ETV Bharat / bharat

Tripura violence : তৃণমূল কংগ্ৰেছৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

author img

By

Published : Nov 23, 2021, 1:01 PM IST

Law and order situation in Tripura
তৃণমূল কংগ্ৰেছৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

মঙলবাৰে তৃণমূল কংগ্ৰেছে(Trinamool Congress) দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে(Supreme Court) । ত্ৰিপুৰাত আইন-শৃংখলা পৰিস্থিতি অৱনতি ঘটাৰ অভিযোগ তুলি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তৃণমূল কংগ্ৰেছ । ইয়াৰ পূৰ্বে ত্ৰিপুৰাত যিকোনো ৰাজনৈতিক দলে যাতে আইন অনুসৰি শান্তিপূৰ্ণভাৱে ৰাজনৈতিক প্ৰচাৰৰ চলোৱাৰ অধিকাৰত বাধাৰ সৃষ্টি নহয়, সেয়া নিশ্চিত কৰিবলৈ উচ্চতম ন্যায়ালয়ে ত্ৰিপুৰা আৰক্ষীক নিৰ্দেশ দিছিল ।

নেশ্যনেল ডেস্ক, ২৩ নৱেম্বৰ : ত্ৰিপুৰাত বিৰোধী ৰাজনৈতিক দলে বাৰে বাৰে হিংসাত্মক ঘটনাৰ বলি হোৱাৰ পাচত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিল তৃণমূল কংগ্ৰেছে (Trinamool Congress approached Supreme Court) । দলটোৱে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন আবেদনত উল্লেখ কৰা হৈছে যে, পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰাৰ আইন-শৃংখলা পৰিস্থিতি(Law and order situation in Tripura) দিনক দিনে অৱনতি ঘটি আহিছে ।

মঙলবাৰে এই আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে । এই অৱমাননা আবেদনখনৰ শুনানি গ্ৰহণ কৰিবলৈ সোমবাৰে উচ্চতম ন্যায়ালয়ে (SC admits TMC contempt petition) সন্মতি প্ৰকাশ কৰিছিল । শান্তিপূৰ্ণভাৱে প্ৰচাৰ অভিযান চলোৱাৰ ক্ষেত্ৰত কোনো ৰাজনৈতিক দলে যাতে বাধাৰ সন্মুখীন নহয়, সেয়া নিশ্চিত কৰিবলৈ ত্ৰিপুৰা আৰক্ষী(Tripura Police)ক ন্যায়ালয়ে নিৰ্দেশ দিছিল ।

আগৰতলা পৌৰ নিগমৰ লগতে আন ১২ খন পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে হিংসাত্মক ঘটনা বৃদ্ধি পোৱাৰ বাবে ৰাজ্যখনত অশান্ত পৰিস্থিতি বিৰাজ কৰিছে । তৃণমূল কংগ্ৰেছে(Trinamool Congress) পূৰ্বে অভিযোগ উত্থাপন কৰিছিল যে, দেওবাৰে আগৰতলাৰ ভগৱান ঠাকুৰ চৌমুনি অঞ্চলত তৃণমূল কংগ্ৰেছৰ ত্ৰিপুৰা গোটৰ পৰিচালনা সমিতিৰ মুৰব্বী সুবল ভৌমিক(Subal Bhowmik residence attacked)ৰ বাসগৃহত আক্ৰমণ চলোৱা হয় আৰু এই ঘটনাত কেইবাজনো লোক আহত হয় ।

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী প্ৰতিমা ভৌমিকে(Union Minister Pratima Bhoumik) সোমবাৰে অভিযোগ তোলে যে, ৰাজ্যখনৰ পৰিৱেশ অস্থিৰ কৰি তুলিবলৈ পশ্চিমবংগৰ পৰা তৃণমূল কংগ্ৰেছে এক হাজাৰৰো অধিক লোকক ত্ৰিপুৰালৈ আনিছে । তেওঁ লগতে পশ্চিমবংগত বিজেপি কৰ্মীয়ে ভূগি অহা সমস্যাৰ বিষয়ে উল্লেখ কৰি কয় যে, পশ্চিমবংগত তৃণমূল কংগ্ৰেছ পুনৰ শাসনলৈ অহাৰ পিছত বিজেপিৰ কৰ্মকৰ্তাসকলে অনিশ্চয়তাত দিন অতিবাহিত কৰিবলগীয়া হৈছে । তেওঁ অভিযোগ উত্থাপন কৰে যে, ৰাজ্যখনত বিধানসভা নিৰ্বাচন শেষ হোৱাৰ পিছত লাখ লাখ লোক নিজ বাসগৃহলৈ উভতি আহিব পৰা নাই ।

তৃণমূল কংগ্ৰেছৰ লোকে বিজেপি(BJP)ৰ বহুকেইগৰাকী মহিলা সমৰ্থকৰ শালীনতা হানিৰ চেষ্টা কৰিছিল বুলিও তেওঁ গুৰুতৰ অভিযোগ তোলে । ভৌমিকে লগতে অভিযোগ তোলে যে, প্ৰশান্ত কিশোৰ নেতৃত্বাধীন আইপিএচি(IPAC)য়ে ৰাজ্যখনৰ জনসাধাৰণৰ স্বাৰ্থৰ বিৰোধী ভুৱা আৰু মনে সজা তথ্য আৰু ভিডিঅ' প্ৰচাৰ কৰিছে । ত্ৰিপুৰাত বিজেপি আৰু তৃণমূলৰ মাজত বিবাদ অব্যাহত আছে । শাসকীয় দলক প্ৰত্যাহ্বান জনাই নিজৰ স্থিতি সবল কৰাৰ চেষ্টা চলাইছে তৃণমূল কংগ্ৰেছে । ত্ৰিপুৰা আৰক্ষীৰ বৰ্বৰতাৰ অভিযোগ তুলি সোমবাৰে তৃণমূল কংগ্ৰেছৰ সাংসদৰ এটা প্ৰতিনিধি দলে দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে ।

সোমবাৰে ডেৰেক অ'ব্ৰাইন, সুখেন্দু শেখৰ ৰয়, শান্তনু সেন আৰু মালা ৰয়কে ধৰি তৃণমূল কংগ্ৰেছৰ মুঠ ১৬ জন সাংসদ দিল্লীৰ দলীয় কাৰ্যালয়ত উপস্থিত হয় আৰু ত্ৰিপুৰা আৰক্ষীৰ দমন নীতিৰ বিৰোধিতাৰে গৃহ মন্ত্ৰালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ প্ৰধান মমতা বেনাৰ্জী(West Bengal CM Mamata Banerjee) সোমবাৰে দিল্লীত উপস্থিত হয় । দিল্লীলৈ যোৱাৰ আগতে তেওঁ কয় যে, দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰি থকা সাংসদসকলক তেওঁ সমৰ্থন জনাব । উল্লেখ্য যে, ২৫ নৱেম্বৰত ত্ৰিপুৰাত পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু নিৰ্বাচনৰ পূৰ্বে এতিয়া ৰাজনৈতিক দলৰ বিবাদ ক্ৰমান্বয়ে বৃদ্ধি পাইছে ।

লগতে পঢ়ক: তৃণমূলৰ কৰ্মী, সাংবাদিকক আক্ৰমণ কৰিবলৈ নিৰ্দেশ দিছিল নেকি বিপ্লব কুমাৰ দেৱে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.