ETV Bharat / bharat

ৰমনা ৰেড্ডী, তেলেংগানা ৰাজনীতিত আটাইতকৈ চৰ্চিত ব্যক্তি

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 2:42 PM IST

Ramana Reddy
তেলেংগানা ৰাজনীতিত আটাইতকৈ চৰ্চিত ব্যক্তি

বিজেপিৰ প্ৰাৰ্থী কাট্টিপল্লী ভেঙ্কট ৰমনা ৰেড্ডীয়ে কামাৰেড্ডী সমষ্টিত মুখ্যমন্ত্ৰী কেচিআৰ আৰু হ'বলগীয়া মুখ্যমন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰেৱন্ত ৰেড্ডীক পৰাস্ত কৰিছে ।

নেশ্যনেল ডেস্ক,৪ ডিচেম্বৰ : তেলেংগানা বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে এগৰাকী নেতা দেশজুৰি ব্যাপক চৰ্চাত আছে । তেওঁ তেলেংগানা ৰাজনীতিৰ দুগৰাকী বিশিষ্ট নেতাক পৰাস্ত কৰিবলৈ সক্ষম হৈছে, যিটো সহজ কথা নাছিল । কিন্তু বিজেপি প্ৰাৰ্থী কাট্টিপল্লী ভেঙ্কট ৰমনা ৰেড্ডীয়ে পিচিচি সভাপতি অনুমুলা ৰেৱন্ত ৰেড্ডী তথা হ'বলগীয়া মুখ্যমন্ত্ৰী আৰু বিআৰএছৰ সভাপতি তথা মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাওক কামাৰেড্ডী সমষ্টিত পৰাস্ত কৰিবলৈ সক্ষম হয় । যাৰ বাবে ৰমনা ৰেড্ডীৰ ওপৰত এতিয়া দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে। ৰমনা ৰেড্ডীয়ে কেচিআৰক ৬,৭৪১ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰিছে । য'ত ৰেৱন্ত ৰেড্ডী তৃতীয় স্থানতে সন্তুষ্ট থাকিবলগীয়া হয় ।

বিআৰএছ নেতা আৰু কৰ্মীসকলৰ মাজৰ সংঘৰ্ষক কেচিআৰৰ পৰাজয়ৰ অন্যতম কাৰণ বুলি বিবেচনা কৰা হৈছে । বহুতৰে মতে তেলেংগানাত নিৰ্বাচনী ব্যৱস্থাপনা সঠিকভাৱে চলা নাছিল। বিআৰএছৰ নেতাসকলে বিৰোধীসকলৰ প্ৰচাৰক কাৰ্যকৰীভাৱে প্ৰতিহত কৰিব নোৱাৰিলে যাৰ বাবে মুখ্যমন্ত্ৰী কেচিআৰয়ে সমষ্টিটোত মুখ থেকেচা খাবলগীয়া হয় ।

ইফালে সমষ্টিটোত কংগ্ৰেছ দলৰ গুৰুত্বপূৰ্ণ অংশ প্ৰাক্তন মন্ত্ৰী শব্বীৰ আলীয়ে নিজামাবাদ নগৰৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ বাবে দলৰ এটা অংশই সমষ্টিটোত মনোনিৱেশ কৰিব নোৱাৰিলে । ইয়াৰ উপৰিও, কংগ্ৰেছ দলৰ দ্বিতীয় স্তৰৰ নেতৃত্বই ২০১৮ চনৰ বিধানসভা নিৰ্বাচনৰ পাছত বিআৰএছ দলত যোগদান কৰিছিল । ফলস্বৰূপে, একাংশ গাঁৱত প্ৰচাৰৰ বাবে দলটোৰ নেতাৰ অভাৱ আছিল । ৰেৱন্ত ৰেড্ডীৰ ভাতৃ কোন্দাল ৰেড্ডীয়ে সমষ্টিটোত বসতি স্থাপন কৰি দ্বিতীয় স্তৰৰ নেতৃত্ব শক্তিশালী কৰাৰ প্ৰচেষ্টা চলাইছিল কিন্তু কোনো লাভ নহ'ল ।

কাট্টিপল্লী ভেঙ্কট ৰমনা ৰেড্ডীয়ে বিজেপিৰ হৈ ২০১৮ ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল কিন্তু পৰাজিত হৈছিল । অৱশ্যে, পাছত তেওঁ পঞ্চায়ত আৰু পৌৰ পৰিষদৰ নিৰ্বাচনত দলৰ প্ৰাৰ্থীৰ বিজয়ৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল । তেওঁ কামাৰেড্ডী মাষ্টাৰ প্লেনৰ বিৰুদ্ধে কৃষকসকলৰ সৈতে যুঁজ দিছিল আৰু ইয়াক বাতিল কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ৰমনা ৰেড্ডীয়ে ধাৰানী পৰ্টেলৰ সমস্যা সমাধান আৰু মহিলা সংগঠনৰ সদস্যসকলক সূত-ৰাজসাহায্যযুক্ত পুঁজি প্ৰদান কৰাৰ বাবে আন্দোলন আৰম্ভ কৰিছিল । যোৱা বছৰৰ পৰা সমগ্ৰ সমষ্টিটোত বিভিন্ন জাতিৰ উপাসনাস্থলীবোৰ তেওঁৰ নিজা পুঁজিৰে নিৰ্মাণ কৰিছিল ।

লগতে পঢ়ক :সুনীল কানুগলু; তেলেংগানাত কংগ্ৰেছৰ জয়ৰ আঁৰৰ নিৰ্বাচনী ৰণনীতিবিদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.