ETV Bharat / bharat

Congress Prez Election : কৰ্ণাটকত ভোট দিব ৰাহুল গান্ধীয়ে

author img

By

Published : Oct 16, 2022, 7:22 PM IST

Rahul Gandhi
Rahul Gandhi

"কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বাবে কাইলৈ ৰাহুল গান্ধীয়ে ক'ত ভোটদান কৰিব তাক লৈ প্ৰশ্ন আহিছে । ইয়াত কোনো শংকা থাকিব নালাগে (Congress Prez election) । তেওঁ বল্লাৰীৰ চাংগানাকাল্লুৰ ভাৰত জোড়ো যাত্ৰাৰ শিবিৰত প্ৰায় ৪০ জন ভাৰত যাত্ৰীৰ সৈতে ভোটদান কৰিব । তেওঁলোক হৈছে পিচিচিৰ প্ৰতিনিধি ।" ৰমেশে এক টুইটযোগে কয় ।

নিউজ ডেস্ক, ১৬ অক্টোবৰ : কংগ্ৰেছ সভাপতি নিৰ্বাচনত (Congress Prez election) কৰ্ণাটকত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ৰাহুল গান্ধীয়ে (Rahul Gandhi) । যোগাযোগ বিভাগৰ দায়িত্বত থকা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে দেওবাৰে কয় যে বৰ্তমান কৰ্ণাটকত ভাৰত জোড়ো যাত্ৰাৰ (Bharat Jodo Yatra in Karnataka) নেতৃত্ব দি থকা ৰাহুল গান্ধীয়ে নিজৰ যাত্ৰাপথত চাংগানাকাল্লু শিবিৰত দলটোৰ সভাপতি নিৰ্বাচনৰ বাবে ভোটদান কৰিব ।

উল্লেখ্য, কংগ্ৰেছৰ মুৰব্বী পদৰ নিৰ্বাচন অহা ১৭ অক্টোবৰত অনুষ্ঠিত হ'ব আৰু ফলাফল ঘোষণা কৰা হ'ব ১৯ অক্টোবৰত । "কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বাবে কাইলৈ ৰাহুল গান্ধীয়ে ক'ত ভোটদান কৰিব তাক লৈ প্ৰশ্ন আহিছে । ইয়াত কোনো শংকা থাকিব নালাগে । তেওঁ বল্লাৰীৰ চাংগানাকাল্লুৰ ভাৰত জোড়ো যাত্ৰাৰ শিবিৰত প্ৰায় ৪০ জন ভাৰত যাত্ৰীৰ সৈতে ভোটদান কৰিব । তেওঁলোক হৈছে পিচিচিৰ প্ৰতিনিধি ।" ৰমেশে এক টুইটযোগে কয় । কৰ্ণাটকত ভাৰত জোড়ো যাত্ৰাৰ ১৭ সংখ্যক দিন আজি পুৱা ইয়াত চাংগনাকল্লুত আৰম্ভ হয় আৰু বেনিকল্লুত সমাপ্ত হ'ব ।

উল্লেখ্য, তিৰুৱন্তপুৰমৰ সাংসদ শশী থাৰুৰে (Shashi Tharoor) এআইচিচিৰ সভাপতি পদৰ বাবে এই নিৰ্বাচনত (AICC President Election) প্ৰবীণ কংগ্ৰেছী মল্লিকাৰ্জুন খাৰ্গেৰ (Mallikarjun Kharge) বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে ।

সমগ্ৰ দেশতে 9 হাজাৰৰো অধিক ভোটাৰে ভোটদান কৰিব আৰু অসমত ভোটাৰৰ সংখ্যা হ’ল 289 জন । দেশৰ লগতে অসমতো অহা 17 অক্টোবৰত সকলো নিৰ্বাচনী বিধি মানি গুৱাহাটীত নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ৰাজ্যৰ প্ৰতিনিসকলে । উল্লেখযোগ্য যে বিগত 2000 চনত কংগ্ৰেছৰ অন্তিমটো সভাপতি নিৰ্বাচন অনুষ্ঠিত হৈছিল ।

সেইবাৰ ছোনিয়া গান্ধীয়ে তেওঁৰ প্ৰতিদ্বন্দ্বী জিতেন্দ্ৰ প্ৰসাদক বৃহৎ ভোটৰ ব্যৱধানত পৰাস্ত কৰি সভাপতি হিচাবে নিৰ্বাচিত হৈছিল । উক্ত নিৰ্বাচনত ছোনিয়া গান্ধীয়ে মুঠ 97 শতাংশ ভোট লাভ কৰিছিল । তাৰ সুদীর্ঘ 22 বছৰ পাছত এইবাৰ পুনৰ কংগ্ৰেছৰ সভাপতি পদৰ বাবে অহা 17 অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব মল্লিকার্জুন খাৰ্গে আৰু শশী থাৰুৰৰ মাজত ।

কংগ্ৰেছৰ ইতিহাসত একমাত্ৰ ছোনিয়া গান্ধীয়ে হ’ল দীঘলীয়া সময়ৰ বাবে সভাপতিৰ আসন অলংকৃত কৰা নেত্ৰী । ৰাজীৱ গান্ধীৰ মৃত্যুৰ পাছত কংগ্ৰেছ দলে ছোনিয়া গান্ধীক দলৰ নেতৃত্ব ল’বলৈ অনুৰোধ কৰিছিল যদিও সেই সময়ত তেওঁ দলৰ সেই অনুৰোধ প্ৰত্যাখ্যান কৰিছিল । 1997 চনত ছোনিয়া গান্ধীয়ে ৰাজনীতিলৈ অহাৰ সিদ্ধান্ত লয় আৰু 1998 চনত তেওঁ দলৰ সভানেত্ৰী মনোনীত হয় ।

তেতিয়াৰে পৰা একেৰাহে তেওঁ 2017 চনলৈ দলটোৰ সভাপতি হৈ থাকে । শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ দলৰ সভাপতি পদ ত্যাগ কৰাৰ পাছত দলে তেওঁৰ স্থানত ৰাহুল গান্ধীক দলৰ সভাপতি মনোনীত কৰে 2017 চনত ।

লগতে পঢ়ক :Congress president election: অসমৰ ২৮৯ প্রতিনিধিয়ে সাব্যস্ত কৰিব ভোটাধিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.