ETV Bharat / bharat

ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত সুস্মিতা দেৱ : মমতাক প্ৰশংসা

author img

By

Published : Sep 28, 2021, 8:38 AM IST

Sushmita Dev after getting elected unopposed to Rajya Sabha
ৰাজ্যসভালৈ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত সুস্মিতা দেৱ: মমতাক প্ৰশংসা

ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱ ৷ বিধানসভা অধ্যক্ষৰ পৰা বিজয়ৰ প্ৰমাণপত্ৰ ল’বলৈ সোমবাৰে প্ৰথমবাৰলৈ পশ্চিমবংগৰ বিধানসভাত উপস্থিত হয় তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকী ৷

নেশ্যনেল ডেস্ক, 28 ছেপ্টেম্বৰ : তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী সুস্মিতা দেৱ সোমবাৰে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হয় । তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে আন কোনো ৰাজনৈতিক দলে প্ৰতিদ্বন্দ্বী প্ৰদান কৰা নাছিল ৷ যাৰ বাবে ৰিটাৰ্ণিং বিষয়াই সকলো দিশ নিৰীক্ষণ কৰাৰ পাছত সুস্মিতা দেৱক বিনা প্ৰতিদ্বন্দ্বিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ লগতে বিজয়ীৰ প্ৰমাণপত্ৰ প্ৰদান কৰে ৷

অসম কংগ্ৰেছৰ প্ৰাক্তন সাংসদগৰাকীয়ে পশ্চিমবংগ বিধানসভাত উপস্থিত হোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁক প্ৰদান কৰা দায়িত্বৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে ৷ লগতে প্ৰদান কৰা দায়িত্ব সূচাৰুৰূপে পালন কৰিবলৈ চেষ্টা কৰিব বুলি উল্লেখ কৰে ।

  • Thank my leader @mamataofficial for giving me the opportunity to be a member of the Rajya Sabha from Bengal.

    It’s an honour for me,I believe I am the first from Assam/North East to be in RS from Bengal.

    I will continue to work for the people & their greater interest. pic.twitter.com/om1ZLngBgq

    — Sushmita Dev সুস্মিতা দেব (@SushmitaDevAITC) September 27, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ লগতে কয় যে, পশ্চিমবংগ মোৰ দ্বিতীয় ঘৰ । প্ৰথমবাৰৰ বাবে মই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছো আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাবে ই সম্ভৱপৰ হৈছে ৷

সুস্মিতা দেৱে মমতা বেনাৰ্জীক বৰ্তমান সমগ্ৰ দেশৰ একমাত্ৰ বিৰোধী বুলি উল্লেখ কৰে । সাংসদগৰাকীয়ে লগতে মমতা বেনাৰ্জীয়ে অনাগত দিনত বিজেপি শাসনৰ পৰা দেশক মুক্ত কৰিবলৈ আন্দোলনৰ নেতৃত্ব দিব বুলি জানিবলৈ দিয়ে ।

তেওঁ আৰু কয় যে, পশ্চিমবংগৰ পৰা নিৰ্বাচিত হোৱাৰ পিছত মই কেতিয়াও ভবা নাছিলো যে অসমৰ পৰা মোৰ ৰাজনৈতিক জীৱন আগুৱাই নিব পাৰিম । সংসদৰ ভিতৰত মই বংগ আৰু সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰ বাবে থিয় দিম ৷ মই কৃষক, ক্ষুদ্ৰ ব্যৱসায়ী আৰু শ্ৰমিক শ্ৰেণীৰ বাবে মাত মাতি যাম ৷

লগতে পঢ়ক : আনুষ্ঠানিকভাৱে ৰাজ্যসভালৈ নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.