ETV Bharat / bharat

Jayalalitha death inquiry: জয়াললিতাৰ মৃত্যুৰ তদন্তকাৰী আয়োগৰ প্ৰতিবেদন নস্যাৎ শশীকলাৰ

author img

By

Published : Oct 19, 2022, 8:43 AM IST

Jayalalitha death inquiry
জয়াললিতাৰ মৃত্যুৰ তদন্তকাৰী আয়োগৰ প্ৰতিবেদন নস্যাৎ শশীকলাৰ

অৰুমুগাস্বামী আয়োগে জয়াললিতাৰ মৃত্যুৰ তদন্ত(Jayalalithaa death case) কৰি দাখিল কৰা প্ৰতিবেদনত শশীকলাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নস্যাৎ কৰিলে এআইএডিএমকেৰ বহিষ্কৃত নেত্ৰীগৰাকীয়ে ৷ অৱশ্যে এই তদন্তৰ সন্মুখীন হ'বলৈ সাজু থকাৰ কথা উল্লেখ কৰে শশীকলাই ৷

নেশ্যনেল ডেস্ক, ১৮ অক্টোবৰ : তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতাৰ মৃত্যুৰ তদন্ত প্ৰতিবেদন মঙলবাৰে অৰুমুগাস্বামী আয়োগে দাখিল কৰে (Arumughaswamy Commission report) ৷ এই তদন্ত প্ৰতিবেদন দাখিলৰ পাছতেই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আয়োগে দাবী কৰা মতে সঠিক চিকিৎসা প্ৰদান কৰিলে জয়াললিতাৰ জীৱন ৰক্ষা কৰিব পৰা হ’লহেঁতেন(Jayalalithaa death case) ।

Jayalalitha death inquiry
এআইএডিএমকেৰ বহিষ্কৃত নেত্ৰী শশীকলা

অৰুমুগাস্বামী আয়োগে জয়ললিতাৰ ব্যক্তিগত চিকিৎসক কে এছ শিৱকুমাৰ, তদানীন্তন স্বাস্থ্য সচিব ৰাধাকৃষ্ণণ আৰু স্বাস্থ্যমন্ত্ৰী চি বিজয়ভাকৰ লগতে শশীকলাৰ বিৰুদ্ধে তদন্তৰ আহ্বান জনায় ৷ তদন্ত সমিতিৰ প্ৰতিবেদন মঙলবাৰে ৰাজ্যিক বিধানসভাতো উত্থাপন কৰা হৈছিল । অৰুমুগাস্বামী আয়োগৰ এই প্ৰতিবেদনৰ পাছতেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এআইএডিএমকেৰ বহিষ্কৃত নেত্ৰী শশীকলাই(AIADMK leader Sasikala) ৷ শশীকলাই অৰুমুগাস্বামী আয়োগৰ প্ৰতিবেদনত তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ নস্যাৎ কৰে ৷

এআইএডিএমকেৰ বহিষ্কৃত নেত্ৰী শশীকলাই জে জয়ললিতাৰ চিকিৎসাত তেওঁ কোনোদিনে হস্তক্ষেপ কৰা নাছিল বুলি উল্লেখ কৰি তেওঁ এই তদন্তৰ সন্মুখীন হ'বলৈ সাজু থকাৰ কথা জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, ২০১৬ চনৰ ডিচেম্বৰত জয়ললিতাৰ মৃত্যুৰ পিছত, তেওঁৰ মৃত্যুৰ কাৰণ আৰু চিকিৎসালয়ত ভৰ্তি হোৱাৰ সময়ত তেওঁক প্ৰদান কৰা চিকিৎসা প্ৰক্ৰিয়াক লৈ বিতৰ্কৰ সৃষ্টি হয়(Former CM Jayalalitha death mystery) । তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অ' পান্নাৰচেলভামে জয়ললিতাৰ মৃত্যুৰ তদন্ত কৰাৰ বাবে আহ্বান জনায় ৷

ইয়াৰ ফলত জে জয়ললিতাৰ মৃত্যুৰ তদন্তৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অৰুমুগাস্বামীৰ একক সদস্য আয়োগখন গঠন কৰা হৈছিল । অৰুমুগাস্বামী আয়োগে ২০১৭ চনৰ নৱেম্বৰত জয়ললিতাৰ ঘনিষ্ঠ সহায়ক আৰু চিকিৎসা প্ৰদান কৰা চিকিৎসকসকলৰ শুনানিৰ সৈতে ইয়াৰ তদন্ত আৰম্ভ কৰে ৷ আয়োগে প্ৰায় ১৫৯ জনৰ সাক্ষ্য গ্ৰহণ কৰিছিল আৰু তামিলত তেওঁৰ ৬০৮ পৃষ্ঠাৰ চূড়ান্ত প্ৰতিবেদন আৰু ইংৰাজীত ৫০০ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰে ।

তেতিয়াৰ তামিলনাডুৰ স্বাস্থ্যমন্ত্ৰী বিজয়ভাকৰ, স্বাস্থ্যসচিব ৰাধাকৃষ্ণন, বিত্তমন্ত্ৰী আৰু এআইএডিএমকেৰ জ্যেষ্ঠ নেতা অ' পান্নাৰচেলভামৰো সাক্ষ্য গ্ৰহণ কৰে অৰুমুগাস্বামী আয়োগে ৷ আয়োগে ইয়াৰ পূৰ্বে আগষ্ট মাহত তদন্তৰ প্ৰতিবেদন সচিবালয়ত তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনৰ(Tamil Nadu CM M K Stalin) ওচৰত দাখিল কৰিছিল ।

লগতে পঢ়ক: Jayalalitha death inquiry : জয়াললিতাৰ মৃত্যুৰ তদন্তকাৰী আয়োগৰ প্ৰতিবেদন প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.