ETV Bharat / bharat

JK Police and 23 RR Army joint search operation: বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ

author img

By

Published : Oct 23, 2022, 2:20 PM IST

গোপন তথ্যৰ ভিত্তিত জম্মু কাশ্মীৰ আৰক্ষী আৰু 23 ৰাষ্ট্ৰীয় ৰাইফলচ সেনাই বনাঞ্চলত অভিযান চলায় আৰু সন্দেহযুক্ত আত্মগোপন স্থানসমূহত তালাচী চলায় অন্যান্য বস্তুৰ লগতে অস্ত্ৰ আৰু গোলাবাৰুদ জব্দ কৰে (joint search operation of JK Police and 23 RR Army)৷ নিৰাপত্তা বাহিনীয়ে সন্ধিয়া পৰ্যন্ত চলায় এই অভিযান ৷

security-forces-busted-hideout-in-ramban
JK Police and 23 RR Army joint search operation: বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ

নেশ্যনেল ডেস্ক,23 অক্টোবৰ: শনিবাৰে ৰামবন জিলাৰ বিস্তীৰ্ণ পাহাৰীয়া আৰু বনাঞ্চলযুক্ত অঞ্চলত জম্মু-কাশ্মীৰ আৰক্ষী আৰু 23 ৰাষ্ট্ৰীয় ৰাইফলচ সেনাই যৌথ অভিযান চলায়(joint search operation of JK Police and 23 RR Army) ৷ গোলাবাৰুদ মজুতকৰণ সন্দৰ্ভত নিৰ্ভৰযোগ্য উৎসৰ পৰা পোৱা তথ্যৰ পিছতেই নিৰাপত্তা বাহিনীয়ে এই অভিযান চলায়(Security Forces Busted Hideout in Ramban) ৷

নিৰাপত্তা বাহিনীয়ে সন্দেহযুক্ত উগ্ৰপন্থীৰ আত্মগোপন কৰিব পৰা সম্ভাব্য স্থানসমূহত গোলাবাৰুদ, বিস্ফোৰক আৰু আনুষংগিক সামগ্ৰীৰ এটা বিশাল কেচ উদ্ধাৰ কৰে অভিযানকালত( JK Police and 23 RR Army joint search operation in forest area and suspected hideout locations ) ।

উদ্ধাৰ হোৱা অস্ত্ৰ আৰু গোলাবাৰুদসমূহৰ ভিতৰত আছে Ak-৪৭ (৩১০ জাইঁ গুলী, অব্যৱহৃত), ৩০টা ৯ মিলিমিটাৰ গুলী(অব্যৱহৃত), এটা ৯ মিলিমিটাৰ মেগজিন, Ak-47 মেগজিন ৬ টা (অব্যৱহৃত), এটা গ্ৰেনেড, এটা টেপ ৰেকৰ্ডাৰ (অব্যৱহৃত), এন্টেনা থকা এটা হেণ্ডছেট (অব্যৱহৃত), দুখন কেছেট, তিনিটা বেটাৰী টাৰ্মিনেল, এটা নেগেটিভ ফটো-ফিল্ম (অব্যৱহৃত/ক্ষতিগ্ৰস্ত), পাঁচটা পেঞ্চিল চেল, এটা প্লাষ্টিক ৰখা পাত্ৰ, (অব্যৱহৃত/ক্ষতিগ্ৰস্ত), এটা পকেট ডায়েৰী, এটা কোপাৰ তাঁৰৰ এটা ৰোল (ক্ষতিগ্ৰস্ত), এখন ব্লেড আৰু এটা বেনেট ।

237/2022 u/s 7/25 Arms act আৰু Sec 4 Explosives Substances Act P/S Banihalৰ অধীনত পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰা হৈছে । জম্মু-কাশ্মীৰ আৰক্ষী আৰু 23 ৰাষ্ট্ৰীয় ৰাইফলচ সেনাই চলোৱা যুতীয়া অভিযানটো পি এছ আই ছুইট সিং, চক্ৰ পৰিদৰ্শক পি পি খাৰী, পৰিদৰ্শক ফাৰুক আহমেদ, বিশেষ অভিযানকাৰী দলটোৰ চক্ৰ পৰিদৰ্শক, পৰিদৰ্শক মহম্মদ আফজল ৱানী বাণিহালৰ ষ্টেচন হাউচ বিষয়া, উপ-অধীক্ষক নিছাৰ আহমেদ খোজা, বাণিহালৰ মহকুমা আৰক্ষী বিষয়া আৰু 23 ৰাষ্ট্ৰীয় ৰাইফলৰ মেজৰ মায়ংকৰ তত্বাৱধানত চলিছিল ৷ ৰামবনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আই পি এছ মোহিতা শৰ্মাৰ সামগ্ৰিক তত্বাৱধানত চলিছিল সমগ্ৰ অভিযানটো ৷

লগতে পঢ়ক: Naga militants demand money: অসমৰ ব্যৱসায়ীক ধনদাবী নগা উগ্ৰপন্থী সংগঠনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.