ETV Bharat / bharat

Amritpal associate arrested : অমৃতপালৰ সহযোগী যোগা সিঙক গ্ৰেপ্তাৰ

author img

By

Published : Mar 31, 2023, 7:57 PM IST

Amritpal associate arrested
অমৃতপালৰ সহযোগী যোগা সিঙক গ্ৰেপ্তাৰ

অমৃতপালৰ অতি ঘনিষ্ঠ যোগা সিঙক গ্ৰেপ্তাৰ (Amritpal associate arrested)। লুধিয়ানাৰ চাহনেৱাল ঘাইপথৰ গুৰুদ্বাৰা ৰেডু চাহিবৰ পৰা গ্ৰেপ্তাৰ নেতাগৰাকী । অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত স্পষ্ট কৰা নাই ।

নেশ্যনেল ডেস্ক,৩১ মাৰ্চ : 'ৱাৰিছ পঞ্জাৱ ডে'ৰ মুৰব্বী তথা খালিস্তান সমৰ্থক নেতা অমৃতপাল সিঙৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে (Operation against Amritpal Singh)। ইতিমধ্যে অমৃতপালৰ কেইবাগৰাকী সহযোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ মাজতে অমৃতপাল সিঙৰ আন এগৰাকী সহযোগী যোগা সিঙক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । অৱশ্যে এই সন্দৰ্ভত লুধিয়ানাৰ কোনো জ্যেষ্ঠ বিষয়াই নিশ্চিত কৰা নাই । কিন্তু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যোগা সিঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে (Joga Singh arrested)।

শেহতীয়াকৈ, লুধিয়ানাৰ চাহনেৱাল ঘাইপথৰ গুৰুদ্বাৰা ৰেডু চাহিবৰ পৰা ৩ জন সন্দেহজনক লোকক আটক কৰা হৈছে । কিন্তু গুৰুদ্বাৰা চাহিবত উপস্থিত আৰক্ষীয়ে এই কথা নিশ্চিত কৰা নাই । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, গ্ৰেপ্তাৰ হোৱা তিনিজন সন্দেহযুক্তলোকৰ ভিতৰত যোগা সিং আছে । আনহাতে গ্ৰেপ্তাৰ হোৱা যোগা সিঙক অমৃতপালৰ ঘনিষ্ঠ বুলি কোৱা হৈছে (Amritpal associates Joga Singh arrested)।

ইফালে লুধিয়ানা আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে তেওঁলোকে যোগা সিঙক গ্ৰেপ্তাৰ কৰা নাই আনহাতে আৰক্ষীয়ে আশা প্ৰকাশ কৰা মতে যোগা সিঙৰ চিম কাৰ্ডৰ পৰা ভিডিঅ' ভাইৰেল হোৱাৰ পাছতে তেওঁক চণ্ডিগড় কাউণ্টাৰ ইণ্টেলিজেঞ্চ দলে গ্ৰেপ্তাৰ কৰিছে ।

আনহাতে, পঞ্জাৱ আৰক্ষীয়ে অমৃতপালক গ্ৰেপ্তাৰ কৰাৰ বাবে নিৰন্তৰ তালাচী অভিযান অব্যাহত ৰাখিছে (Punjab police operation)। ইয়াৰ মাজতে শেহতীয়াকৈ অমৃতপালে এটা ভিডিঅ' মুকলি কৰি পঞ্জাৱ আৰক্ষীক মুকলিকৈ প্ৰত্যাহ্বান জনোৱা দেখা গৈছে । পঞ্জাৱ আৰক্ষীয়ে সন্দেহ কৰিছে যে অমৃতপালে পঞ্জাৱৰ কোনো ধৰ্মীয় স্থানত লুকাই থাকিব পাৰে । যাৰ বাবে পঞ্জাৱ আৰক্ষীয়েও ৰাজ্যৰ বিভিন্ন জিলাত নিৰ্মাণ কৰা শিবিৰত অভিযান চলাই আছে ।

অমৃতপালৰ বাহনবোৰ যি স্থানত উদ্ধাৰ হৈছে তাৰ সমীপৰ সকলো শিবিৰতে আৰক্ষীয়ে অভিযান চলাই আছে । আনকি পঞ্জাৱ আৰক্ষীয়ে অভিযানত ড্ৰোণৰ ব্যৱহাৰ কৰিছে ।

শুকুৰবাৰে পঞ্জাৱ আৰক্ষীয়ে গুৰুগ্ৰামৰ পৰা অমৃতপালৰ আন এগৰাকী ঘনিষ্ঠ সহযোগী দলজিৎ কালচীক গ্ৰেপ্তাৰ কৰিছে । তথ্যৰ মতে দলজিৎ কালচীয়ে চণ্ডিগড়ত বাহৰ পাতি আছিল । ইয়াৰ উপৰিও, কালচীয়ে কেইবাবাৰো বিদেশ ভ্ৰমণ কৰিছে আৰু অনুসন্ধানকাৰী সংস্থাবোৰৰ হাতত তেওঁৰ বহুতো স্থানৰ বিষয়ে তথ্য আছে । কালচীক অমৃতপালৰ অতিকৈ ঘনিষ্ঠ বুলি কোৱা হৈছে ।

কালচীয়ে পূৰ্বে পঞ্জাৱত মডেলিং আৰু চলচ্চিত্ৰত কাম কৰিছিল । দিল্লীত তেওঁৰ এটা কাৰ্যালয়ো আছিল । কালচীৰ চলচ্চিত্ৰ আৰু মডেলিং কাৰ্যসূচীবোৰৰ ওপৰতো তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Amritpal Singh family missing: পত্নীসহ অমিতপাল সিঙৰ পৰিয়াল সন্ধানহীন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.