Operation against Amritpal : সেনাৰ নিৱেশত পৰিণত অমৃতপাল সিঙৰ গাঁও

author img

By

Published : Mar 19, 2023, 10:39 AM IST

Updated : Mar 19, 2023, 10:48 AM IST

Operation against Amritpal

অমৃতপালৰ বিৰুদ্ধে পঞ্জাৱত অভিযান অব্যাহত আছে (Operation against Amritpal Singh)। অমৃতপালৰ গাঁওখন সেনা নিৱেশত পৰিণত হৈছে । অমৃতপালৰ পিতৃৰ মতে তেওঁৰ পুত্ৰৰ পৰিৱৰ্তে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে হে অভিযান তীব্ৰতৰ কৰি তুলিব লাগে ।

নেশ্যনেল ডেস্ক,১৯ মাৰ্চ : "ৱাৰিছ পঞ্জাৱ দে"ৰ মুৰব্বী তথা খালিস্তানী নেতা অমৃতপাল সিঙৰ গাঁৱত শ শ নিৰাপত্তাৰক্ষী (Police cantonment in Amritpal village)। কটকটীয়া নিৰাপত্তা বেষ্টনীৰে একপ্ৰকাৰ সেনা নিৱেশত পৰিণত হৈছে খালিস্তানী নেতাগৰাকীৰ গাঁও জালুখেৰা । ইতিমধ্যে পঞ্জাৱ আৰক্ষীয়ে অমৃতপাল সিঙক পলাতক ঘোষণা কৰাৰ লগতে কেইবাখনো জিলাত ১৪৪ ধাৰা জাৰি কৰিছে (Section 144 imposed in Punjab)।

এনে পৰিস্থিতিত অমৃতপাল সিঙৰ গাঁওখন সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰু ৰাজ্যৰ বাকী অংশৰ পৰা ই এতিয়া বিচ্ছিন্ন হৈ পৰিছে । অমৃতপালৰ (Waris Punjab De chief Amritpal Singh) সমৰ্থকৰ দ্বাৰা সংঘটিত হ'ব পৰা যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে সকলো সাম্ভাৱ্য ব্যৱস্থা গ্ৰহণ কৰিছে । গাঁওখন চাৰিওফালৰ পৰা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ঘেৰাও কৰি ৰাখিছে ।

ইয়াৰ পাচতে, অমৃতপালৰ পৰিয়ালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । পিতৃয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে যেতিয়া তেওঁৰ পুত্ৰই এক পূৰ্বপৰিকল্পিত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈছিল আৰক্ষীয়ে বাটতে তেওঁক অনুসৰণ কৰিছিল (Amritpal Singh father reaction)।

পিতৃৰ মতে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে ড্ৰাগছৰ সৰবৰাহ নিয়ন্ত্ৰণৰ ওপৰত হে গুৰুত্ব দিয়া উচিত । তেওঁ দৃঢ়তাৰে কয় যে, যদি যুৱক-যুৱতীসকলক ড্ৰাগছৰ দৰে মাৰাত্মক সামগ্ৰীৰ পৰা সুৰক্ষিত কৰি ৰখা হয়, তেন্তে পঞ্জাৱৰ বিকাশ হ'ব আৰু প্ৰকৃত প্ৰগতি ৰক্ষা কৰিব পাৰিব (Amritpal father urges police to raid against drugs)।

অমৃতপালৰ পিতৃয়ে লগতে কয় যে, তেওঁলোকে এতিয়াও নাজানে যে অমৃতপালক গ্ৰেপ্তাৰ কৰা হৈছে নে নাই । আৰক্ষীয়ে অমৃতপালৰ ঘৰত তালাচী চলোৱাৰ সময়ত তেওঁলোকৰ পৰিয়ালে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে বুলিও পিতৃয়ে উল্লেখ কৰে ।

উল্লেখ্য যে, 'খালচা ৱাহিৰ'ৰ (Khalsa Waheer) অংশ হিচাপে, অমৃতপালে গুৰভাই আন্দোলনৰ বাবে বাথিণ্ডাৰ চ'কে গাঁৱত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল । এই সন্দৰ্ভত অমৃতপালে তেওঁৰ সমৰ্থকসকলক ওলাই আহিবলৈ আহ্বান জনাইছিল । একেটা অনুষ্ঠানতে ব্যাপকভাৱে অমৃত সঞ্চাৰ পৰিচালনা কৰাৰো কথা আছিল ।

ইফালে আজনালাত সংঘটিত ঘটনাৰ পাছতে, খালচা ৱাহিৰক কিছু সময়ৰ বাবে বন্ধ কৰি দিয়া হৈছিল । শনিবাৰে ইয়াক পুনৰ আৰম্ভ কৰা হৈছিল । অমৃতপালে তেওঁৰ কনভয়ৰ সৈতে অনুষ্ঠানলৈ যোৱাৰ সময়তে পাঞ্জাৱ আৰক্ষীয়ে তেওঁৰ কনভয়ৰ পিছা কৰে । শ্বাহকোটত উপস্থিত হোৱাৰ লগে লগে আৰক্ষী বাহিনীয়ে অমৃতপালৰ বাহন ঘেৰাও কৰি ধৰিছিল ।

লক্ষণীয়ভাৱে সমগ্ৰ অভিযানৰ পাছতে মোগাত বৃহৎ সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । জানিব পৰা মতে অমৃতপালক উদ্ধাৰ কৰিবলৈ তেওঁৰ সমৰ্থকসকলক ওলাই আহিবলৈ আহ্বান জনোৱা হৈছে । এই সন্দৰ্ভত আৰক্ষীয়েও পদক্ষেপ লৈছে ।

লগতে পঢ়ক :Punjab police Manhunt operation: ৱাৰিছ পঞ্জাৱ ডেৰ মুৰব্বী অমৃতপাল সিঙক পলাতক ঘোষণা

Last Updated :Mar 19, 2023, 10:48 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.