ETV Bharat / bharat

১৫ জুন পৰ্যন্ত পুৰীৰ জগন্নাথ মন্দিৰত ভক্তৰ প্ৰৱেশত বাধা

author img

By

Published : May 17, 2021, 9:09 AM IST

বৰ্ধিত ক'ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ১৫ জুন পৰ্যন্ত পুৰীৰ জগন্নাথ মন্দিৰত 'ৰাজহুৱা দৰ্শন' নিষিদ্ধ কৰা হৈছে । শ্ৰীজগন্নাথ মন্দিৰ প্ৰশাসন আৰু পুৰী জিলা প্ৰশাসনে দেওবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে ।

Puri district administration suspended the public darshan at Shree Jagannatha Temple
১৫ জুন পৰ্যন্ত পুৰীৰ জগন্নাথ মন্দিৰত ভক্তৰ প্ৰৱেশত বাধা

নেশ্যনেল ডেস্ক,১৭ মে': মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভক্তৰ বাবে বন্ধ হ'ল পুৰীৰ জগন্নাথ মন্দিৰৰ দ্বাৰ । দেওবাৰে শ্ৰীজগন্নাথ মন্দিৰ প্ৰশাসন আৰু পুৰী জিলা প্ৰশাসনে ঘোষণা কৰে যে, ১৫ জুন পৰ্যন্ত জগন্নাথ মন্দিৰত ভক্তই পূজা অৰ্চনা আগবঢ়াব নোৱাৰিব ।

জগন্নাথ মন্দিৰ প্ৰশাসনৰ মুখ্য প্ৰশাসক কৃষ্ণ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ৷ এই বৈঠকত পুৰীৰ জিলা উপায়ুক্ত সমৰ্থ বাৰ্মা উপস্থিত থাকে । এই বৈঠকতে মন্দিৰত 'ৰাজহুৱা দৰ্শন' অস্থায়ীভাৱে নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

অৱশ্যে, মন্দিৰত নিতৌ ৰীতি-নীতি অনুসৰি পূজা আগবঢ়াব পুৰোহিতে । মন্দিৰ প্ৰশাসনৰ বিষয়াসকলৰ সহায়ত মন্দিৰৰ দৈনন্দিন পূজা-অৰ্চনা অব্যাহত থাকিব ।

মন্দিৰ প্ৰশাসনৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে, দৈনিক 'নীতি-কান্তি', 'চন্দন যাত্ৰা', 'সনন যাত্ৰা' আৰু 'ৰথ যাত্ৰা' আদি ৰীতি-নীতি পালন কৰা কামত নিয়োজিত সেৱকসকল আৰু তেওঁলোকৰ পৰিয়ালসমূহ যাতে ক'ভিডত আক্ৰান্ত নহয়, তাৰ বাবে পৰ্যাপ্ত সাৱধানতা অৱলম্বন কৰাতো নিশ্চিত কৰা হৈছে ।

লগতে পঢ়ক: এনএলএফটিৰ সহযোগীৰ মুক্তিৰ দাবীৰে ত্ৰিপুৰাত থানা লণ্ড-ভণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.