ETV Bharat / bharat

ছিকিমত 3,640 মিটাৰ উচ্চতাত দেখা গ’ল ৰয়েল বেংগল টাইগাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 6:31 PM IST

পূব ছিকিমৰ ট্ৰাই জংচনত ৰয়েল বেংগল টাইগাৰৰ অৱস্থিতি স্থিৰ কৰিছে বোম্বে নেচাৰেল হিষ্ট্ৰী ছচা’ইটিয়ে ৷ 3,640 মিটাৰ উচ্চতাত দেখা গৈছে ৰয়েল বেংগল টাইগাৰ ৷

Royal Bengal Tiger Spotted in Sikkim
সৰ্বোচ্চ উচ্চতাত ৰয়েল বেংগল টাইগাৰৰ অৱস্থিতি

তেজপুৰ, 8 নৱেম্বৰ : পূব ছিকিমৰ ট্ৰাই জংচনত ছিকিম-পশ্চিম বংগ-ভূটানৰ সীমাত ৰয়েল বেংগল টাইগাৰৰ অৱস্থিতি স্থিৰ কৰিছে বোম্বে নেচাৰেল হিষ্ট্ৰী ছচা’ইটি চমুকৈ বিএনএইচএছে (Bombay Natural History Society) ৷ ছিকিমৰ 3,640 মিটাৰ (1,942 ফুট) উচ্চতাত ৰয়েল বেংগল টাইগাৰ দেখা গৈছে, যিটো দেশৰ ভিতৰতে বাঘৰ উপস্থিতি সৰ্বোচ্চ উচ্চতাৰ এক অভিলেখ ৷ বিএনএইচএছ (BNHS) এ এই বিষয়ে 'এক্স'ত (টুইটাৰ) প্ৰকাশ কৰিছে ৷

  • BNHS scientists @athrvasingh and @ItsHimadri conducted a camera trap survey and recorded the highest-ever presence of our national animal Tiger at 3640 m asl.

    BNHS in partnership with Sikkim State Forest Department continues to monitor and conserve the sensitive habitats with… pic.twitter.com/k6u3uncwoM

    — Bombay Natural History Society (@BNHSIndia) December 6, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ছিকিমৰ পাংগোলাখা বন্যপ্ৰাণী অভয়াৰণ্যত বম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটিৰ বিজ্ঞানী, গৱেষক আৰু ক্ষেত্ৰ সহায়ক দলৰ কেমেৰা ট্ৰেপ অভিযানৰ সময়ত বাঘটো কেমেৰাত আবদ্ধ হৈ পৰে বুলি জানিব পৰা গৈছে ৷ বাঘৰ উপস্থিতিৰ ক্ষেত্ৰত বৰ্তমানৰ এই অভিলেখ পূৰ্বে 2018 চনত অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকাত 3,630 মিটাৰ উচ্চতাত সৰ্বোচ্চ স্থানত আছিল ৷ চুবুৰীয়া দেশ ভূটানে 4,400 ৰো সৰ্বোচ্চ উচ্চতাত বাঘ দেখাৰ বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ৷

পাংগোলাখা বন্যপ্ৰাণী অভয়াৰণ্যত বাঘ দেখা পোৱাৰ এয়া প্ৰথম ঘটনা নহয় ৷ 2019 চনত ছিকিমৰ ৰাজ্যিক বন বিভাগে প্ৰথমবাৰৰ বাবে 6 ডিচেম্বৰত 9,853 ফুট উচ্চতাত ঘূৰি ফুৰা এটা ৰয়েল বেংগল টাইগাৰ কেমেৰাত বন্দী কৰিছিল ৷ 128 বৰ্গ কিলোমিটাৰ এলেকাৰে আগুৰি থকা পাংগোলাখা বন্যপ্ৰাণী অভয়াৰণ্যখন ছিকিমৰ সৰ্ববৃহৎ বন্যপ্ৰাণী অভয়াৰণ্য ৷ ভূটানৰ বনাঞ্চল আৰু পশ্চিম বংগৰ নিওৰা উপত্যকা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে ইয়াৰ সম্পৰ্ক আছে ৷

ৰেড পাণ্ডা, স্নো লিয়পাৰ্ড, হিমালয়ান ক’লা ভালুক আদি কেইবাটাও প্ৰজাতিৰ বাসস্থান বুলি জনাজাত এই অভয়াৰণ্য ৷ জানিব পৰা মতে অতি উচ্চতাত বন বিভাগৰ লগত যৌথভাবে চলোৱা এই অভিযানত ৰয়েল বেংগল টাইগাৰ অৱস্থিতি পোৱাটো এক সু-খবৰ ৷ কাৰণ এই ট্ৰাই - জংচনৰ পৰা বাঘে তিনিটা স্থানলৈ অহা-যোৱাৰ পথ নিশ্চিত হৈছে ৷ বহু সময়ত ভূটানৰ পৰাও অৰুণাচল প্ৰদেশৰ পশ্চিম দিশে বাঘৰ উপৰিও স্তন্যপায়ী জন্তুৰ অৱস্থিতি পোৱা গৈছে ৷ কিছুদিন পূৰ্বে পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙৰ এটা অঞ্চলত এটা বৃহৎ আকাৰৰ প্ৰজাতিৰ বিচৰণ দেখা গৈছিল ৷

লগতে পঢ়ক : অষ্ট্ৰেলিয়াৰ সংসদত উত্তৰকাশী সুৰংগ উদ্ধাৰকাৰ্যৰ আলোচনা; আৰ্নল্ড ডিক্সক প্ৰশংসা অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.