ETV Bharat / bharat

Sharad Pawar death threatening : শৰদ পাৱাৰক হত্যাৰ ভাবুকি দিয়া যুৱকজন হিন্দুত্ববাদী সংগঠনৰ নেতা

author img

By

Published : Jun 12, 2023, 5:54 PM IST

শৰদ পাৱাৰক সামাজিক মাধ্যমৰ জৰিয়তে হত্যাৰ ভাবুকি দিয়া যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । সাগৰ বাৰ্ভে নামৰ যুৱকজন এটা হিন্দুত্ববাদী সংগঠনৰ সৈতে জড়িত । আৰক্ষীৰ মতে তেওঁ এজন ফাৰ্মাচিষ্ট ।

Sharad Pawar death threatening
শৰদ পাৱাৰক হত্যাৰ ভাবুকি দিয়া যুৱকজন হিন্দুত্ববাদী সংগঠনৰ নেতা

নেশ্যনেল ডেস্ক,১২ জুন : মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এনচিপিৰ মুৰব্বী শৰদ পাৱাৰক হত্যাৰ ভাবুকি প্ৰদান কৰা যুৱকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । জানিব পৰা মতে অভিযুক্তজনৰ নাম সাগৰ বাৰ্ভে । মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই দেওবাৰে ৩৪ বছৰীয়া বাৰ্ভেক গ্ৰেপ্তাৰ কৰিছে । বাৰ্ভেক আদালতত হাজিৰ কৰোৱা হৈছে আৰু ১৩ জুনলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে ।

লক্ষণীয়ভাৱে সাগৰ বাৰ্ভে এগৰাকী হিন্দুত্ববাদী সংগঠনৰ সৈতে জড়িত । যোৱা দুবছৰ ধৰি পুনেৰ কোথ্ৰুডৰ বৎসল্য পুৰম সমবায় গৃহত তেওঁ পিতৃৰ সৈতে বাস কৰি আছে । চ'ছাইটীৰ সভাপতিৰ মতে সাগৰ দুবছৰ ধৰি তাত বাস কৰি আছে আৰু তেওঁ হিন্দুত্ববাদী সংগঠনৰ সৈতে জড়িত । ইফালে আৰক্ষীয়ে জনোৱা মতে সাগৰ এজন ফাৰ্মাচিষ্ট ।

উল্লেখ্য যে এনচিপিৰ সভাপতি শৰদ পাৱাৰক টুইটাৰ আৰু ফেচবুকত হত্যাৰ ভাবুকি দিয়া হৈছে । অভিযুক্তই শৰদ পাৱাৰৰ অৱস্থা নৰেন্দ্ৰ দাভোলকাৰৰ দৰে কৰাৰ ভাবুকি দিছিল । মহাৰাষ্ট্ৰ অন্ধবিশ্বাস নিৰ্মূল সমিতিৰ সভাপতি নৰেন্দ্ৰ দাভোলকাৰক ২০১৩ চনত পুনেত হত্যা কৰা হৈছিল ।

এগৰাকী এনচিপি কৰ্মীয়েও শুকুৰবাৰে পুনেৰ লোকমান্য তিলক মাৰ্গ আৰক্ষী থানাত ফেচবুকৰ ভাবুকি সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছিল । অনুসন্ধানৰ সময়ত, আৰক্ষীয়ে আইপি ঠিকনা বিচাৰি উলিয়াইছিল যাৰ পৰা ভাবুকিপূৰ্ণ পোষ্টটো আপলোড কৰা হৈছিল । অনুসন্ধানৰ পাছত, অপৰাধ শাখাই জানিব পাৰিলে যে ভাবুকি দিয়া ব্যক্তিজন হৈছে সাগৰ বাৰ্ভে ।

শৰদ পাৱাৰৰ কন্যা তথা সাংসদ সুপ্ৰিয়া চুলেই ফেচবুক আৰু টুইটাৰত শৰদ পাৱাৰক হত্যাৰ ভাবুকি দিয়াক লৈ মুম্বাই আৰক্ষী আয়ুক্তৰ ওচৰত এটা অভিযোগ দাখিল কৰিছিল । ইয়াৰ পূৰ্বেও, অমৰাৱতীৰ সৌৰভ পিম্পালকাৰ নামৰ এজন যুৱকৰ বিৰুদ্ধে একেটা গোচৰ দিয়া হৈছিল । যিয়ে টুইটাৰত পাৱাৰক ভাবুকি দিছিল ।

গুৰুত্বপূৰ্ণ কথাটো হ'ল যে সাগৰ বাৰ্ভে হিন্দুত্ববাদী সংগঠনৰ সৈতে জড়িত থকাৰ কথাটো পোহৰলৈ অহাৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এনচিপিৰ বহু নেতাই দাবী কৰা মতে বাৰ্ভে বিজেপি দলৰ কৰ্মী । অৱশ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Sharad Pawar death threat case : শৰদ পাৱাৰ ভাবুকি গোচৰত এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.