ETV Bharat / bharat

ভাৰতত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ ষড়যন্ত্ৰ ৰচা আই এছ সন্ত্ৰাসবাদীক ৰাছিয়াত আটক

author img

By

Published : Aug 22, 2022, 6:12 PM IST

Updated : Aug 22, 2022, 6:27 PM IST

Islamic State
Islamic State

ৰাছিয়াৰ এফএছবিয়ে ইছলামিক ষ্টেট সন্ত্ৰাসবাদী সংগঠনৰ এজন সদস্যক চিনাক্ত কৰি আটক কৰে (Russia detains suicide bomber plotting terrorist attack in india) ৷ যিয়ে ভাৰতৰ শাসকীয় দলৰ এজন প্ৰতিনিধিক আত্মঘাতী বোমাৰে উৰুৱাই দি সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল ।

নিউজ ডেস্ক, ২২ আগষ্ট : ইছলামিক ষ্টেট সন্ত্ৰাসবাদী গোটৰ এজন এজন আত্মঘাতী বোমাৰুক আটক এফএছবিৰ (FSB detained a suicide bomber of Islamic State) । সোমবাৰে এই কথা জনাইছে ৰাছিয়ান ফেডাৰেল ছিকিউৰিটী ছাৰ্ভিচে (Russian Federal Security Service) । লগতে কয় যে, উক্ত আত্মঘাতী বোমাৰুজনৰ নেতৃত্বত ভাৰতৰ এজন অভিজাত লোকৰ বিৰুদ্ধে সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল । ৰাছিয়াৰ সংবাদ সংস্থা স্পুটনিকৰ বাতৰিত এই কথা প্ৰকাশ (Russian news agency Sputnik reported) ।

বিবৃতিটোত এফএছবি কৰ্তৃপক্ষই কয়, "ৰাছিয়াৰ এফএছবিয়ে মধ্য এছিয়া অঞ্চলৰ এখন দেশৰ বাসিন্দা ৰাছিয়াত নিষিদ্ধ কৰা ইছলামিক ষ্টেট আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী সংগঠনৰ (Islamic State international terrorist organization banned in Russia) এজন সদস্যক চিনাক্ত কৰি আটক কৰে । উক্ত সন্ত্ৰাসবাদীজনে ভাৰতৰ শাসকীয় দলৰ এজন প্ৰতিনিধিৰ বিৰুদ্ধে নিজকে বোমাৰে উৰুৱাই দি সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল (IS suicide bomber commit terrorist act against Indian leader)।"

বিবৃতিটোত লগতে কোৱা হৈছে যে, আটক কৰা সন্ত্ৰাসবাদীটোক এজন আই এছ নেতাই তুৰস্কত আত্মঘাতী বোমাৰু হিচাপে নিয়োগ কৰিছিল (IS leaders recruit suicide bomber in Turkey) । এই বিষয়ত এতিয়াও অনুসন্ধান চলি আছে আৰু এই সন্দৰ্ভত অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে । উল্লেখ্য, ইছলামিক ষ্টেট আৰু ইয়াৰ সকলো কাৰ্যকলাপক ইতিমধ্যে সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰা হৈছে আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন, 1967-ৰ প্ৰথম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে (Government of India) ।

আনহাতে, গৃহ মন্ত্ৰণালয়ৰ মতে, (Home Ministry of India) আই এছে ইয়াৰ আদৰ্শ প্ৰচাৰ কৰিবলৈ বিভিন্ন ইণ্টাৰনেট-আধাৰিত ছ'চিয়েল মিডিয়া প্লেটফৰ্ম (internet based social media platform) ব্যৱহাৰ কৰি আছে । সংশ্লিষ্ট সংস্থাসমূহৰ দ্বাৰা এই ক্ষেত্ৰত চাইবাৰ স্পেচৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণ কৰা হৈছে আৰু আইন অনুসৰি ব্যৱস্থা লোৱা হৈছে ।

লগতে পঢ়ক : গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ দাক্ষিণাত্যৰ জনপ্ৰিয় তাৰকা কনিষ্ঠ এন টি আৰৰ

Last Updated :Aug 22, 2022, 6:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.