ETV Bharat / bharat

Expansion of Punjab cabinet: সোমবাৰে সম্প্ৰসাৰণ হ'ব পঞ্জাৱ মন্ত্ৰীসভাৰ

author img

By

Published : Jul 3, 2022, 7:21 PM IST

punjab
expanansion of Punjab cabinet:পাঞ্জাৱ মন্ত্ৰীসভাৰ সোমবাৰে হ'ব সম্প্ৰসাৰণ

সোমবাৰে সম্প্ৰসাৰণ হ'ব ভগৱন্ত মান নেতৃত্বাধীন পঞ্জাৱ মন্ত্ৰীসভাৰ (Punjab Chief Minister Bhagwant Mann will expand cabinet)। পাঁচগৰাকী বিধায়কক মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হ'ব বুলি সদৰি কৰিছে এক দলীয় সূত্ৰই ।

নেচনেল ডেস্ক,৩ জুলাই:পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে সোমবাৰে তেওঁৰ মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিব । মন্ত্ৰীসভাত পাঁচগৰাকী বিধায়কক মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হ'ব বুলি দেওবাৰে দলীয় সূত্ৰই সদৰি কৰিছে । এগৰাকী বিষয়াই সদৰি কৰা অনুসৰি সোমবাৰে আবেলি ৫ বজাত পঞ্জাৱ ৰাজভৱনত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব ।

উল্লেখ্য় যে, পাঞ্জাৱত আম আদমী পাৰ্টীয়ে ক্ষমতালৈ অহাৰ তিনি মাহৰো অধিক সময়ৰ পিছত ভগৱন্ত মান নেতৃত্বাধীন চৰকাৰৰ এইটো হ'ব প্ৰথম কেবিনেট সম্প্ৰসাৰণ (Punjab Chief Minister Bhagwant Mann will expand cabinet)। নতুন পাঁচগৰাকী মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে মান নেতৃত্বাধীন কেবিনেটখন মুখ্যমন্ত্ৰীকে ধৰি ১৫ গৰাকী লৈ বৃদ্ধি হ'ব । এই তালিকাত সুনামৰ বিধায়ক অমন আৰোৰা, জাগ্ৰানৰ বিধায়ক বলজিন্দৰ কৌৰ, তালৱান্দি চাবোৰ বিধায়ক বুধ ৰাম, বিধায়ক ইন্দ্ৰবীৰ সিং নিজ্জাৰ আৰু আনমোল গগন মান্নাৰ নাম অন্তৰ্ভুক্ত হৈছে ।

অৱশ্যে মন্ত্ৰীসভা সম্প্ৰসাৰণত মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা বিধায়কসকলৰ নাম দলৰ পৰা প্ৰকাশ কৰা হোৱা নাই । উল্লেখ্য় যে ২০২২ চনৰ বিধানসভা নিৰ্বাচনত বিজয়ৰ পিছত আপে চৰকাৰ গঠন কৰি ১০ গৰাকীক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিছিল । অৱশ্য়ে বৰ্তমান মান নেতৃত্বাধীন মন্ত্ৰীসভাত 9 গৰাকী মন্ত্ৰীহে আছে । কাৰণ মে’ মাহত স্বাস্থ্যমন্ত্ৰী বিজয় চিংলাক দুৰ্নীতিৰ অভিযোগত ৰাজ্যিক মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰা হৈছিল ।

উল্লেখ্য় যে, ১১৭ খন আসন বিশিষ্ট পঞ্জাৱ বিধানসভাত আম আদমী পাৰ্টীয়ে ৯২ খন আসন লাভ কৰি ক্ষমতালৈ আহিছিল (Aam Aadmi Party in Punjab)।

লগতে পঢ়ক:etv comment image Thumbnail image True or fake Ram Rahim: হাৰিয়ানা উচ্চ ন্যায়ালয়ত ৰাম ৰহিমৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.