ETV Bharat / bharat

বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩ ৰ দ্বিতীয় দিন, উপস্থিত থাকিব গৃহমন্ত্ৰী শ্বাহ

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 8:52 AM IST

আজি উত্তৰাখণ্ডৰ ডেৰাডুনত আয়োজিত বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয় দিন । আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে । গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে (Uttarakhand Global Investors Summit 2023) ৷

Uttarakhand Global Investors Summit 2023
বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩

নেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ : শুকুৰবাৰৰ পৰা উত্তৰাখণ্ডৰ ডেৰাডুনত আৰম্ভ হৈছে গ্ল’বেল ইনভেষ্টাৰ্ছ ছামিট, অৰ্থাৎ বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০২৩ । এই বিশ্ব বিনিয়োগকাৰী সন্মিলন উদ্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । আজি বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয় দিন ৷ এই সন্মিলনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ সামৰণি মাৰিব গৃহমন্ত্ৰী অমিত শ্বাহে ।

ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত অনুষ্ঠিত হৈ থকা গ্ল’বেল ইনভেষ্টৰ্ছ ছামিটত দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ বিনিয়োগকাৰী আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । গ্ল’বেল ইনভেষ্টাৰ্ছ ছামিটত প্ৰথম দিনাই ৪৪ হাজাৰ কোটিতকৈ অধিক মূল্যৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ।

গৃহমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে বলিষ্ঠ ব্যৱস্থা :

মন কৰিবলগীয়া যে, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ধামিৰ চৰকাৰে ৰাজ্যখনক নতুন বিনিয়োগৰ গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ আয়োজন কৰিছে । ভাৰত আৰু বিদেশৰ বহু উদ্যোগিকে এই শিখৰত উপনীত হৈছে । কালি (শুকুৰবাৰ) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত অনুষ্ঠিত বিশ্ব বিনিয়োগকাৰী সন্মিলনত অংশগ্ৰহণ কৰে ।

আদৰণিৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এফ আৰ আইত আয়োজিত বিশ্ব বিনিয়োগকাৰী সন্মিলনকাৰ্যসূচী উদ্বোধন কৰে । লগতে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামিৰ ভাষণেৰে কাৰ্যসূচী আৰম্ভ হয় ।

ভাৰত আৰু বিদেশৰ উদ্যোগো অংশগ্ৰহণ :

এই কাৰ্যসূচীত উদ্যোগপতি প্ৰণৱ আদানীয়ে গড়ৱাল আৰু কুমাওঁ অঞ্চলত তেওঁৰ বিনিয়োগ আৰু উদ্যোগৰ বিষয়ে তথ্য আগবঢ়ায় । জে এছ ডব্লিউ গ্ৰুপৰ অধ্যক্ষ তথা এম ডি সজ্জন জিন্দালেও অনুষ্ঠানত দিয়া ভাষণত তেওঁৰ পৰিকল্পনাৰ বিষয়ে তথ্য আগবঢ়ায় । ইয়াৰে ঠিক পিচতেই আইটিচিৰ এমডি সঞ্জীৱ পুৰীয়ে বিশ্ব বিনিয়োগকাৰী সন্মিলন নিজৰ মতামত আগবঢ়ায় । বিশ্ব বিনিয়োগকাৰী সন্মিলনত প্ৰথম দিনাই ৪৪ হাজাৰ কোটিতকৈ অধিক মূল্যৰ বুজাবুজি চুক্তি স্বাক্ষৰিত হয় ।

গৃহমন্ত্ৰীয়ে গ্ল’বেল ইনভেষ্টৰ্ছ ছামিটৰ সামৰণি মাৰিব :

মূলতঃ EV (Electric Vehicles), ৰিয়েল এষ্টেট, স্বাস্থ্যসেৱা, উচ্চ শিক্ষা, পৰ্যটন, চলচ্চিত্ৰ, আয়ুছ আৰু শক্তি খণ্ডত বিনিয়োগৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছিল । এই বিনিয়োগে ৰাজ্যৰ উন্নয়নত নতুন গতি প্ৰদান কৰিব । আজি বিশ্বব্যাপী বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ সামৰণি মাৰিব গৃহমন্ত্ৰী অমিত শ্বাহে।

গৃহমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে বলিষ্ঠ ব্যৱস্থা :

আজি পৰমৰ্থ নিকেতনৰ গংগা ঘাটত গৃহমন্ত্ৰী অমিত শ্বাহে আৰতি কৰিব । গৃহমন্ত্ৰীৰ এই কাৰ্যসূচীৰ বাবে আৰক্ষীয়ে নিৰাপত্তাৰ ব্যৱস্থাটো কটৰটীয়া কৰি তুলিছে ৷ তথ্য অনুসৰি, ৫ জন এছ পি, ৮ জন চি অ’, ৮ জন পৰিদৰ্শক, ২৫ জন উপ পৰিদৰ্শক, পি এ চিৰ দুটা প্লাটুনকে ধৰি প্ৰায় ৩০০ আৰক্ষীক গৃহমন্ত্ৰীৰ নিৰাপত্তাৰ বাবে নিয়োগ কৰা হৈছে ।

লগতে পঢ়ক : চিল্কয়াৰা সুৰংগ উদ্ধাৰ অভিযানৰ নায়ক গব্বৰ সিঙক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.