ETV Bharat / bharat

National Icon: ভাৰতীয় নিৰ্বাচন আয়োগৰ "ৰাষ্ট্ৰীয় আইকন" হিচাবে শচীন তেণ্ডুলকাৰক নিযুক্তি

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 4:07 PM IST

ক্ৰিকেট আইকন শচীন তেণ্ডুলকাৰক নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় আইকন হিচাপে নিযুক্তি দিয়া হৈছে ৷ শচীন তেণ্ডুলকাৰে ভোটাৰসকলৰ মাজত ভোটদানৰ বিষয়ে সজাগতা সৃষ্টি কৰিব ৷

Sachin Tendulkar appointed 'National Icon' of Election Commission
ভাৰতীয় নিৰ্বাচন আয়োগৰ "ৰাষ্ট্ৰীয় আইকন" হিচাপে নিযুক্ত সচিন তেণ্ডুলকাৰক

নেশ্যনেল ডেস্ক, 23 আগষ্ট : সমাগত বিধানসভা নিৰ্বাচনৰ লগতে লোকসভা নিৰ্বাচন 2024 ৷ সেয়েহে দেশৰ যুৱ ভোটাৰৰসকলৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লগতে ভোটদানত অংশগ্ৰহণ কৰিবলৈ যুৱভোটাৰসকলক উৎসাহী কৰাৰ উদ্দেশ্যে ভাৰতীয় নিৰ্বাচনী আয়োগে বুধবাৰে ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক ৰাষ্ট্ৰীয় আইকন হিচাবে নিযুক্তি দিয়ে ৷

ভাৰতীয় নিৰ্বাচন আয়োগে চলিত বৰ্ষৰ অক্টোবৰ-নৱেম্বৰ মাহত দেশৰ পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচন আৰু 2024 চনত লোকসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৷ ইয়াৰ লগতে শচীন তেণ্ডুলকাৰ আৰু ভাৰতীয় নিৰ্বাচনী আয়োগৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়, যাক 'মাষ্টাৰ ব্লাষ্টাৰ' বুলি অভিহিত কৰা হয় ৷ এই তিনি বছৰীয়া চুক্তিৰ অধীনত তেণ্ডুলকাৰে ভোটাৰসকলৰ মাজত ভোটদানৰ বিষয়ে সজাগতাৰ সৃষ্টি কৰিব বুলি জানিব পৰা গৈছে ৷

এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি তেণ্ডুলকাৰে কয় যে, ভাৰত হৈছে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ৷ আমাৰ ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাটো আমাৰ মুখ্য দায়িত্ব ৷ তেওঁ তেওঁৰ এই দ্বিতীয় ইনিংছত ভাৰতৰ হৈ বেটিং অব্যাহত ৰাখিব ৷

নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেয়ে কয় যে, ভোটাৰসকলক ওলাই আহি ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে উৎসাহিত কৰিবলৈ নিৰ্বাচন আয়োগে যি "পিটচ"ৰ ওপৰত খেলে সেয়া অতিকৈ ‘‘কঠিন’’ ৷ তেওঁৰ আত্মবিশ্বাস যে শচীন তেণ্ডুলকাৰে এই পিটছতো সুন্দৰ প্ৰদৰ্শন কৰিব ৷

নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে কয় যে 2019 ৰ লোকসভা নিৰ্বাচনত সৰ্বাধিক 67 শতাংশ ভোটদান হৈছিল ৷ তেওঁ কয় যেে ভোটদানৰ শতাংশ বৃদ্ধি কৰিবলৈ আৰু ভোটাৰসকলক সজাগ কৰিব লাগিব ৷ ভোটাৰসকলৰ বাবে ভোটকেন্দ্ৰসমূহত সৰ্বশ্ৰেষ্ঠ সুবিধা প্ৰদান কৰা স্বত্বেও কিছুমান অঞ্চলত ভোটদানৰ হাৰ কম হৈছে ৷

নিৰ্বাচন আয়োগে নগৰ আৰু যুৱ ভোটাৰসকলৰ মাজত ভোটাৰৰ উদাসীনতাৰ ফলত কিছু চহৰত কম ভোটদানৰ এটা মুখ্য কাৰণ হিচাবে উল্লেখ কৰিছে ৷ ভোটাৰসকলক নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰাৰ লক্ষ্যৰে আয়োগে বিভিন্ন ক্ষেত্ৰৰ চেলিব্ৰিটিসকলক ইয়াৰ 'ৰাষ্ট্ৰীয় আইকন' হিচাপে নামাকৰণ কৰি আহিছে ৷

বিগত বৰ্ষত নিৰ্বাচনী আয়োগে অভিনেতা পংকজ ত্ৰিপাঠীক "ৰাষ্ট্ৰীয় আইকন" হিচাপে স্বীকৃতি দিছিল ৷ ইয়াৰ পূৰ্বে, 2019 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত এম এছ ধোনী, আমিৰ খান আৰু মেৰী কমৰ দৰে তাৰকা তথা খেলুৱৈসকল নিৰ্বাচন আয়োগৰ ‘ৰাষ্ট্ৰীয় আইকন’ হিচাবে নিযুক্তি প্ৰদান কৰা হৈছিল ৷

লগতে পঢ়ক: CAPF units to Manipur: মণিপুৰত মোতায়েন কৰা হ’ব 20-22 টাকৈ CAPF ৰ গোট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.