ETV Bharat / bharat

Karnataka Polls 2023 : কৰ্ণাটক নিৰ্বাচনৰ প্ৰচাৰত আজি মোডীৰ ব্যস্ত কাৰ্যসূচী, ৰাহুল-প্ৰিয়ংকাৰো প্ৰচাৰ অভিযান

author img

By

Published : May 2, 2023, 12:48 PM IST

কৰ্ণাটকত এতিয়া উত্তপ্ত হৈ পৰিছে নিৰ্বাচনী বতাহ । অহা ১০ মে'ত অনুষ্ঠিত হ'ব দক্ষিণ ভাৰতৰ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন (Karnataka Assembly Election 2023) । ইতিমধ্যে বিজেপি, কংগ্ৰেছকে ধৰি ৰাজ্যৰ আটাইকেইটা ৰাজনৈতিক দলেই প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে । বিশেষকৈ ৰাজ্যত শাসনাধিষ্ঠিত বিজেপিয়ে শাসনৰ বাঘজৰী ধৰি ৰাখিবলৈ আপ্ৰাণ চেষ্টা চলোৱা দেখা গৈছে । তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে মাৰাথন প্ৰচাৰ চলাই আছে । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকে ধৰি বিভিন্ন নেতাও প্ৰচাৰ অভিযানত নামি পৰিছে ।

Karnataka Election 2023
কৰ্ণাটকত এতিয়া উত্তপ্ত হৈ পৰিছে নিৰ্বাচনী বতাহ

নিউজ ডেস্ক, ২ মে' : কৰ্ণাটকত বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই থকা বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হৈ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰৰ বাবে সাজু হৈছে (PM Modi election campaign in Karnataka) । মঙলবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দলীয় প্ৰাৰ্থীৰ বাবে প্ৰচাৰ চলাব । প্ৰধানমন্ত্ৰীয়ে অভিযানৰ দ্বিতীয় পৰ্যায়ত চিত্ৰদুৰ্গা, হোচপেট, সিন্দনুৰ, কালাবুৰাগীত এক ৰোড শ্ব' আৰু সন্মিলনত অংশগ্ৰহণ কৰিব (BJP election campaign in Karnataka) ।

মঙলবাৰে চাৰিটা স্থানত মোডীৰ প্ৰচাৰ : প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে পুৱা ১১ বজাত চিত্ৰদুৰ্গাত এক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিছে (Karnataka Assembly election 2023) । তাৰ পৰা গৈ তেওঁ বিজয়নগৰ জিলাৰ সদৰ হোচপেটত আন এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব । তেওঁ বিয়লি ৪ বজাত ৰাইচুৰ জিলাৰ সিন্ধুৰত অনুষ্ঠিত হ'বলগীয়া এক কাৰ্যসূচীত ৰাইজক সম্বোধন কৰিব ৷

সন্ধিয়া ৬.৩০ বজাত প্ৰধানমন্ত্ৰী মোডীয়ে এআইচিচিৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ (AICC president Mallikarjuna Kharge) গৃহ জিলা কালাবুৰাগীত এক ৰোড শ্ব' অনুষ্ঠিত কৰিব ৷ প্ৰধানমন্ত্ৰী মোডী তাতেই নিশাটো কটাই বুধবাৰে মাংগালোৰত উপস্থিত হ'ব বুলি বিজেপি সূত্ৰত প্ৰকাশ ।

উল্লেখ্য যে, নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি নিৰ্বাচনী প্ৰচাৰে তীব্ৰ গতি লাভ কৰিছে । সকলো দলেই আগ্ৰাসীভাৱে প্ৰচাৰ অভিযান চলাই আছে । ৰাজ্যখনৰ প্ৰতিটো প্ৰন্ততে এতিয়া এক নিৰ্বাচনী প্ৰচাৰৰ পৰিৱেশ । আনহাতে, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভদ্ৰায়ো ইতিমধ্যে প্ৰচাৰ কাৰ্যত নামি পৰিছে (Priyanka Gandhi in Karnataka election campaign) ।

প্ৰিয়ংকাই মঙলবাৰে ৰাজ্যখনৰ চাৰিটা স্থানত প্ৰচাৰ চলাব । তেওঁ মঙলবাৰে দুপৰীয়া ১২ বজাত মাণ্ড্যত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব । পিছত তাৰ পৰা গৈ তেওঁ বিয়লি 4 বজাত কোলাৰৰ চিন্তামণিত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব ।

আনহাতে, সন্ধিয়া 5.30 বজাত প্ৰিয়ংকা গান্ধীয়ে বাংগালোৰ গ্ৰামাঞ্চলৰ হস্কোটত অনুষ্ঠিত হ'বলগীয়া এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব । সন্ধিয়া 7.15 বজাত কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকাই বাংগালুৰুৰ চিভি ৰমন নগৰত এক ৰোড শ্ব' অনুষ্ঠিত কৰিব আৰু দলৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব । নিশাটো প্ৰিয়ংকা গান্ধীয়ে বাংগালুৰুতে কটাব ।

ৰাহুল গান্ধীৰ প্ৰচাৰ অভিযান : ইফালে ৰাহুল গান্ধীয়ে মঙলবাৰে পুৱা ১১.৩০ বজাত শিমোগা জিলাৰ থেৰথাহাল্লিত এক ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিছে (Rahul Gandhi Campaign in Karnataka) । তাৰ পিচত তেওঁ দুপৰীয়া 1.20 বজাত দাভানগেৰ জিলাৰ হৰিহাৰাত আন এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব । পিছত আবেলি 3.15 বজাত তেওঁ চিক্কামাগালুৰত এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক : Karnataka 2023 poll manifesto: বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক ভুৱা আখ্যা কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.