ETV Bharat / bharat

দিল্লী জল বোৰ্ড মুখ্যালয়ত প্ৰৱেশ কৰা বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু

author img

By

Published : Dec 26, 2020, 5:52 PM IST

দিল্লী জল বোৰ্ড মুখ্যালয়ত প্ৰৱেশ কৰা বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজুদিল্লী জল বোৰ্ড মুখ্যালয়ত প্ৰৱেশ কৰা বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু
দিল্লী জল বোৰ্ড মুখ্যালয়ত প্ৰৱেশ কৰা বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু

দিল্লী জল বোৰ্ডৰ উপাধ্যক্ষ তথা আপ বিধায়ক ৰাঘৱ চদ্দাই বোৰ্ডৰ মুখ্যালয়ত বলপূৰ্বক প্ৰৱেশ কৰাৰ বাবে এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ টুইটাৰযোগে সমগ্ৰ ঘটনাৰ চিচিটিভি ফুটেজ শ্বেয়াৰ কৰিছে ৰাঘৱ চদ্দাই ৷

নিউজ ডেস্ক, 26 ডিচেম্বৰ : দিল্লী জল বোৰ্ডৰ উপাধ্যক্ষ তথা আপ বিধায়ক ৰাঘৱ চদ্দাই দিল্লী বিজেপিৰ সভাপতি আদেশ গুপ্তাকে ধৰি কেবাগৰাকীও বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে ৷ দিল্লী জল বোৰ্ডৰ মুখ্যালয়ৰ সন্মুখত অনাধিকাৰভাৱে 200ৰো অধিক লোকৰ সমাগক নেতৃত্ব দিয়াৰ লগতে মুখ্যালয়ত অনাধিকাৰ প্ৰৱেশ কৰাৰ বাবেই এইদৰে গোচৰ ৰুজু কৰে চদ্দাই ৷

  • Another CCTV footage which shows the Delhi Police quietly standing behind the protestors and facilitating the attack, while DJB’s private security (whose uniform is similar to Khaki vardi) trying hard to stop them from trespassing. pic.twitter.com/8HnP41ehqo

    — Raghav Chadha (@raghav_chadha) December 24, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

অভিযোগত উল্লেখ কৰা অনুসৰি, মুখ্যালয়ৰ দ্বাৰৰ তলা ভাঙি নিজৰ লগত 200 কৰ্মীক লৈ আদেশ গুপ্তাই কাৰ্যালয়টোত বলপূৰ্বক প্ৰৱেশৰ চেষ্টা কৰা বুলি কয় চদ্দাই ৷ বৃহস্পতিবাৰে এদল লোকে চদ্দাৰ কাৰ্যালয় লণ্ডভণ্ড কৰিছিল আৰু ইয়াৰ আঁৰতো বিজেপিৰ লোক জড়িত আছে বুলি চদ্দাই উল্লেখ কৰে ৷

"বিজেপিৰ গুণ্ডাবাহিনীয়ে দিল্লী জল বোৰ্ডৰ কাৰ্যালয়ত অনাধিকাৰ প্ৰৱেশ কৰাই নহয়, কাৰ্যালয়টো ভাঙি লণ্ড-ভণ্ড কৰে ৷ তেওঁলোকে মোৰ লগতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কৃষকক সমৰ্থন জনোৱাৰ বাবে প্ৰত্যাহ্বান প্ৰদান কৰে ৷ চিচিটিভি ফুটেজত সকলো স্পষ্টভাৱে আছে ৷ এইটো স্পষ্ট যে, এয়া দিল্লী আৰক্ষীৰ সহযোগত কৰা হৈছে ৷" পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙক এই ঘটনাৰ বিষয়ে জনাই এইদৰে কয় চদ্দাই ৷ "অৰবিন্দ কেজৰিৱালক দোষ জাপি দিয়াৰ আগত কেপ্টেইনে নিজৰ ফাৰ্মহাউছৰ পৰা ওলাই আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কথা পাতিব লাগে ৷" চদ্দাই লগতে এইদৰে কয় ৷

ঘটনাৰ সমগ্ৰ দৃশ্যৰাজি চিচিটিভি কেমেৰাত বন্দী হৈ ৰয় ৷ চদ্দাই নিজৰ টুইটাৰযোগে এই দৃশ্য প্ৰচাৰ কৰি সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে ৷

লগতে পঢ়ক : দৰিদ্ৰতাক নেওচি আন্তঃৰাজ্যিক পৰ্যায়ত জিলিকিছে ৰূপহীহাটৰ ৰবীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.