Punjab police Manhunt operation: ৱাৰিছ পঞ্জাৱ ডেৰ মুৰব্বী অমৃতপাল সিঙক পলাতক ঘোষণা

author img

By

Published : Mar 19, 2023, 8:15 AM IST

Pro Khalistani leader Amritpal Singh

পঞ্জাৱৰ খালিস্তানী সমৰ্থক সংগঠন ৱাৰিছ পঞ্জাৱ ডেৰ মুৰব্বী অমৃতপাল সিঙক পলাতক ঘোষণা কৰি আৰক্ষী আৰম্ভ কৰিছে তেওঁৰ বিৰুদ্ধে ব্যাপক অভিযান ৷ এই পৰ্যন্ত 78 জন সমৰ্থকক গ্ৰেপ্তাৰ (Pro Khalistani leader Amritpal Singh) ৷

নিউজ ডেস্ক, 19 মাৰ্চ: খালিস্তানী সংগঠন ‘‘ৱাৰিছ পঞ্জাৱ ডে’’ৰ মুৰব্বী অমৃতপাল সিঙক পলাতক ঘোষণা ৷ জলন্ধৰৰ আয়ুক্ত কুলদ্বীপ সিং চাহালে শনিবাৰে নিশা এই কথা নিশ্চিত কৰি উগ্ৰবাদী নেতাজনক পলাতক বুলি উল্লেখ কৰে (Pro Khalistani leader Amritpal Singh) ৷

‘‘ৱাৰিছ পঞ্জাৱ ডেৰ মুৰব্বী অমৃতপাল সিঙক পলাতক ঘোষণা কৰা হৈছে ৷ তেওঁৰ দুখন গাড়ী জব্দ কৰা হৈছে আৰু বন্দুকধাৰীক আটক কৰা হৈছে ৷ আমি এইটোও পৰীক্ষা কৰিছোঁ যে তেওঁৰ নিৰাপত্তাৰক্ষীৰ এস্কৰ্টৰ আগ্নেয়াস্ত্ৰ আইনীভাৱে ক্ৰয় কৰা হৈছে নেকি । এটা গোচৰ ৰুজু কৰা হৈছে ৷ পঞ্জাৱ আৰক্ষীয়ে অমৃতপল সিঙৰ বাবে মেনহাণ্ট আৰম্ভ কৰিছে আৰু আমি আশাবাদী যে, তেওঁক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ’ব । এই পৰ্যন্ত মুঠ ৭৮ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অধিক তালাচী অভিযান অব্যাহত আছে ।’’ সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত চাহালে এইদৰে কয় (Waris Punjab De chief Amritpal Singh) ।

লগতে পঢ়ক: Earthquake in Ecuador: ইকুৱেডৰত প্ৰবল ভূমিকম্পত নিহত অতি কমেও 14 গৰাকী লোক

ইয়াৰ পূৰ্বে শনিবাৰে পঞ্জাৱ আৰক্ষীয়ে ৰাজ্যখনত ৱাৰিছ পঞ্জাৱ ডেৰ এনে কিছুমান উপাদানৰ বিৰুদ্ধে ৰাজ্যজুৰি এক বৃহৎ কৰ্ডন এণ্ড চাৰ্চ অপাৰেচন (CASO) আৰম্ভ কৰে ৷ তেওঁৰ বিৰুদ্ধে কেইবাটাও অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈ আছে । এই অভিযানৰ সময়ত এই পৰ্যন্ত মুঠ ৭৮ জন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন কেইবাজনো লোকক সোধা-পোছাৰ বাবে আটক কৰা হৈছে (Amritpal Singh declared fugitive) ।

সবিশেষ প্ৰকাশ কৰি পঞ্জাৱ আৰক্ষীৰ চৰকাৰী মুখপাত্ৰগৰাকীয়ে কয়, "শনিবাৰে বিয়লি জলন্ধৰ জিলাৰ শ্বাহকোট-মালছিয়ান পথত ডব্লিউ পি ডিৰ কেইবাটাও কাৰ্যকলাপ আৰক্ষীয়ে বাধা দিছিল আৰু ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল । অমৃতপল সিঙকে ধৰি আন কেইবাজনো লোকে পলায়ন কৰিছে আৰু তেওঁলোকক ধৰিবলৈ এক বৃহৎ মেনহাণ্ট আৰম্ভ কৰা হৈছে ।"(Alert in Punjab against Amritpal Singh)

এজন বিষয়াই কয় যে, ৰাজ্যজুৰি চলোৱা অভিযানৰ সময়ত এতিয়ালৈকে এটা পইন্ট ৩১৫ ব’ৰ ৰাইফল, ১২ ব’ৰৰ ৭ টা ৰাইফল, এটা ৰিভলভাৰ আৰু ৩৭৩ টা বিভিন্ন কেলিবাৰৰ লাইভ কাৰ্টিজকে ধৰি ৯ টা অস্ত্ৰ উদ্ধাৰ কৰা হৈছে । মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, শ্ৰেণীৰ মাজত বিদ্বেষ বিয়পোৱা, হত্যাৰ চেষ্টা, আৰক্ষীক আক্ৰমণ কৰা আৰু ৰাজহুৱা সেৱকৰ কৰ্তব্য পালনত বাধাৰ সৃষ্টি কৰা চাৰিটা অপৰাধমূলক গোচৰত ডব্লিউ পি ডিৰ সদস্য জড়িত হৈ আছে (Punjab police Manhunt operation) ।

লগতে পঢ়ক: Amritpal Singh arrested: খালিস্তানী নেতা অমৃতপাল সিঙক গ্ৰেপ্তাৰ

তেওঁ লগতে কয় যে, অজনলা থানাত আক্ৰমণৰ বাবে ডব্লিউ পি ডিৰ সদস্যৰ বিৰুদ্ধে যোৱা ২৪ ফেব্ৰুৱাৰী তাৰিখে ৩৯ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে । তেওঁ আৰু কয় যে, অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত সকলো ব্যক্তিৰ বিৰুদ্ধে আইন অনুসৰি ব্যৱস্থা কৰা হ’ব ৷ আৰক্ষীয়ে বিচৰা সকলো ব্যক্তিয়ে আইনৰ প্ৰক্ৰিয়াত নিজকে আগবঢ়াই নিব লাগে । তেওঁলোকৰ আইনী প্ৰতিৰক্ষাৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰা হ’ব বুলিও তেওঁ লগতে কয় । ইফালে, ভুৱা বাতৰি আৰু উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ সকলো নাগৰিককে অনুৰোধ জনাইছে আৰক্ষীয়ে ।

আৰক্ষীয়ে কয় যে, ৰাজ্যখনৰ পৰিস্থিতি সম্পূৰ্ণ সুস্থিৰ । ৰাজ্যৰ শান্তি-সম্প্ৰীতি বিঘ্নিত কৰাৰ বাবে চেষ্টা কৰা সকলো ব্যক্তিক কঠোৰভাৱে দমন কৰা হ’ব । ইয়াৰ পূৰ্বে পঞ্জাৱৰ কেইবাখনো জিলাত দেওবাৰে দুপৰীয়া ১২ বজালৈকে ম’বাইল ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিয়া হৈছিল৷

যোৱা মাহত অমৃতসৰৰ উপকণ্ঠ অঞ্চলৰ আজনলা থানাত অমৃতপালৰ এজন ঘনিষ্ঠ সহায়ক লাভপ্ৰীত টুফানক মুকলি কৰি দিয়াৰ দাবীত অমৃতপালৰ সমৰ্থকসকলে ইউনিফৰ্ম পৰিহিত আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল ৷ এই ঘটনাৰ প্ৰায় তিনি সপ্তাহতকৈও অধিক সময়ৰ পাচতে আৰক্ষীৰ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

২৩ ফেব্ৰুৱাৰীত তেওঁৰ হাজাৰ হাজাৰ সমৰ্থকে আজনলা আৰক্ষী থানাত তাণ্ডৱৰ সৃষ্টি কৰি তৰোৱাল আৰু উচ্চমানৰ আগ্নেয়াস্ত্ৰৰে আক্ৰমণ চলাইছিল ৷ এজন লোকক আক্ৰমণ আৰু অপহৰণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা লাভপ্ৰীত টুফানক মুকলি কৰি নিদিলে ভয়াৱহ পৰিণতি হ’ব বুলি আৰক্ষীক ভাবুকি দিছিল । তৰোৱাল আৰু বন্দুক লৈ ডব্লিউ পি ডিৰ সমৰ্থকসকলে আজনলা আৰক্ষী থানাৰ বাহিৰত স্থাপন কৰা আৰক্ষীৰ বেৰিকেড ভাঙি পেলায় (Attack on Anjala police station)।

লগতে পঢ়ক: Encounter in Pulwama: জম্মু-কাশ্মীৰৰ পুলৱামাত এনকাউণ্টাৰৰ ঘটনা, এজন সন্ত্ৰাসবাদী নিহত

পিচত আৰক্ষীয়ে কয়, “উপস্থাপিত প্ৰমাণৰ ভিত্তিত” লভপ্ৰীত সিং টুফানক মুকলি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে । আৰক্ষীৰ আবেদনৰ ভিত্তিত অজনলাৰ আদালতৰ নিৰ্দেশত যোৱা ২৪ ফেব্ৰুৱাৰীত লাভপ্ৰীত সিঙক জেলৰ পৰা মুকলি কৰি দিয়া হৈছিল । এই কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ভাগৱত মানে কয় যে, এই “১০০০ লোকে” পঞ্জাৱক প্ৰতিনিধিত্ব নকৰে ৷ মানে অভিযোগ কৰে যে, তেওঁলোকক ৰাজ্যখনৰ শান্তি বিঘ্নিত কৰিবলৈ “পাকিস্তানৰ পৰা পুঁজি” যোগান ধৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.