ETV Bharat / bharat

Tripura By-election: যুৱ কৰ্মীক হিংসাত্মক কাৰ্যকলাপত লিপ্ত নহ'বলৈ নিৰ্দেশ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jun 1, 2022, 9:02 PM IST

সমাগত ত্ৰিপুৰা বিধানসভা উপ-নিৰ্বাচন (Tripura By-election) ৷ উপ-নিৰ্বাচনৰ পূৰ্বে যুৱ কৰ্মীসকলক হিংসাত্মক কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ আহ্বান ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহাৰ (Tripura CM Manik Saha warns youth workers) ৷

Img_tripura_Agartala_BJP_BJYM_tr10002
যুৱ কৰ্মীসকলক হিংসাত্মক কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ আহ্বান ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ

ত্ৰিপুৰা, 1 জুন : সমাগত ত্ৰিপুৰা বিধানসভা উপ-নিৰ্বাচন (Tripura By-election) ৷ নিৰ্বাচনৰ পূৰ্বে যুৱ কৰ্মীসকলক হিংসাত্মক কাৰ্যকলাপৰ পৰা বিৰত থাকিবলৈ আহ্বান ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড৹ মানিক সাহাৰ (Tripura CM Manik Saha warns youth workers) ৷ ত্ৰিপুৰাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিযুক্ত হোৱাৰ পিছত ড৹ মানিক সাহাই ভাৰতীয় জনতা যুৱ মৰ্চাৰ (বিজেৱাইএম) নেতাসকলৰ লগতে কৰ্মীসকলক উপ-নিৰ্বাচনৰ সময়ত কোনো ধৰণৰ হিংসাত লিপ্ত নহ'বলৈ নিৰ্দেশ দি কঠোৰ সতৰ্কবাণী প্ৰদান কৰিছে (Tripura CM Manik Saha has asked workers to avoid violence)।

ড৹ সাহাই বুধবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত কৰ্মীসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ মুখ্যমন্ত্ৰী হোৱাৰ পিছত ড৹ সাহাৰ এইখন প্ৰথম বৈঠক । এই বৈঠকৰ মূল আলোচ্য বিষয় ত্ৰিপুৰাৰ উপ-নিৰ্বাচন । দলটোৱে এই নিৰ্বাচনত কেনেদৰে জয়ী হ'ব পাৰে সেই সন্দৰ্ভতো এই বৈঠকত আলোচনা কৰা হয় ৷ এইসমূহৰ উপৰিও ড৹ সাহাই সাংগঠনিক বিষয়বোৰৰ সন্দৰ্ভতো আলোচনাত মিলিত হয় ৷ পূৰ্বতে দলটোত হোৱা কিছু ভুল বুজাবুজিৰ বাবে যুৱ মৰ্চাৰ বহুতো সদস্যই দলত্যাগ কৰিছিল ৷

সম্প্ৰতি মুখ্যমন্ত্ৰীগৰাকীয়ে আগন্তুক উপ-নিৰ্বাচনৰ পূৰ্বে যুৱক-যুৱতীসকলক দললৈ ঘূৰাই অনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অনাগত দিনবোৰত আমাৰ দলটোক আমি কেনেদৰে শক্তিশালী কৰিব পাৰো এই বিষয়ে গুৰুত্ব আৰোপ কৰা উচিত ৷

লগতে মুখ্যমন্ত্ৰীয়ে সকলো যুৱ কৰ্মীক ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ সকলো আঁচনিৰ ওপৰত গুৰুত্ব দিবলৈ নিৰ্দেশ দিয়ে ৷ এই বৈঠকত প্ৰদেশ বিজেপিৰ সাধাৰণ সম্পাদক টিংকু ৰয়, কিশোৰ বৰ্মন, ভাৰতীয় জনতা যুৱ মৰ্চা ত্ৰিপুৰা ৰাজ্যিক সমিতিৰ সভাপতি নবাদল বনিক আৰু অন্যান্য কৰ্মীসকল উপস্থিত থাকে ৷

যুৱ মৰ্চাৰ ৰাজ্যিক সমিতিৰ সভাপতি নবাদল বানিকে সংবাদমাধ্যমৰ আগত কয় যে আজিৰ বৈঠকৰ মূল উদ্দেশ্য হৈছে আগন্তুক নিৰ্বাচনৰ বাবে ৰণনীতি নিৰ্ধাৰণ কৰা । আজিৰ বৈঠকত সংগঠনটোৰ পূৰ্বৰ কামৰ পৰ্যালোচনা কৰাৰ লগতে ভৱিষ্যতৰ কাৰ্য পৰিকল্পনাৰ বিষয়েও আলোচনা কৰা হৈছে বুলি তেওঁ কয় ।

লগতে পঢ়ক: Tripura' new CM Manik Saha likely to contest from Town Bordowali constituency

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.