ETV Bharat / bharat

Ayushman bhava campaign: ৰাষ্ট্ৰপতি মুৰ্মূৱে ভাৰ্চুৱেলী মুকলি কৰিব ’আয়ুষ্মান ভৱ’ অভিযান

author img

By ANI

Published : Sep 13, 2023, 7:15 AM IST

Ayushman bhava campaign
’আয়ুষ্মান ভৱ’ অভিযান ভাৰ্চুৱেলী মুকলি কৰিব ৰাষ্ট্ৰপতি মুৰ্মূৱে

13 ছেপ্টেম্বৰত ‘আয়ুষ্মান ভৱ’ অভিযান ভাৰ্চুৱেলী মুকলি কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে ৷ অহা 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ ‘সেৱা পখোৱাদা’ৰ সময়ত ৰূপায়ণ হ’ব এই আচঁনিখন ৷

নেশ্যনেল ডেস্ক, 13 ছেপ্টেম্বৰ: সমগ্ৰ দেশতে সুলভ স্বাস্থ্যসেৱা আৰু ইয়াৰ সৰ্বাংগীনতাক পুনৰ সংজ্ঞায়িত কৰিবলৈ 13 ছেপ্টেম্বৰত আয়োজন কৰা হৈছে এক অনুষ্ঠানৰ ৷ এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে দূৰদৰ্শী ‘আয়ুষ্মান ভৱ’ অভিযান উদ্বোধন কৰিব বুলি চৰকাৰী বিবৃতিযোগে প্ৰকাশ পাইছে ।

ভাৰ্চুৱেলী মুকলি কৰা হ’ব এই অনুষ্ঠানৰ, যিয়ে ইউনিভাৰ্চেল হেল্থ কভাৰেজ (UHC) লাভ কৰাৰ দিশৰ লগতে সকলোৰে বাবে স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হ’ব । অহা 17 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ ‘সেৱা পখোৱাদা’ৰ সময়ত ৰূপায়ণ হ’বলগীয়া এই অভিযানত অন্তৰ্গত কৰোৱা হৈছে সমগ্ৰ জাতি আৰু সমগ্ৰ সমাজক । ভৌগোলিক বাধাসমূহ অতিক্ৰম কৰি প্ৰতিখন গাঁও আৰু চহৰলৈ ব্যাপক স্বাস্থ্যসেৱা প্ৰদান কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে এই অভিযানৰ ।

আয়ুষ্মান ভৱ অভিযানত গ্ৰাম পঞ্চায়তৰ নেতৃত্বত স্বাস্থ্য বিভাগ, অন্যান্য চৰকাৰী বিভাগ, গ্ৰামাঞ্চল আৰু চহৰৰ স্থানীয় নিৰ্বাচিত সংস্থাসমূহৰ সমন্বয়ত এক সহযোগিতামূলক প্ৰচেষ্টা । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী মানসুখ মাণ্ডাভিয়া, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভাৰতী প্ৰবীণ পাৱাৰ, আৰু এছ পি সিং বাঘেল; সদস্য (স্বাস্থ্য), নিটি আয়োগৰ ভি কে পল, কেইবাজনো সংসদ সদস্য আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল ।

বিভিন্ন খণ্ডৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী, আৰু তেওঁলোকৰ বিষয়াসকল অৰ্থাৎ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা প্ৰতিনিধিক অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱা হৈছে । জিলা সদৰ, ব্লক মুখ্য কাৰ্যালয় আৰু নিজৰ গাঁৱৰ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ পৰাও বৃহৎ সংখ্যক জনপ্ৰতিনিধি, হিতাধিকাৰী আৰু অংশগ্ৰহণকাৰী অনুষ্ঠানটোত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Telangana Assembly Election : 6 মাহৰ পাচতে প্ৰকাশ পাব তেলেংগানা বিধানসভা নিৰ্বাচনৰ অধিসূচনা- কেটিআৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.