ETV Bharat / bharat

কোন হ’ব ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী; আজি অৱসান ঘটিব উৎকণ্ঠাৰ !

author img

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 11:41 AM IST

Updated : Dec 12, 2023, 11:57 AM IST

Rajasthan Election Results 2023
কোন হ’ব ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী

কোন হ’ব ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? ইয়াকে লৈ এতিয়া সকলোৰে মাজত চলিছে সৰৱ চৰ্চা ৷ আজি অৰ্থাৎ মঙলবাৰৰ সন্ধিয়া এই উৎকণ্ঠাৰ অৱসান ঘটাৰ আশা কৰা হৈছে । আজি বিয়লি ৪ বজাৰ পৰা জয়পুৰ বিজেপিৰ কাৰ্যালয়ত আৰম্ভ হ’বলগীয়া বিধায়িনী দলৰ বৈঠকত মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত হোৱাৰ সম্ভাৱনা ৷ এই বৈঠকত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকিব ৰাজনাথ সিং ৷

নিউজ ডেস্ক, ১২ ডিচেম্বৰ: ৰাজস্থানত বিজেপিয়ে ঐতিহাসিক জয় অৰ্জন কৰাৰ পাচত এটা প্ৰশ্নই সকলোৰে মাজত উৎকন্ঠাৰ সৃষ্টি কৰিছে ৷ বিগত ১০ দিন ধৰি এই বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে ৷ কোন হ’ব ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী ? কাৰ হাতলৈ যাব ক্ষমতাৰ চাবি? কিন্তু এতিয়া এই ৰহস্য ওৰ পৰাৰ সময় সমাগত ৷ দলে আজি বিয়লিলৈ বিজেপি নেতা-কৰ্মী তথা জনসাধাৰণৰ এই উৎকণ্ঠাৰ অৱসান ঘটোৱাৰ আশা কৰা হৈছে ৷

মঙলবাৰে বিয়লি ৪ বজাত জয়পুৰৰ বিজেপি দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’বলগীয়া বিধায়িনী দলৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷ এই বৈঠকত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, সহ-পৰ্যবেক্ষক তথা বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি সৰোজ পাণ্ডে আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাৱডে উপস্থিত থাকিব । এই বৈঠকক লৈ এতিয়া ৰাজ্য মুখ্য কাৰ্যালয়ত বিশাল আয়োজন কৰা দেখা গৈছে ৷

উল্লেখ্য যে, ৰাজস্থানৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক লৈ এইবাৰ প্ৰথমবাৰলৈ ব্যাপক আলোড়নৰ সৃষ্টি হোৱা দেখা গৈছে ৷ কাৰণ এতিয়ালৈকে দলটোৱে মুখ্যমন্ত্ৰীৰ মুখখন আগত ৰাখি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আহিছে ৷ সেয়া প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেই হওঁক অথবা ভেৰো সিং শ্বেখাৱতেই হওঁক ৷ কিন্তু এইবাৰ দলে কৌশলৰ পৰিৱৰ্তন ঘটাই পদুম ফুল আৰু প্ৰধানমন্ত্ৰী মোদীৰ মুখক আগত ৰাখি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে ৷ গতিকে কোন পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব সেই সিদ্ধান্তও এতিয়া কেন্দ্ৰীয় নেতৃত্বৰ হাততে ন্যস্ত আছে । অৱশ্যে দলটোৱে নিজৰ আভ্যন্তৰীণ গণতন্ত্ৰ থকাৰ লগতে সেই গণতন্ত্ৰ অনুসৰি সিদ্ধান্ত লোৱাৰ দাবী কৰে ।

দলটোৰ সূত্ৰৰ পৰা জানিব পৰা মতে, এই বৈঠকত অংশগ্ৰহণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পুৱা ১০:৩০ বজাত নিজৰ বাসগৃহৰ পৰা দিল্লী বিমানবন্দৰলৈ ৰাওনা হ’ব আৰু তাৰপৰা ১১ বজাত চাৰ্টাৰ বিমানেৰে জয়পুৰলৈ ৰাওনা হ’ব ৷ তেওঁ ১১:৫৫ বজাত জয়পুৰ বিমানবন্দৰত উপস্থিত হ’ব ৷ দুপৰীয়া ১২:০৫ বজাত তেওঁ জয়পুৰ বিমানবন্দৰৰ পৰা আহি হোটেল ললিত আৰু বিয়লি ৩:৪৫ বজাত হোটেল ললিতৰ পৰা আহি ৩:৫৫ বজাত চৰ্দাৰ পেটেল মাৰ্গস্থিত দলৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’ব ৷

বিয়লি ৪ বজাত তেওঁ বিজেপিৰ কাৰ্যালয়ত বিধায়িনী দলৰ বৈঠকত পৰ্যবেক্ষক হিচাপে অংশগ্ৰহণ কৰিব । তেওঁ লগত তত্বাৱধায়ক সৰোজ পাণ্ডে আৰু বিনোদ তাৱডেও উপস্থিত থাকিব । সকলো বিধায়কৰ সৈতে এজন এজনকৈ আলোচনা হ’ব, ইয়াৰ পিচত সন্ধিয়া প্ৰায় ৫:৩০ বজাত বিধায়িনী দলৰ বৈঠকত এই নাম প্ৰস্তাৱ কৰা হ’ব । সন্ধিয়া ৭ বজাত তেওঁ জয়পুৰ বিমানবন্দৰৰ পৰা চাৰ্টাৰ বিমানেৰে দিল্লীলৈ ৰাওনা হ’ব ।

ইফালে, বিয়লি ১:৩০ বজাৰ পৰা বিয়লি ৩:৫০ বজালৈ নৱনিৰ্বাচিত সকলো বিজেপি বিধায়কৰ পঞ্জীয়ন হ’ব । নৱনিৰ্বাচিত সকলো বিধায়কক বাধ্যতামূলকভাৱে সভাত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে । অৱশ্যে কোনো নিৰ্দলীয় বিধায়কক এই বিধায়িনী দলৰ বৈঠকত উপস্থিত থাকিবলৈ কোৱা হোৱা নাই ।

লগতে পঢ়ক: বুধবাৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব মোহন যাদৱে

Last Updated :Dec 12, 2023, 11:57 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.