ETV Bharat / bharat

আটকাধীন আই এছ সন্ত্ৰাসবাদীক ভাৰতৰ হাতত গতাব পাৰে ৰাছিয়াই

author img

By

Published : Aug 22, 2022, 9:31 PM IST

IS
IS

ভাৰতৰ এজন অভিজাত লোকৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰা ইছলামিক ষ্টেট সন্ত্ৰাসবাদী গোটৰ আটকাধীন আত্মঘাতী বোমাৰুটোক ভাৰতক গটাব পাৰে ৰাছিয়াই ৷ ব্যক্তিজনে আত্মঘাতী বোমা বিস্ফোৰণৰ দ্বাৰা এজন অচিনাক্ত ভাৰতীয় ৰাজনৈতিক নেতাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল ।

নিউজ ডেস্ক, ২২ আগষ্ট : ইছলামিক ষ্টেট সন্ত্ৰাসবাদী গোটৰ এজন এজন আত্মঘাতী বোমাৰুক আটক এফএছবিৰ (FSB detained a suicide bomber of Islamic State) । সোমবাৰে এই কথা জনাইছে ৰাছিয়ান ফেডাৰেল ছিকিউৰিটী ছাৰ্ভিচে (Russian Federal Security Service) । লগতে কয় যে, উক্ত আত্মঘাতী বোমাৰুজনৰ নেতৃত্বত ভাৰতৰ এজন অভিজাত লোকৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল । ৰাছিয়াৰ সংবাদ সংস্থা স্পুটনিকৰ বাতৰিত এই কথা প্ৰকাশ (Russian news agency Sputnik reported) ।

আনহাতে, ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে মধ্য এছিয়া মূলৰ এই ব্যক্তিজনক এফএছবিয়ে কৰা সোধা-পোছাৰ বাবে অপেক্ষা কৰি আছে (Indian security agencies waiting for interrogation details) । উক্ত ব্যক্তিজনক ইছলামিক ষ্টেট (আইএছ)ৰ সদস্য বুলি বিশ্বাস কৰা হৈছে । উল্লেখ্য, ব্যক্তিজনে আত্মঘাতী বোমা বিস্ফোৰণৰ দ্বাৰা এজন অচিনাক্ত ভাৰতীয় ৰাজনৈতিক নেতাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল । সুৰক্ষা সূত্ৰই ইটিভি ভাৰতক এই কথা জনাইছে । বৰ্তমানলৈকে সম্পূৰ্ণ তথ্য হাতত পৰা নাই । আনহাতে, কোনগৰাকী ভাৰতীয় নেতাক আক্ৰমণৰ লক্ষ্য হিচাবে গ্ৰহণ কৰিছিল তেওঁৰ পৰিচয়ৰ বিষয়েও কোনো কথা প্ৰকাশ হোৱা নাই বুলি সূত্ৰটোৱে কয় ।

ৰাছিয়াৰ সংবাদ সংস্থাসমূহে জনোৱা অনুসৰি, সন্ত্ৰাসবাদৰ কোনো সীমা নাই বুলি পুনৰবাৰ ৰাছিয়ান ফেডাৰেল ছিকিউৰিটী ছাৰ্ভিচে (FSB) প্ৰমাণ কৰিছে । আনহাতে, কেজিবিৰ গোপন সেৱাৰ এক উল্লেখযোগ্য সফতা হিচাবে আটক কৰা ভয়ংকৰ সন্ত্ৰাসবাদীটোক ইতিমধ্যে নিজৰ জিম্মাত লৈছে (Secret service KGB taken custody of IS terrorist) ।

"ফেডাৰেল ছিকিউৰিটী ছাৰ্ভিচে ৰাছিয়াত নিষিদ্ধ (ৰাছিয়ান ফেডাৰেচনৰ দ্বাৰা) ইছলামিক ষ্টেট আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনৰ এজন সদস্যক চিনাক্ত আৰু গ্ৰেপ্তাৰ কৰিছে । বন্দীজন মধ্য এছিয়াৰ এখন দেশৰ বাসিন্দা । তেওঁ নিজকে বোমাৰে উৰুৱাই ভাৰতৰ শাসনাধিষ্ঠ দলৰ এজন সদস্যৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল ।" সংবাদ সংস্থাবোৰে এফএছবিৰ উদ্ধৃতি দি এই কথা প্ৰকাশ কৰিছে ।

উল্লেখ্য, ১৯৯৩ চনত কেজিবিক এফএছকে হিচাপে পুনৰ সংগঠিত কৰা হয় (KGB reorganized as FSK in 1993) । 1995 চনত এফএছকেৰ পৰা এফএছবি হয় (FSK became FSB in 1995) । এফএছবিৰ জনসম্পৰ্ক কেন্দ্ৰই সোমবাৰে এটা ভিডিঅ' মুকলি কৰে য'ত গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক স্বীকাৰ কৰা দেখা গৈছে যে তেওঁ ২০২২ চনৰ এপ্ৰিলত ইছলামিক ষ্টেট আমিৰৰ প্ৰতি আনুগত্যৰ শপত খাইছিল আৰু তুৰ্কীত বিশেষ প্ৰশিক্ষণ লৈছিল (FSB Center for Public Relations released video)। তাৰ পিছত তেওঁ ৰাছিয়ালৈ উৰা মাৰে আৰু তাৰ পৰাই তেওঁ ভাৰত ভ্ৰমণৰ কথা আছিল ।

ভিডিঅ'টোত ব্যক্তিজনে কোৱা দেখা গৈছে যে পয়গম্বৰ মহম্মাদক অপমান কৰাৰ (Indian leader insulted Prophet Muhammad) বাবে এজন ভাৰতীয় নেতাৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণ কৰিবলৈ তেওঁক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত কৰি ভাৰতলৈ প্ৰেৰণৰ কথা আছিল ।

এফএছবিয়ে জনাইছে যে মধ্য এছিয়ান লোকজনক এজন আই এছ নেতাই ২০২২ চনৰ এপ্ৰিল-জুন মাহত তুৰ্কীত আত্মঘাতী বোমাৰু হিচাপে নিযুক্তি দিছিল । "টেলিগ্ৰাম মেছেঞ্জাৰ একাউণ্টৰ জৰিয়তে আৰু ইস্তাম্বুলত এজন আই এছ প্ৰতিনিধিৰ সৈতে ব্যক্তিগত বৈঠকৰ সময়ত তেওঁৰ আদৰ্শগত শিক্ষা ৰিমটৰ দ্বাৰা পৰিচালনা কৰা হৈছিল ।" জনসম্পৰ্ক কেন্দ্ৰই এই কথা প্ৰকাশ কৰে ।

আনহাতে, চোৰাংচোৱা সংস্থাটোৱে এই খবৰক ব্যাপকভাৱে প্ৰচাৰ কৰাটোৱে এইটো সম্ভাৱনাৰ কথা প্ৰকট কৰিব পাৰে যে অনুৰোধৰ ভিত্তিত ৰাছিয়াই গ্ৰেপ্তাৰ কৰা লোকজনক ভাৰতীয় নিৰাপত্তা সংস্থাক হস্তান্তৰ কৰাৰ বাবে প্ৰস্তুত আছে । তেনে ক্ষেত্ৰত এনে পদক্ষেপ ৰাছিয়াৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব, কিয়নো ব্যক্তিজনে ভাৰতৰ মাটিত কোনো অপৰাধ কৰা নাই ।

এনে পদক্ষেপে ভাৰতীয় স্বাৰ্থৰ প্ৰতি ৰাছিয়াৰ প্ৰতিশ্ৰুতিক যথেষ্ট পৰিমাণে উচ্চ স্তৰলৈ লৈ যাব (underline Russian commitment to Indian interests) । যিটো আমেৰিকা যুক্তৰাজ্য আৰু ব্ৰিটেইনৰ মুখত বোকা ছটিওৱাৰ দৰে হ'ব । কিয়নো ভাৰতৰ বাবে বহু গুৰুত্বপূৰ্ণ ব্যক্তি দেশ দুখনত নিৰ্বিঘ্নে মুকলিভাৱে ঘূৰা-ফুৰা কৰি আছে, যিসকল অপৰাধী আৰু সন্ত্ৰাসবাদী । আনহাতে, ৰাছিয়াৰ এই পদক্ষেপক ১৯৯৮ চনৰ পৰা ভাৰত আৰু ৰাছিয়াৰ মাজত বিদ্যমান প্ৰত্যাৰ্পণ চুক্তিক সমৰ্থন কৰাটো বুজাব (extradition treaty between India and Russia) ।

লগতে পঢ়ক : ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ষড়যন্ত্ৰ ৰচা আই এছ সন্ত্ৰাসবাদীক ৰাছিয়াত আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.