ETV Bharat / bharat

BJP কৰ্মীৰ হত্যাৰ আবেদনৰ শুনানিৰ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ

author img

By

Published : Jun 19, 2021, 9:42 PM IST

Updated : Jun 20, 2021, 10:17 AM IST

পশ্চিমবংগত ২ মে'ত ভোটগণনা সম্পৰ্কীয় হিংসাত্মক ঘটনাত নিহত হোৱা দুজন বিজেপি কৰ্মীৰ আত্মীয়ৰ দ্বাৰা দাখিল কৰা আবেদনৰ শুনানিৰ পৰা আঁতৰি থাকে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী ৷ উক্ত আবেদনযোগে আদালতৰ দ্বাৰা নিৰীক্ষণ কৰা তদন্ত আৰু গোচৰ চিবিআই(CBI) বা বিশেষ তদন্তকাৰী দল(SIT) লৈ স্থানান্তৰ কৰিবলৈ দাবী জনোৱা হৈছিল ।

SC judge recuses from hearing plea by kin of two BJP workers killed in WB in poll related violence
BJP কৰ্মীৰ হত্যাৰ আবেদনৰ শুনানিৰ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

নেচনেল ডেস্ক, 19 জুন : উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ইন্দিৰা বেনাৰ্জীয়ে শুকুৰবাৰে পশ্চিমবংগত ২ মে'ত ভোটগণনা সম্পৰ্কীয় হিংসাত্মক ঘটনাত নিহত হোৱা দুজন বিজেপি কৰ্মীৰ আত্মীয়ৰ দ্বাৰা দাখিল কৰা আবেদনৰ শুনানিৰ পৰা আঁতৰি থাকে ৷ উক্ত আবেদনযোগে আদালতৰ দ্বাৰা নিৰীক্ষণ কৰা তদন্ত আৰু গোচৰ চিবিআই বা বিশেষ তদন্তকাৰী দল(SIT) লৈ স্থানান্তৰ কৰিবলৈ দাবী জনোৱা হৈছিল । বিষয়টো গ্ৰহণ কৰাৰ লগে লগে ন্যায়াধীশ ইন্দিৰা বেনাৰ্জীয়ে কয় যে, "এই বিষয়টোৰ শুনানিৰ ক্ষেত্ৰত মোৰ কিছু অসুবিধা হৈছে, সেয়ে এই বিষয়টো আন এখন বিচাৰপীঠৰ সন্মুখত তালিকাভুক্ত কৰিব দিয়ক" ৷

ন্যায়াধীশ এম আৰ শ্বাহক লৈ গঠিত অৱকাশকালীন বিচাৰপীঠে নিৰ্দেশ দিছিল যে, "বিষয়টো আন এখন বিচাৰপীঠৰ সন্মুখত তালিকাভুক্ত কৰক, য'ত ন্যায়াধীশ বেনাৰ্জী অংশ নহয়" ৷ শীৰ্ষ আদালতে ১৮ মে'ত বিষয়টোৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হৈছিল ৷ লগতে বিশ্বজিৎ সৰকাৰৰ দ্বাৰা দাখিল কৰা আবেদনৰ ওপৰত কেন্দ্ৰ আৰু পশ্চিমবংগ চৰকাৰৰ পৰা সঁহাৰি বিচাৰিছিল ৷

তেওঁলোকে দাবী কৰিছিল যে, এইটো এটা অতি গুৰুতৰ ঘটনা ৷ ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ দিনা সংঘটিত বিজেপিৰ দুজন কৰ্মীৰ নিৰ্মম হত্যাকাণ্ডৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ তেওঁলোকে কয় যে, বিষয়টোক আদালতৰ তত্বাৱধানত চিবিআই বা এছআইটি(SIT) ৰ দৰে সংস্থাৰ দ্বাৰা তদন্তৰ প্ৰয়োজন ৷ কিয়নো ৰাজ্যিক আৰক্ষীয়ে অভিযোগ দাখিল কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ।

অধিবক্তা শৰদ কুমাৰ সিংহানিয়াই দাখিল কৰা আবেদনত অভিযোগ কৰা হৈছে যে, অভিজিৎ সৰকাৰক ২ মে'ত সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ ২০ জন সমৰ্থকৰ দ্বাৰা হত্যা কৰা হৈছিল । ইয়াত কোৱা হৈছে যে, একাংশ লোক বিশ্বজিৎ সৰকাৰৰ ঘৰত প্ৰৱেশ কৰিছিল ৷ লগতে জ্যেষ্ঠ ভাতৃ (অভিজিৎ)ক টানি নি তেওঁৰ মাতৃ আৰু পৰিয়ালৰ আন সদস্যসকলৰ সন্মুখত হত্যা কৰিছিল ।

আবেদনকাৰী বিশ্বজিৎ সৰকাৰৰ মতে, উৎপীড়নৰ বলি হোৱা তেওঁৰ মাতৃ এই ভয়ংকৰ হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী ৷ এগৰাকী আবেদনকাৰী হৰণ অধিকাৰীৰ পত্নী স্বৰ্ণলতা অধিকাৰীৰ মতে, তেওঁৰ স্বামী তথা সোণাৰপুৰ দক্ষিণ বিধানসভাৰ 199 নং বুথৰ স্থানীয় বুথকৰ্মী হৰণ অধিকাৰীক তেওঁৰ ঘৰত ইটা, লাঠী আৰু অন্য অস্ত্ৰৰে আক্ৰমণ কৰা হৈছিল ৷ তেওঁৰ ৮০ বছৰীয়া দেউতাকৰ সন্মুখত নিৰ্মমভাৱে হত্যা কৰা হৈছিল ৷ আবেদনখনত উল্লেখ কৰা অনুসৰি, ন্যায়ালয়ে ৰাজ্যৰ প্ৰশাসনৰ বিফলতা পৰীক্ষা কৰিব লাগে, যিয়ে ৰাজ্যখনৰ শাসকীয় ৰাজনৈতিক দলৰ এই প্ৰতিশোধমূলক আচৰণৰ পক্ষপাত কৰি উক্ত ঘটনাৰ ভুক্তভোগীসকলক সহায় কৰাৰ সলনি চকু মুদিছে ৷

আবেদনত অভিযোগ উত্থাপন কৰি কোৱা হৈছে যে, ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি সক্ৰিয় মিত্ৰতা, জ্ঞান, সমৰ্থন আৰু কেতিয়াবা স্থানীয় আৰক্ষীৰ সহযোগিতাৰে এনে ধৰণৰ সু-পৰিকল্পিত আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে । আবেদনৰ জৰিয়তে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ পিছত সংঘটিত ঘটনা আৰু আক্ৰমণৰ পৰা উদ্ভৱ হোৱা অপৰাধমূলক গোচৰৰ তদন্ত, বিচাৰ আৰু অগ্ৰগতি নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়াৰ দাবী জনোৱা হৈছে ৷

লগতে পঢ়ক: ৬-৮ সপ্তাহৰ ভিতৰত দেশত কৰ'ণাৰ তৃতীয় ঢৌ অহাৰ সম্ভাৱনা

Last Updated : Jun 20, 2021, 10:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.