ETV Bharat / state

Mukro firing incident: সীমান্তৰ ঘটনাক লৈ অধিক অগ্নিগৰ্ভা হৈ পৰিছে মেঘালয়

author img

By

Published : Nov 25, 2022, 3:31 PM IST

Meghalaya
সীমান্তৰ ঘটনাকলৈ অধিক অগ্নিগৰ্ভা হৈ পৰিছে মেঘালয়

অসমৰ বহু লোক আবদ্ধ হৈ আছে মেঘালয়ৰ বিভিন্ন স্থানত (People from Assam stranded in Meghalaya)। মঙলবাৰৰ পৰাই অসমৰ লোকসকলক মেঘালয়লৈ যোৱাৰ ক্ষেত্রত অসম আৰক্ষীয়ে বাধা প্ৰদান কৰিছে । বহু লোক যাব পৰা নাই মেঘালয়লৈ । কেৱল অসমৰ লোকেই নহয় দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ লোকো গুৱাহাটীত আবদ্ধ হৈ পৰিছে । চতুৰ্থ দিনাও গুৱাহাটীৰ খানাপাৰা আৰু যোৰাবাটত মেঘালয় অভিমুখে যোৱা অসমৰ বাহন আৰু অসমৰ লোকসকলক ঘূৰাই পঠিওৱা হৈছে ।

গুৱাহাটী,২৫ নৱেম্বৰ : অসম-মেঘালয় সীমান্তত সংঘটিত হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনাই সম্প্ৰতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Tense situation in Meghalaya)। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰ'ত মঙলবাৰে সংঘটিত হোৱা ঘটনাক লৈ জ্বলিছে মেঘালয় । মঙলবাৰে সংঘটিত হোৱা ঘটনাত অসমৰ এজন বনৰক্ষী আৰু ৫ গৰাকী খাচী লোকৰ মৃত্যু হৈছিল (Mukro firing incident)। এই ঘটনাটোক কেন্দ্ৰ কৰি এতিয়া মেঘালয় ৰাজ্য অগ্নিগৰ্ভা হৈ পৰিছে ।

বিশেষকৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অসমৰ বাহনৰ লগতে অসমৰ লোকক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে । মঙলবাৰে ঘটনাৰ দিনটোত নিশাৰ ভাগত শ্বিলঙত অসমৰ এখন বাহন জ্বলাই দিয়া হৈছিল । ইয়াৰ পাছত বিগত কেইদিনত অসমৰ কেইবাখনো বাহনত অগ্নি সংযোগ কৰাৰ লগতে আক্ৰমণ চলোৱা হৈছে । অসমৰ পঞ্জীয়নৰ বাহন দেখিলেও খাচী লোকে আক্ৰমণ কৰে (Violence in Assam Meghalaya Border)।

সীমান্তৰ ঘটনাকলৈ অধিক অগ্নিগৰ্ভা হৈ পৰিছে মেঘালয়

মেঘালয়ৰ প্ৰান্তে প্ৰান্তে অসমৰ বহু বাহনৰ ওপৰত আক্ৰমণ চলোৱা হৈছে । তদুপৰি অসমৰ লোকক প্ৰাণে মৰাৰো ভাবুকি দিছে খাচী দুৰ্বৃত্তই । প্ৰাণৰ মমতাত মেঘালয় এৰিছে অসমৰ বহু লোকে । এতিয়াও অসমৰ বহু লোক আবদ্ধ হৈ আছে শ্বিলঙৰ হোটেলত ।

ইফালে মঙলবাৰৰ পৰাই অসমৰ লোকসকলক মেঘালয়লৈ যোৱাৰ ক্ষেত্রত অসম আৰক্ষীয়ে বাধা প্ৰদান কৰিছে । যাৰ ফলত বহু লোকে মেঘালয়লৈ যাব পৰা নাই । কেৱল অসমৰ লোকেই নহয় দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ লোকো গুৱাহাটীত আবদ্ধ হৈ পৰিছে । আজি চতুৰ্থ দিনাও গুৱাহাটীৰ খানাপাৰা আৰু যোৰাবাটত মেঘালয় অভিমুখে যোৱা অসমৰ বাহন আৰু অসমৰ লোকসকলক ঘূৰাই পঠিওৱা হৈছে । ফলত বহু লোক আবদ্ধ হৈ পৰিছে ।

Meghalaya
সীমান্তৰ ঘটনাকলৈ অধিক অগ্নিগৰ্ভা হৈ পৰিছে মেঘালয়

ইফালে মেঘালয়লৈ যাবলগীয়া বহু লোকে গুৱাহাটীতে অৱস্থান কৰিবলগীয়া হৈছে । আনহাতে পৰিস্থিতি বিষম দেখি অসমৰ বহু লোক শ্বিলঙৰ পৰা উভতি আহিছে । অসমৰ পঞ্জীয়নকৃত বহু বাহন আবদ্ধ হৈ আছে শ্বিলঙত । বিশেষকৈ পৰ্যটকসহ অসমৰ বহু বাহন শ্বিলঙত আবদ্ধ হৈ আছে (People from Assam stranded in Shillong)। ইফালে শ্বিলঙত অসমৰ চালকক হাৰাশাস্তি কৰাৰো খবৰ পোৱা গৈছে ।

শ্বিলঙত হাৰাশাস্তিৰ সন্মুখীন হৈছে বহু কেব চালক আৰু পৰ্যটক । বহু পৰ্যটকে শংকাৰ মাজেৰে শ্বিলঙৰ পৰা গুৱাহাটীলৈ আহি তেওঁলোকৰ লগত হোৱা হাৰাশাস্তিৰ কথা বৰ্ণনা কৰিছে । জানিব পৰা মতে শ্বিলঙত এতিয়াও বহু পৰ্যটক আৰু অসমৰ বহু বাহন আৰু চালক আবদ্ধ হৈ আছে । প্ৰায় ডেৰশ-দুশ বাহন তাত আবদ্ধ হৈ আছে ।

শ্বিলঙৰ পৰা অহা একাংশ চালকে জনোৱা মতে বৰ্তমানলৈকে মেঘালয়ত অসমৰ বহুকেইখন বাহন জ্বলাই দিয়া হৈছে । বৰ্তমান শ্বিলঙত ভয় শংকাৰ মাজত আছে বহু পৰ্যটক । অসম-মেঘালয় সীমান্তৰ জিৰিকিণ্ডিঙৰ মুক্ৰ'ত আৰক্ষীৰ গুলীত ৫ জনকৈ খাচী দুর্বৃত্ত নিহত হোৱা ঘটনাই পাহাৰীয়া ৰাজ্যখনৰ পৰিৱেশ অধিক ভয়াৱহ কৰি তুলিছে । স্পর্শকাতৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি বৰাকতো মেঘালয়লৈ যোৱা বাহনত বাধা আৰোপ কৰিছে আৰক্ষীয়ে ।

এনে পৰিস্থিতিত অসম-মেঘালয় সীমান্তৰ দীঘৰখালত আবদ্ধ হৈ পৰিছে শ শ ট্রাক । বিগত চাৰিদিনত মেঘালয়ৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে । সীমান্তৰ ঘটনাৰ প্ৰতিবাদত বৃহস্পতিবাৰে সন্ধিয়া শ্বিলঙৰ ৰাজপথত ৫ টাকৈ সংগঠনে প্রতিবাদী সমদল বাহিৰ কৰিছে । শ্বিলঙৰ চিভিল হাস্পতালৰ সমীপত মমবাতি জ্বলাই প্রতিবাদ সাব্যস্ত কৰাৰ সময়তে একাংশ উগ্ৰ প্রতিবাদকাৰীয়ে ৰাজপথত এখন মিনি বাছত অগ্নিসংযোগ কৰি গ্লাছ ভাঙি দিয়াৰ লগতে এটা ট্রেফিক বুথ ভাঙি লণ্ড-ভণ্ড কৰি অগ্নিসংযোগ কৰে ।

আনকি উগ্র প্রতিবাদকাৰীসকলে আৰক্ষীলৈ লক্ষ্য কৰি পেট্ৰ'ল বোমাও নিক্ষেপ কৰে । ফলত প্রতিবাদকাৰীক ছত্ৰভংগ দিয়াৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ আৰু ৰাবাৰ গুলী নিক্ষেপ কৰাত বহু লোক আঘাতপ্রাপ্ত হয় । এই ঘটনাৰ পাছতেই সমগ্র শ্বিলঙতে উত্তেজনাই বিৰাজ কৰিছে । প্রয়োজন সাপেক্ষে শ্বিলঙত কার্ফিউ ঘোষণা কৰিব বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে ।

ইফালে সীমান্তৰ ঘটনাৰ দিনাৰে পৰা শ্বিলঙৰ দোকান বজাৰ তথা কাৰ্যালয় সকলো অঘোষিত বন্ধ হৈ আছে । আনহাতে ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ বাবে ৭ খন জিলাৰ মোবাইল ইণ্টাৰনেট সেৱা আৰু ৪৮ ঘণ্টাৰ বাবে বন্ধ ৰখা হৈছে (Internet service closed in parts of Meghalaya)। অগ্নিগৰ্ভা মেঘালয়ত এতিয়া ইন্ধনৰ নাটনিয়ে দেখা দিছে । ইন্ধনৰ বাহনত আক্ৰমণ হোৱাৰ পাছতে বৃহস্পতিবাৰে অসম পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নে অসমৰ পৰা মেঘালয়লৈ ইন্ধন পৰিবহন বন্ধ কৰি দিছে । অৱশ্যে মেঘালয় চৰকাৰে অসমৰ পেট্ৰ'লিয়াম পৰিবহনকাৰীসকলক সুৰক্ষা প্ৰদানৰ আশ্বাস দিছে ।

ইফালে বৃহস্পতিবাৰে নিশা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি মুক্ৰ' কাণ্ড সন্দৰ্ভত অৱগত কৰে । তেওঁ সীমান্তত অসম আৰক্ষীৰ গুলীচালনাৰ ঘটনাৰ তদন্ত চি বি আইক দিয়াৰ বাবে অনুৰোধ জনায় । লক্ষণীয় বিষয় যে অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাইয়ো ঘটনাৰ চি বি আই তদন্ত বিচাৰিছে ।

লগতে পঢ়ক :Assam Meghalaya Border Firing: মেঘালয়ৰ ওচৰত শৰণাপন্ন হৈছে অসম চৰকাৰ: এতুৱা মুণ্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.