ETV Bharat / bharat

Ramoji Film City celebrates Women’s Day: নাৰী দিৱস উপলক্ষে ৰামোজী ফিল্ম চিটীত বিশেষ অফাৰ

author img

By

Published : Feb 28, 2023, 10:40 PM IST

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ চহৰ হিচাপে খ্যাত ৰামোজী ফিল্ম চিটীয়ে মহিলাৰ বাবে আগবঢ়াইছে বিশেষ অফাৰ (Ramoji Film City celebrates Women’s Day)৷ পঢ়ক আমাৰ এই প্ৰতিবেদন...

ramoji-film-city-womens-day-special-offer
নাৰী দিৱস উপলক্ষে ৰামোজী ফিল্ম চিটীত মহিলাৰ বাবে বিশেষ অফাৰ

নেশ্যনেল ডেস্ক, 28 ফেব্ৰুৱাৰী: আপুনি ৰামোজী ফিল্ম চিটী চোৱাৰ পৰিকল্পনা কৰিছে নেকি ? তেনেহ’লে এতিয়া আৰু পলম নকৰিব ৷ বিশ্বজুৰি ৮ মাৰ্চত উদযাপন হ’বলগীয়া আন্তৰ্জাতিক নাৰী দিৱস ২০২৩ৰ উপলক্ষে ৰামোজী ফিল্ম চিটীয়ে মহিলাৰ বাবে লৈ আহিছে বিশেষ অফাৰ (Ramoji Film City celebrates Women’s Day)৷

ramoji-film-city-womens-day-special-offer
নাৰী দিৱস উপলক্ষে ৰামোজী ফিল্ম চিটীত মহিলাৰ বাবে বিশেষ অফাৰ

বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ চহৰ হিচাপে খ্যাত ৰামোজী ফিল্ম চিটীয়ে (Ramoji Film City) "নাৰী মাহ বিশেষ" (Women’s Month Special) শীৰ্ষক এক অনুষ্ঠানৰ অধীনত 1 মাৰ্চৰ পৰা 31 মাৰ্চলৈকে নাৰীসকলৰ বাবে বিশেষ অফাৰৰ ব্যৱস্থা কৰিছে (unique one month special offer) ৷ এই অফাৰ অনুসৰি ৰামোজী চাবলৈ অহা এগৰাকী মহিলা পৰ্যটকৰ সৈতে অন্য এগৰাকী মহিলা পৰ্যটকে বিনামূলীয়াকৈ ফিল্ম চিটী পৰিদৰ্শন কৰিব পাৰিব (Ramoji Film City offer) ৷ ৰামোজী ফিল্ম চিটীৰ প্ৰৱেশ টিকটৰ বাবে কেৱল এগৰাকী মহিলাই মূল্য পৰিশোধ কৰিলেই হ’ব ৷

ৰামোজী ফিল্ম চিটীৰ মুখপাত্ৰগৰাকীয়ে ইটিভিক এই সন্দৰ্ভত কয় যে, প্ৰতিদিনে নাৰীসকলে নিজৰ সপোন, ইচ্ছা, আকাংক্ষাসমূহ পূৰণ কৰিবলৈ বিভিন্ন চৰিত্ৰ পালন কৰিবলগীয়া হয়, সেইবাবে নাৰীসকলৰ এই বিচিত্ৰ ৰূপ তথা আমাৰ জীৱনত নাৰীৰ ভূমিকাক উৎসাহ জগোৱাৰ লগতে সলাগ লোৱাৰ উদ্দেশ্যে ৰামোজী ফিল্ম চিটীৰ ফালৰ এই বিশেষ পদক্ষেপ লোৱা হৈছে (Ramoji Film City ticket ) ৷

ৰামোজী ফিল্ম চিটিৰ এই ৰোমাঞ্চকৰ অভিজ্ঞতাৰ অংশ হিচাপে গ্ৰেণ্ড ফিল্মি ছেট, আটক ধুনীয়াকৈ সজোৱা বাগিচা, ফাউণ্টেইনৰ লগতে বিভিন্ন জনপ্ৰিয় ছবিৰ দৃশ্যগ্ৰহণৰ ছেটৰ লগতে ষ্টুডিঅ’সমূহত দিনটো উদযাপন কৰিব পাৰিব ৷ আমাৰ পৰ্যটকসকলে মনোমোহা বাৰ্ড পাৰ্ক, বাটাৰফ্লাই পাৰ্ক আৰু বনচাই গাৰ্ডেন পৰিদৰ্শন কৰি মনোমোহা শান্ত পৰিৱেশত বিনোদনৰ সমখিনি পাৰ কৰিব পাৰিব ৷ ইয়াৰোপৰি পৰ্যটকসকলে ৰামোজী এডভেঞ্চাৰ @Sahas দুঃসাহসিক কাৰ্যকলাপৰ ৰোমাঞ্চকৰ অভিজ্ঞতাও লাভ কৰিব পাৰিব ৷

কেৱল দৰ্শনাৰ্থীৰ বাবেই নহয়, ৰামোজী ফিল্ম চিটীক চলচ্চিত্ৰ নিৰ্মাতাসকলৰ স্বৰ্গ বুলি কোৱা হয় । ২০ একৰ মাটিত বিস্তাৰিত ৰামোজী ফিল্ম চিটীয়ে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা বিশ্বৰ সৰ্ববৃহৎ চলচ্চিত্ৰ চহৰ হিচাপে স্বীকৃতি লাভ কৰিছে ৷ প্ৰতি বছৰে প্ৰায় 200 খনতকৈ অধিক চলচ্চিত্ৰ নিৰ্মাণকাৰী গোটে ৰামোজী ফিল্ম চিটীলৈ দৃশ্যগ্ৰহণৰ বাবে আহে ৷ ভাৰতৰ প্ৰায় সকলো ভাষাৰ 2500 তকৈও অধিক চলচ্চিত্ৰৰ ৰামোজী ফিল্ম চিটীত দৃশ্যগ্ৰহণ কৰা হৈছে ৷

সেইবাবে আপুনি যদি আপোনাৰ মহিলা সহকৰ্মীৰ সৈতে অথবা বান্ধৱীৰ সৈতে নাৰী দিৱস পালন কৰিব বিচাৰিছে তেনেহ’লে আপোনাৰ বাবে উপযুক্ত অৱসৰ বিনোদনৰ স্থান হৈছে ৰামোজী ফিল্ম চিটী ৷ এই বিশেষ অফাৰটো কেৱল মহিলাসকলৰ বাবে ৷ ইয়াৰোপৰি এই অফাৰ কেৱল অনলাইন আৰু অগ্ৰিম বুকিঙৰ জৰিয়তেহে বৈধ। অধিক তথ্যৰ বাবে, পৰ্যটকসকলে www.ramojifilmcity.com লগ ইন কৰিব পাৰে বা 1800 120 2999 নম্বৰত যোগাযোগ কৰিব পাৰে ৷

লগতে পঢ়ক: DGCA helicopter pilgrimage operation circular: হেলিকপ্টাৰ তীৰ্থযাত্ৰা অভিযানৰ বাবে নতুন নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.