ETV Bharat / bharat

President Droupadi Murmu at Amritsar : কটকটীয়া নিৰাপত্তাৰ মাজত শ্ৰী হৰমন্দিৰ চাহিব দৰ্শন ৰাষ্ট্ৰপতিৰ

author img

By

Published : Mar 9, 2023, 6:49 PM IST

President Droupadi Murmu at Amritsar
কটকটীয়া নিৰাপত্তাৰ মাজত শ্ৰী হৰমন্দিৰ চাহিব দৰ্শন ৰাষ্ট্ৰপতিৰ

দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে বৃহস্পতিবাৰে অমৃতসৰৰ সচখণ্ড শ্ৰী হৰমন্দিৰ চাহিব দৰ্শন কৰে (President Droupadi Murmu at Amritsar)। বিমানবন্দৰত তেওঁক পাঞ্জাৱৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীয়ে আদৰণি জনায় । গুৰু নানক দেৱ বিশ্ববিদ্যালয়ৰ বাহিৰত প্ৰতিবাদ ।

নেশ্যনেল ডেস্ক, ৯ মাৰ্চ : এদিনীয়া ভ্ৰমণসূচীৰে অমৃতসৰত উপস্থিত দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু (President Murmu at Punjab)। বৃহস্পতিবাৰে অমৃতসৰত উপস্থিত হয় ৰাষ্ট্ৰপতিগৰাকী । শ্ৰী গুৰু ৰামদাস আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ৰাষ্ট্ৰপতি মুৰ্মুক ৰাজ্যপাল বনোৱাৰীলাল পুৰোহিত আৰু পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে আদৰণি জনায় । তাৰ পাছতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে সচখণ্ড শ্ৰী হৰমন্দিৰ চাহিবত উপস্থিত হয় (Droupadi Murmu Punjab visit)।

হৰমন্দিৰ চাহিবত প্ৰণাম জনাই ৰাষ্ট্ৰপতিগৰাকীয়ে জালিয়ানৱালা বাগ, দুৰ্জিয়ানা মন্দিৰ আৰু শ্ৰী ৰাম তীৰ্থও পৰিদৰ্শন কৰে । ইফালে ৰাষ্ট্ৰপতিৰ আগমনৰ বাবে সচখণ্ড শ্ৰী হৰমন্দিৰ চাহিবলৈ অহা তীৰ্থযাত্ৰীসকলে যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় (President Murmu visits Sri Harmandir Sahib)। কিয়নো নিৰাপত্তাজনিত কাৰণত আন ভক্তসকলক বাহিৰত ৰখাই দিয়া হৈছিল ।

ইফালে ৰাষ্ট্ৰপতিৰ উপস্থিতি সন্দৰ্ভত পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে টুইট কৰি কয় যে, দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু অমৃতসৰত উপস্থিত হোৱাৰ পাছত তেওঁক উষ্ম আদৰণি জনোৱা হয় । তেওঁক পাঞ্জাৱ চৰকাৰে গুৰু নগৰীত ধৰ্মীয়, ঐতিহাসিক, সাংস্কৃতিক আৰু ঐতিহ্যৰ এক আভাস দিবলৈ চেষ্টা কৰিব (Punjab CM tweet on President visits)।

আনহাতে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অমৃতসৰ ভ্ৰমণৰ পূৰ্বে গুৰু নানক দেৱ বিশ্ববিদ্যালয়ৰ বাহিৰত 'খালিস্তান জিন্দাবাদ'ৰ শ্ল'গান দিয়া দেখা গৈছে । শিখছ ফৰ জাষ্টিছৰ সাধাৰণ প্ৰধান গুৰপতৱন্ত সিং পান্নুৱে ইয়াৰ নেতৃত্ব লৈছিল । অৱশ্যে এই প্ৰতিবাদৰ তথ্য পোৱাৰ লগে লগে অমৃতসৰ আৰক্ষী প্ৰশাসনে বেনাৰবোৰ আঁতৰাই পেলায় (Protest at Amritsar during President visits)।

ইফালে ৰাষ্ট্ৰপতি আগমন প্ৰতি লক্ষ্য ৰাখি অমৃতসৰত যান বাহনৰ চলাচলৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ নিৰ্দেশনা প্ৰদান কৰিছে যানবাহন আৰক্ষীয়ে । কেইবাটাও পথত যান-বাহনৰ চলাচলৰ দিশ সলনি কৰাৰ লগতে ভিতৰৰ মূল পথত গধুৰ যান-বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে । ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অমৃতসৰত নিৰাপত্তা ব্যৱস্থা যথেষ্ট কটকটীয়া কৰি তোলা হয় । যথেষ্ট সংখ্যক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলক মোতায়েন কৰা ।

লগতে পঢ়ক:Satish Kaushik passes away: সতীশ কৌশিকৰ মৃত্যুত শোক প্ৰকাশ বহু অভিনেতা-পৰিচালকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.