ETV Bharat / bharat

ৰামোজী ফিল্ম চিটিলৈ ৰাজ্যিক পৰ্যটনৰ দুটাকৈ বঁটা প্ৰদান

author img

By

Published : Sep 28, 2021, 12:20 PM IST

Ramoji Film City bags two excellence awards in tourism
ৰামোজী ফিল্ম চিটীলৈ ৰাজ্যিক পৰ্যটনৰ দুটাকৈ বঁটা

তেলেংগানাৰ ৰামোজী ফিল্ম চিটিলৈ(Ramoji Film City) আগবঢ়োৱা হৈছে দুটাকৈ পৰ্যটন বঁটা । সোমবাৰে বেগমপেটস্থিত প্লাজা হোটেলত আয়োজিত বিশ্ব পৰ্যটন দিৱসৰ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় । 'Best Civic Management of a Tourist Destination' শাখাত এই বঁটা লাভ কৰে ৰামোজী ফিল্ম চিটিয়ে ।

নেশ্যনেল ডেস্ক, ২৮ ছেপ্টেম্বৰ : পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হিচাপে জনাজাত ৰামোজী ফিল্ম চিটিলৈ আগবঢ়োৱা হৈছে তেলেংগানাৰ ৰাজ্যিক পৰ্যটন বঁটা । 'Best Civic Management of a Tourist Destination' শাখাত এই বঁটা লাভ কৰে ৰামোজী ফিল্ম চিটিয়ে ।

আনহাতে, ফ’ৰ ষ্টাৰ হোটেল(২০২০) ৰ শাখাত শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰে ৰামোজী গ্ৰুপৰ অধীনষ্ঠ ডলফিন গ্ৰুপৰ দ্বাৰা পৰিচালিত হোটেল চিতাৰাই । সোমবাৰে বেগমপেটস্থিত প্লাজা হোটেলত আয়োজিত বিশ্ব পৰ্যটন দিৱসৰ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয় ।

পৰ্যটন, ক্ৰীড়া আৰু আবকাৰী মন্ত্ৰী ভি শ্ৰীনিবাস গৌড়ে এই বঁটা প্ৰদান কৰে । বিশ্ব পৰ্যটন দিৱস কেইবাটাও শিতানত বঁটা আগবঢ়োৱা হয় । এইবাৰ ৰামোজী ফিল্ম চিটিয়ে দুটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে । শ্ৰেষ্ঠ গ্ৰীণ হোটেলৰ শ্ৰেণীত তাৰামতী বাৰাদাৰীয়ে শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰে ।

Ramoji Film City bags two excellence awards in tourism
ৰামোজী ফিল্ম চিটিলৈ ৰাজ্যিক পৰ্যটনৰ দুটাকৈ বঁটা

দ্বিতীয় স্থানত থাকে তেলেংগানাৰ মুলুগু জিলাৰ ৰামাপ্পা মন্দিৰ চৌহদত থকা হৰিতা হোটেলে আৰু নিজামাবাদ জিলাৰ আলিসাগৰৰ হৰিতা লেক ভিউ ৰিজ’ৰ্টে তৃতীয় পুৰস্কাৰ লাভ কৰে । পৰ্যটন মন্ত্ৰী শ্ৰীনিবাস গৌড়ে কয় যে, তেলেংগানাত ২০ টাৰো অধিক ঐতিহাসিক স্থান আছে ৷ যিবোৰ স্থানক বিশ্ব পৰ্যটন মানচিত্ৰত অন্তৰ্ভুক্ত কৰিব পাৰি । বিশ্ব পৰ্যটন দিৱসৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, তেলেংগানাত দেশৰ আন আন পৰ্যটন ক্ষেত্ৰতকৈও অধিক সুন্দৰ ঠাই আছে ।

সোমবাৰে তেলেংগানা ৰাজ্য চৰকাৰে বেগমপেটৰ প্লাজা হোটেলত আড়ম্বৰপূৰ্ণভাৱে বিশ্ব পৰ্যটন দিৱসৰ অনুষ্ঠানৰ আয়োজন কৰে । এই অনুষ্ঠানত বঁটাপ্ৰাপক, ট্ৰেভেল এজেণ্ট আৰু হোটেল মেনেজমেণ্টৰ প্ৰতিনিধিসকল উপস্থিত থাকে ।

আনহাতে, ৰাজ্যখনৰ বিভিন্ন ঐতিহাসিক স্থানসমূহৰ বিষয়ে আলোকপাত কৰি প্ৰস্তুত কৰা ভিডিঅ'ৰ এখন চিডি এই অনুষ্ঠানতে মন্ত্ৰী শ্ৰীনিবাস গৌড় আৰু পৰ্যটন উন্নয়ন নিগমৰ উপ্পলা শ্ৰীনিবাসে যুটীয়াভাৱে মুকলি কৰে । ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে বিশেষ প্ৰচেষ্টা চলাই থকা বিভিন্ন সংগঠনক এই অনুষ্ঠানতে বঁটা প্ৰদান কৰি ভৱিষ্যতেও এনে কাম কৰি যোৱাৰ বাবে উৎসাহ যোগোৱা হয় ।

এই বঁটাসমূহ বিগত বৰ্ষত ক'ভিড মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তো ঘোষণা কৰা হৈছিল । এতিয়া বিশ্ব পৰ্যটন দিৱসত বঁটাবোৰ প্ৰদান কৰা হৈছে । পৰ্যটন মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, তেলেংগানা ৰাজ্যত বহুতো ঐতিহাসিক স্থান আছে । ৰাজ্য গঠনৰ পিছৰে পৰা চৰকাৰে এই ঐতিহাসিক স্থানসমূহলৈ পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে বিশেষ গুৰুত্ব সহকাৰে কাম কৰি আহিছে ।

তেওঁ লগতে কয় যে, পূৰ্বৰ তুলনাত তেলেংগানালৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে । ৰাজ্যখনৰ ৱাৰাংগল ৰামাপ্পা মন্দিৰো পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰস্থল । মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অধিক পৰ্যটকক আকৰ্ষিত কৰা কোম্পানীবোৰক চৰকাৰৰ তৰফৰ পৰা বিশেষ ৰেহাই দিয়া হ'ব ।

তেলেংগানা পৰ্যটন বিভাগৰ পৃষ্ঠপোষকতাত প্লাজা হোটেলত আয়োজিত অনুষ্ঠানত ৰামোজী গ্ৰুপ অৱ কোম্পানীয়ে দুটা পৰ্যটন বঁটা লাভ কৰিছে । কোম্পানীৰ প্ৰতিনিধিসকলে ২০২০ আৰু ২০২১ বৰ্ষৰ বাবে দুটাকৈ শ্ৰেষ্ঠত্বৰ বঁটা গ্ৰহণ কৰে । 'Best Civic Management of a Tourist Destination' শাখাত এক্সেলেন্স বঁটা লাভ কৰে ৰামোজী ফিল্ম চিটিয়ে ।

বঁটা গ্ৰহণ কৰি ৰামোজী ফিল্ম চিটিৰ প্ৰতিনিধিসকলে কয় যে, বিশ্ব পৰ্যটন দিৱসৰ লগতি সংগতি ৰাখি প্ৰদান কৰা এই বঁটা লাভ কৰি তেওঁলোক আনন্দিত হৈ পৰিছে ।

ৰামোজী ফিল্ম চিটিৰ উপ-সভাপতি কে ভেংকটৰত্নমে কয় যে, ক'ভিডৰ স্বাস্থ্য বিধি মানি ৰামোজী ফিল্ম চিটি চলিত বৰ্ষৰ ৮ অক্টোবৰৰ পৰা পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব । ইফালে, ডলফিন হোটেলৰ জেনেৰেল মেনেজাৰ টি আৰ এল ৰাৱে কয় যে, চিতাৰা হোটেলক বিশ্বমানৰ খোৱাৰ ব্যৱস্থা আৰু অতিথি শুশ্ৰূষাৰ সুবিধা প্ৰদান কৰাৰ বাবে সন্মানিত কৰা হৈছে ।

লগতে পঢ়ক: ক'ভিডৰ তৃতীয় ঢৌ : শিশু চিকিৎসকসকলক সাজু কৰিছে ত্ৰিপুৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.