ETV Bharat / bharat

Drone seen flying during PM Rally: গুজৰাটৰ বাভলাত প্ৰধানমন্ত্ৰী মোডীৰ সভাত ড্ৰোণ, গ্ৰেপ্তাৰ ৩

author img

By

Published : Nov 25, 2022, 4:08 PM IST

গুজৰাটৰ আহমেদাবাদ জিলাৰ বাভলাত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ সভাত নিৰাপত্তাৰ ক্ষেত্ৰত ত্ৰুটিৰ কথা পোহৰলৈ আহিছে (unauthorized drone flying in Modi rally) । প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকালত এইটো কথাও পোহৰলৈ আহিছে যে অঞ্চলটোত 'no drone fly zone'ৰ ঘোষণা উলংঘা কৰা হৈছে ।

drone
drone

নিউজ ডেস্ক, ২৫ নৱেম্বৰ : গুজৰাটৰ আহমেদাবাদ জিলাৰ বাভলাত অনুষ্ঠিত প্ৰধানমন্ত্ৰীৰ সভাত নিৰাপত্তাৰ ক্ষেত্ৰত ত্ৰুটিৰ কথা পোহৰলৈ আহিছে (unauthorized drone flying in Modi rally) । প্ৰধানমন্ত্ৰীৰ ভ্ৰমণকালত এইটোও পোহৰলৈ আহিছে যে অঞ্চলটোত 'no drone fly zone'ৰ ঘোষণা উলংঘা কৰা হৈছে । উল্লেখ্য, আহমেদাবাদৰ ওধাৱৰ তিনিজন যুৱকক মোডীৰ সভাৰ সময়ত ড্ৰোণ উৰুওৱা দেখা গৈছিল আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰে ।

জিলা দণ্ডাধীশে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা সভাৰ দুই কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত no drone fly zone ঘোষণা কৰিছিল । অৱশ্যে এখন ৰাজহুৱা সভাৰ সময়ত আহমেদাবাদ গ্ৰাম্য এলচিবিৰ এজন আৰক্ষীয়ে ড্ৰোণটো আকাশত উৰি থকা দেখি তৎক্ষণাৎ ঊৰ্ধ্বতন কৰ্তৃপক্ষক অৱগত কৰে আৰু ড্ৰোণটো উৰুৱাই থকা তিনিজন যুৱকক আটক কৰে (modi rally drons case in Ahmedabad) । বিডিডিএছ দলে ড্ৰোণটো নমাই আনে আৰু তাত কোনো ক্ষতিকাৰক বস্তু পোৱা হোৱা নাই । অৱশ্যে আৰক্ষীয়ে ঘোষণা উলংঘন কৰাৰ বাবে তিনিজন অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে (Gujrat Assembly election 2022) ।

এই ঘটনাত গ্ৰেপ্তাৰ হোৱা অভিযুক্তকেইজনক নিকুল ৰমেশ পাৰমাৰ, ৰাকেশ কালু ভৰৱাদ আৰু ৰাজেশ কুমাৰ মংগিলাল প্ৰজাপতি বুলি চিনাক্ত কৰা হৈছে (3 arrested for flying drone in Modi rally) । জানিব পৰা মতে, যুৱক তিনিজন আহমেদাবাদ চহৰৰ ওধাৱ অঞ্চলৰ বাসিন্দা । এই সন্দৰ্ভত আইপিচিৰ ধাৰা ১৮৮ ৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে ।

জেৰাত অভিযুক্ত তিনিজনে প্ৰকাশ কৰে যে নিয়মীয়া ফটোগ্ৰাফীৰ বাবে তেওঁলোকে ড্ৰোণ উৰুৱাইছিল আৰু অঞ্চলটোত ড্ৰোণ নিষিদ্ধ বুলি তেওঁলোক অৱগত নাছিল । আনহাতে, অভিযুক্তকেইজনৰ পূৰ্বৰ কোনো আৰক্ষী ৰেকৰ্ড বা অপৰাধমূলক ইতিহাস পোৱা হোৱা নাই বুলি আৰক্ষীয়ে জনাইছে । লগতে তেওঁলোক কোনো ৰাজনৈতিক দল বা সংগঠনৰ সৈতে জড়িত নহয় বুলি আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ অহাত আৰক্ষীয়ে স্বস্তিৰ নিশ্বাস পেলাইছে (Security lapse in PM Modi meeting) ।

লগতে পঢ়ক :Mukro firing incident: সীমান্তৰ ঘটনাক লৈ অধিক অগ্নিগৰ্ভা হৈ পৰিছে মেঘালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.