ETV Bharat / bharat

ভাৰতীয় বজাৰত পূৰ্বে ব্যৱহৃত ম'বাইলৰ বিক্ৰী বৃদ্ধি

author img

By

Published : Jun 18, 2021, 2:02 PM IST

Sale of pre owned smartphone has increased in Indian market
ভাৰতীয় বজাৰত বৃদ্ধি পাইছে পূৰ্বে ব্যৱহাৰ কৰা মোবাইলৰ বিক্ৰী

ৰি-কমাৰ্চ বজাৰ প্ৰতিষ্ঠান কেছিফাই (Cashify)ৰ তথ্য অনুসৰি, ভাৰতীয় বজাৰত পূৰ্বে ব্যৱহাৰ কৰা ম'বাইলৰ বিক্ৰী বৃদ্ধি পাইছে । ক'ভিড-১৯ (COVID-19) মহামাৰীৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিয়ে মানুহক কামৰ বাবে, ঘৰুৱা ব্যৱহাৰৰ বাবে অথবা শিক্ষা সম্পৰ্কীয় কাৰণত পূৰ্বে ব্যৱহাৰ কৰা ম'বাইল ফোন ক্ৰয় কৰিবলৈ বাধ্য কৰাইছে । দেশৰ প্ৰায় ৪ হাজাৰ লোকক লৈ কৰা জৰীপৰ অন্তত কেছিফা(Cashify)এ এই প্ৰতিবেদন প্ৰস্তুত কৰিছে ।

নেশ্যনেল ডেস্ক, ১৮ জুন : ক'ভিড-১৯(COVID-19) মহামাৰীয়ে মানুহৰ দৈনন্দিন জীৱনত যথেষ্ট প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । সমান্তৰালকৈ বজাৰতো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হৈছে । শেহতীয়াকৈ ৰি-কমাৰ্চ বজাৰ প্ৰতিষ্ঠান কেছিফাই(Cashify)এ দেশৰ প্ৰায় ৪ হাজাৰ লোকক লৈ কৰা জৰীপৰ অন্তত প্ৰস্তুত কৰা এক প্ৰতিবেদন অনুসৰি, ভাৰতীয় বজাৰত পূৰ্বে ব্যৱহাৰ কৰা ম'বাইলৰ বিক্ৰী বৃদ্ধি পাইছে ।

ন'-কষ্ট ই এম আই(No-cost EMI), ৰিপ্লেচমেণ্ট ৱাৰেণ্টি(Replacement warranty) আৰু যোগাযোগবিহীন ডেলিভাৰী আদি গেজেট ক্ৰয়ৰ ক্ষেত্ৰত শীৰ্ষ চৰ্ত হিচাপে চিনাক্ত কৰা হৈছিল । প্ৰায় ৫০ শতাংশ লোকে কম মূল্য পৰিশোধ কৰিবলগীয়া হোৱা বাবে সম্পূৰ্ণ নতুন গেজেটৰ পৰিৱৰ্তে পূৰ্বে ব্যৱহাৰ কৰা গেজেট ক্ৰয় কৰিছে । সৰ্বাধিক বিক্ৰী হোৱা স্মাৰ্টফোন ব্ৰেণ্ডৰ তালিকাৰ শীৰ্ষত আছে Xiaomi ব্ৰেণ্ড । তাৰ পাচতে আছে এপল আৰু ছেমচাং আদি ।

পূৰ্বে ব্যৱহাৰ কৰা স্মাৰ্টফোন সৰ্বাধিক বিক্ৰী কৰা শীৰ্ষ চাৰিখন চহৰ হৈছে দিল্লী(23 শতাংশ), মুম্বাই (13 শতাংশ), বেংগালুৰু (11 শতাংশ) আৰু হায়দৰাবাদ (7 শতাংশ) । লগতে, কেছিফাই(Cashify)ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, ২০২০ চনত 80 শতাংশ পুৰুষে নিজৰ স্মাৰ্টফোন বিক্ৰী কৰাৰ বিপৰীতে মাত্ৰ ২০ শতাংশ মহিলাই নিজৰ স্মাৰ্টফোন বিক্ৰী কৰিছিল । পূৰ্বে ব্যৱহাৰ কৰা স্মাৰ্টফোনৰ ভিতৰত বজাৰত বেছি চাহিদা আছিল ৱানপ্লাছৰ আৰু ৱানপ্লাছৰ ৮৬ শতাংশ ।

এই তালিকাত ৮৫ শতাংশৰে দ্বিতীয় স্থানত আছে শ্বাওমি(Xiaomi), ছেমচাঙৰ চাহিদা ৮২ শতাংশ আৰু অপ্প'ৰ ৮০ শতাংশ । কেছিফাই(Cashify)ৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক নকুল কুমাৰে এক বিবৃতিত উল্লেখ কৰিছে যে, বিগত বছৰত লকডাউনৰ বাবে ঘৰতে আৱদ্ধ হৈ থকাৰ সময়ত কাম, অধ্যয়ন আৰু বজাৰ আদি সকলোৰে বাবে মানুহে ডিজিটেল মাধ্যমৰ ওপৰত ভৰসা কৰিবলগীয়া হৈছিল । তেওঁ লগতে কয় যে, প্ৰতিষ্ঠানটোৱে ২০২০ চনত সমগ্ৰ ভাৰতত ১০টাৰো অধিক কেছিফাই ষ্ট'ৰ মুকলি কৰিছিল ।

লগতে পঢ়ক:ৰাজকোষৰ ধন অবৈধ আহৰণ: অভিযুক্ত ত্ৰিপুৰাৰ প্ৰাক্তন ডিজিপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.