ETV Bharat / bharat

ত্ৰিপুৰাৰ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিক অপসাৰণ

author img

By

Published : Aug 24, 2022, 2:20 PM IST

Remove Tripura TMC state president
ত্ৰিপুৰাৰ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিক অপসাৰণ

ত্ৰিপুৰাৰ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি সুবল ভৌমিকক পদৰ পৰা অপসাৰণ কৰা হৈছে(Remove Tripura TMC state president)।ৰাজীব বেনাৰ্জী আৰু ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱক(MP Sushmita Dev)নতুন ৰাজ্যিক সভাপতি নিযুক্তি নোহোৱালৈকে দায়িত্ব অৰ্পণ ।

আগৰতলা, ২৪ আগষ্ট: অখিল ভাৰতীয় তৃণমূল কংগ্ৰেছৰ (All India Trinamool Congress)ত্ৰিপুৰাৰ ৰাজ্যিক সভাপতি সুবল ভৌমিকক পদৰ পৰা অপসাৰণ কৰা হৈছে(Subal Bhowmik removed from president of Tripura)। এক দলীয় সূত্ৰই সদৰি কৰি কয় যে, ভৌমিকক ত্ৰিপুৰা প্ৰদেশৰ ৰাজ্যিক সভাপতৰ দায়িত্বৰ পৰা তাৎক্ষণিক ভাৱে অব্যাহতি দিয়া হৈছে ৷ অৱশ্য়ে ৰাজ্যিক সমিতিৰ লগতে ৰাজ্যিক যুৱ সমিতি, ৰাজ্যিক মহিলা সমিতি, অনুসূচীত জাতি কোষ আৰু অনুসূচীত জনজাতি কোষৰ আন সকলো সদস্যৰ ক্ষমতা অব্যাহত থাকিব বুলি দলীয় সূত্ৰটেৱে উল্লেখ কৰিছে ।

টিএমচিৰ এক বিবৃতিত পুনৰ উল্লেখ কৰা মতে, ৰাজ্যিক ভাৰপ্ৰাপ্ত বিষয়া ৰাজীব বেনাৰ্জী(State in Charge Rajib Banerjee)আৰু ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে(MP Sushmita Dev) নতুন ৰাজ্যিক সভাপতি নিযুক্তি নোহোৱালৈকে দলটোৰ কাম-কাজ চোৱাচিতা কৰিব।

বিগত কেইবাদিন ধৰি ভৌমিকক পদৰ পৰা অপসাৰণ কৰাৰ বিষয়ে দলৰ মাজত চৰ্চা হৈ আছিল। ভৌমিকে দল সলনি কৰিবলৈ বিজেপি আৰু কংগ্ৰেছ দুয়োৰে সৈতে যোগাযোগ কৰি আছে বুলিও ৰাজনৈতিক মহলত গুণাগঠা চলিছে।অৱশ্যে তেওঁৰ কংগ্ৰেছত যোগদানকৰাৰ সম্ভাৱনা কঠিন হ'ব । কিয়নো ভৌমিক আৰু বিজেপিৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ বিধায়ক সুদীপ ৰয় বৰ্মনৰ(Congress MLA Sudip Roy Barman)মাজত দীৰ্ঘদিনৰ পৰা বিবাদ চলি আছে ।

আনহাতে,সংবাদ মাধ্যমে ভৌমিকৰ বিজেপি বা কংগ্ৰেছত যোগদানৰ বিষয়ে এই বাতৰি প্ৰকাশ কৰিছে যদিও তেওঁৰ এতিয়াও কোনো প্ৰতিক্ৰিয়া কৰা নাই । কিন্তু বিজেপিৰ এক সূত্ৰই সদৰি কৰা মতে, নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে ভৌমিকে পুনৰ বিজেপিলৈ ঘূৰি আহিবলৈ চেষ্টা কৰি আছে । ইপিনে, সাতবাৰ ৰাজনৈতিক দল সলনি কৰা ভৌমিকে টিএমচিত যোগদান কৰাৰ পিছত দলটোৰ প্ৰতিটো কামতে সক্ৰিয় আছিল । অৱশ্যে হঠাতে তেওঁ দলৰ সকলো কাৰ্যকলাপ উপেক্ষা কৰিবলৈ আৰম্ভ কৰাৰ পিছতেই ৰাজ্যিক সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে দলৰ শীৰ্ষ নেতৃত্বই ।

লগতে পঢ়ক:ত্ৰিপুৰাৰ পৰা বাংলাদেশলৈ বিমান সেৱাৰ সেউজ সংকেত ত্ৰিপুৰা কেবিনেটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.