপৰিদৰ্শক আছিল সিং ।

নেশ্যনেল ডেস্ক,১ জুন : জ্যেষ্ঠ আইপিএছ বিষয়া ৰাজীৱ সিঙক মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে (Rajiv Singh appointed as new Manipur DGP)। এক চৰকাৰী নিৰ্দেশনা অনুসৰি বৃহস্পতিবাৰে তেওঁক মণিপুৰৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে । আইপিএছ পি ডুংগেলৰ স্থানত তেওঁক নিযুক্তি দিয়া হৈছে । গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি ৩০ মে'ত চিআৰপিএফৰ মহাপৰিদৰ্শক হিচাপে কৰ্মৰত ৰাজীৱ সিঙক মণিপুৰলৈ প্ৰেৰণ কৰা হৈছে ।

এক চৰকাৰী নিৰ্দেশনা অনুসৰি ত্ৰিপুৰা কেডাৰৰ ১৯৯৩ বেচৰ আইপিএছ বিষয়া সিঙক ৩ বছৰৰ বাবে আন্তঃকেডাৰ ডেপুটেশনত মণিপুৰলৈ প্ৰেৰণ কৰা হৈছে (Manipur New DGP)। কেবিনেটৰ নিযুক্তি সমিতিৰ অনুমোদনৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে ।

৩ মে'ত ৰাজ্যখনত হিংসাত্মক ঘটনা আৰম্ভ হোৱাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে চিআৰপিএফৰ প্ৰাক্তন মুৰব্বী কুলদ্বীপ সিঙক মণিপুৰ চৰকাৰৰ নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি দিছিল (Security adviser to Manipur)। প্ৰায় এমাহ ধৰি জাতিগত সংঘৰ্ষৰ দ্বাৰা প্ৰভাৱিত মণিপুৰত দেওবাৰে উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ আৰু গুলীবৰ্ষণৰ ঘটনা হঠাতে বৃদ্ধি পাইছে । ইফালে ৰাজ্যখনত এনে সংঘৰ্ষৰ ফলত মৃত্যুৰ সংখ্যা ৮০ লৈ বৃদ্ধি পাইছে ।

মেইটেই সম্প্ৰদায়ৰ অনুসূচীত জনজাতিৰ (এছটি) মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত ৩ মে'ত পাহাৰীয়া জিলাসমূহত 'জনজাতীয় সংহতি মাৰ্চ' আয়োজন কৰাৰ পাছতে মণিপুৰত এই ধৰণৰ হিংসাৰ আৰম্ভ হয় (Manipur violence)।

এনে এক পৰিস্থিতিৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ যোৱা সোমবাৰে মণিপুৰত উপস্থিত হৈছে (Amit Shah visit Manipur)। তেওঁ ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ বুজ লৈছে আৰু বিভিন্ন পক্ষৰ সৈতে বৈঠকত মিলিত হৈছে । সমান্তৰালকৈ আইন শৃংখলা পৰিস্থিতি উন্নত কৰাৰ ক্ষেত্ৰত সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে । গৃহ মন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ মাজতে ৰাজ্যখনত নতুনকৈ আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তিক লৈ বিশেষ চৰ্চা আৰম্ভ হৈছে ।

লগতে পঢ়ক :Manipur violence: মণিপুৰৰ হিংসাৰ তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত গঠন কৰা হ’ব পেনেল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.