ETV Bharat / bharat

Violence-hit Manipur: হিংসাজৰ্জৰ মণিপুৰত অব্যাহত প্ৰতিবাদ; চূড়াচান্দপুৰ স্তব্ধ জনজীৱন

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 10:12 PM IST

Violence hit Manipur
হিংসাজৰ্জৰ মণিপুৰত অব্যাহত প্ৰতিবাদ

মণিপুৰত অব্যাহত চৰকাৰ বিৰোধী আছে প্ৰতিবাদ ৷ হিংসাৰ অভিকেন্দ্ৰ চূড়াচান্দপুৰত বন্ধৰ ফলত ব্যাহত জনজীৱন ৷

তেজপুৰ, ৩ অক্টোবৰ: হিংসাজৰ্জৰ মণিপুৰত আজিও অব্যাহত আছে প্ৰতিবাদ ৷ চৰকাৰে জনতাৰ প্ৰতিবাদক আওকাণ কৰি অহাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশেৰে খুৰাই বিধানসভা সমষ্টিত শতাধিক যুৱক-যুৱতীয়ে ৰাজপথলৈ ওলাই আহি মুখত ক’লা কাপোৰ বান্ধি বিক্ষোভ প্ৰদৰ্শন কৰে ৷ পাঁচ পাৰ অতিক্ৰম কৰিলে মণিপুৰৰ হিংসাত্মক ঘটনাই ৷ কিন্তু আজিও নুমুৱা নাই ৰাজ্যখনৰ হিংসাৰ জুই ৷ ইয়াৰ প্ৰতিবাদত ক’লা পোচাক পৰিধান কৰি আৰু মুখত ক’লা কাপোৰ বান্ধি ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে ৷

আনহাতে চূড়াচান্দপুৰত CBI আৰু NIA ই চিন-কুকি অঞ্চলৰ পৰা চাৰিজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে দুটা নাবালক শিশুক আটক কৰিছে ৷ এই ঘটনাৰ প্ৰতিবাদত অনিৰ্দিষ্টকালৰ বাবে ঘোষণা কৰা বন্ধই চূড়াচান্দপুৰ জিলাত স্বাভাৱিক জীৱন অচল কৰি তুলিছে । এই বন্ধ দেওবাৰৰ পৰা আৰম্ভ হয় ৷ যোৱা 6 জুলাইত নিৰুদ্দেশ হোৱা ইম্ফলৰ দুজন ছাত্ৰক হত্যা কৰাৰ অভিযোগত 6 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে ।

মণিপুৰৰ বৰ্তমানৰ অস্থিৰতাৰ মাজতে ম্যানমাৰ আৰু বাংলাদেশ ভিত্তিক সন্ত্ৰাসবাদী সংগঠনৰ নেতৃত্বই মণিপুৰৰ কুকি উগ্ৰপন্থী সংগঠনৰ সহযোগত কৰা কথিত আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ সৈতে জড়িত থকাৰ গোচৰত শনিবাৰে আনজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয় । আন এক অভিযানত সেনা আৰু মণিপুৰ আৰক্ষীৰ যুটীয়া দলে কাংভাই আৰু মলহৈ অঞ্চলৰ মাজৰ সিংঘাত এলেকাত ছজন লোকক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক: Manipur CM on Manipur violence: মণিপুৰৰ সংঘৰ্ষক গোষ্ঠী সংঘৰ্ষৰ বিপৰীতে প্ৰৰোচিত সংঘৰ্ষ আখ্যা মুখ্যমন্ত্ৰী বীৰেণ সিঙৰ

চূড়াচান্দপুৰস্থিত ITLF ৰ মঞ্চই আহ্বান জনোৱা বন্ধৰ বাবে ইম্ফলৰ পৰা প্ৰায় ৬৭ কিলোমিটাৰ নিলগৰ চুৰাচান্দপুৰ জিলা সদৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ হৈ পৰে । ITLF এ ঘোষণা কৰা অনুসৰি মেইটেই সম্প্ৰদায়ৰ বসতিপূৰ্ণ সকলো সীমান্ত অঞ্চল ছীল কৰা হৈছিল আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহো বন্ধ কৰা হৈছিল ।

যোৱা সপ্তাহত নিৰুদ্দেশ হোৱা শিক্ষাৰ্থী দুগৰাকীৰ মৃতদেহৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে ভৈয়ামৰ জিলাসমূহত ৰাজহুৱা প্ৰতিবাদৰ সৃষ্টি হয় । সোমবাৰে ভুক্তভোগী শিক্ষাৰ্থী দুগৰাকীৰ অভিভাৱকে শেষকৃত্য সমাপনৰ বাবে তেওঁলোকৰ সন্তানৰ মৃতদেহ গতাই দিবলৈ চৰকাৰক কঠোৰভাৱে দাবী জনায় ।

ৰাজ্য চৰকাৰৰ প্ৰভাৱত কেন্দ্ৰীয় সংস্থাসমূহে নিৰ্বাচিত আৰু বৈষম্যমূলকভাৱে গোচৰ মুকলি কৰা আৰু তদন্ত কৰা বুলি উঠা অভিযোগ নাকচ কৰি কেন্দ্ৰীয় সংস্থাসমূহে কয় যে তদন্ত আৰু গ্ৰেপ্তাৰ কঠোৰভাৱে আইন অনুসৰি কৰা হৈছে ৷ ভাৰতীয় দণ্ডবিধিৰ অধীনত কোনো পক্ষপাতিত্ব প্ৰদৰ্শন হোৱা নাই ৷ কোনো ধৰ্ম বা সম্প্ৰদায়ৰ বিৰুদ্ধেও কোনো পক্ষপাতিত্ব প্ৰদৰ্শন কৰা হোৱা নাই ।

দেওবাৰে মণিপুৰী শিক্ষাৰ্থী দুগৰাকীক অপহৰণ আৰু হত্যাৰ লগত জড়িত থকা বুলি অভিযোগ উত্থাপন কৰা চাৰিজন ব্যক্তিক এই গোচৰৰ তদন্তৰ সময়ত সংগ্ৰহ কৰা প্ৰাৰম্ভিক প্ৰমাণৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা বুলি CBI ৰ এগৰাকী বিষয়াই প্ৰকাশ কৰে । CBI, মণিপুৰ আৰক্ষী আৰু সেনাৰ যৌথ অভিযানত চাৰিওজনক গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক: Manipur violence : মেইটেই, কুকি আৰু নগাৰ মাজত ক্ষমতাৰ ভাগ বতৰা কৰাৰ পৰামৰ্শ সুগত বসুৰ

NIA ই এইটোও স্পষ্ট কৰি দিয়ে যে শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা ছেইমিনলুন গাংটে SUV বিস্ফোৰণৰ গোচৰৰ অন্যতম মূল অভিযুক্ত, যিটো এতিয়া কোৱাকটা বিস্ফোৰণ নামেৰে জনাজাত ৷ সেই ঘটনাত এটি শিশুকে ধৰি তিনিজন আহত হৈছিল ৷

বৰ্তমান আদালতৰ পৰা ট্ৰেনজিট ৰিমাণ্ড লাভ কৰি ছেইমিনলুন গাংটেক নতুন দিল্লীলৈ অনা হয় । NIA ই যথাযথ আইন মানি চলা বুলি পুনৰ উল্লেখ কৰি কেন্দ্ৰীয় বিষয়াগৰাকীয়ে কয় যে, সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে সংগ্ৰহ কৰা প্ৰমাণসমূহ যোগ্য আদালতৰ সন্মুখত দাখিল কৰা হ’ব ৷ ইয়াৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগক ভিত্তিহীন আখ্যা দি তদন্ত নিৰপেক্ষ আৰু কঠোৰ হ’ব বুলি জানিবলৈ দিয়ে বিষয়াজনে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.