ETV Bharat / bharat

Preity Zinta Fitness: ৪৮ বছৰ বয়সতো নিজকে এনেদৰে ফিট ৰাখিছে প্ৰীতি জিন্টাই

author img

By

Published : Mar 23, 2023, 12:35 PM IST

সাধাৰণতে এনেকুৱা হোৱা দেখা যায় যে ৫০ বছৰত ভৰি দিয়া মহিলাসকলে প্ৰায়ে নিজকে বাৰ্ধক্যৰ দিশে আগবাঢ়ি যোৱা যেন অনুভৱ কৰে । কেৱল এয়াই নহয় এইটো সময়ছোৱাত মহিলাসকলে বহু ৰোগ তথা সমস্যাৰ সন্মূখীন হ'বলগীয়া হয় সেয়ে এনে পৰিস্থিতিত সকলোৱে বলীউডৰ ডিম্পল গাৰ্ল প্ৰীতি জিণ্টাৰ এই ফিটনেছ টিপছ সমূহ অনুসৰণ কৰা উচিত ।

Preity Zinta is a powerhouse of strength her workout video is proof
৪৮ বছৰ বয়সতো নিজকে এনেদৰে ফিট ৰাখিছে অভিনেত্ৰী প্ৰীতি জিন্টাই

২০০০-২০১০ দশকত বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি জিন্টা(Preity Zinta)। এতিয়া অভিনেত্ৰীগৰাকীৰ বয়স ৪৮ বছৰ যদিও বয়সৰ পৰা কোনেও অনুমান কৰিব নোৱাৰে যে তেওঁৰ পঞ্চাশ বছৰৰ ওচৰ চাপিছে(Preity Zinta Fitness)।

দৰাচলতে অভিনেত্ৰীগৰাকীৰ ফিটনেছৰ সৈতে তেওঁৰ বৃদ্ধি পোৱা বয়সক প্ৰত্যাহ্বান জনাবলৈ কাম কৰি আছে । ৪৮ বছৰ বয়সত প্ৰীতি জিণ্টাই বিভিন্ন ধৰণৰ ব্যায়াম কৰি আছে, যিটো দেখি আপুনি তেওঁৰ ষ্টেমিনা আৰু শৰীৰৰ ষ্ট্ৰেচেবিলিটি অনুমান কৰিব পাৰে । গতিকে, জানো আহক নিজৰ বয়স কম দেখাবলৈ প্ৰীতি জিন্টাই কেনেধৰণৰ ব্যায়াম কৰে(Images of Preity Zinta Fitness)৷

এই ৩টা ব্যায়ামেই হৈছে প্ৰীতি জিণ্টাৰ ফিটনেছৰ ৰহস্য

১/ কেবল পুলী স্কোৱাট-Cable pulley squats

শেহতীয়াকৈ প্ৰীতি জিণ্টাই নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰিছিল য’ত অভিনেত্ৰীগৰাকীয়ে কেবল ব্যৱহাৰ কৰি স্কোৱাট কৰা দেখা গৈছে । স্কোৱাট সকলো কাৰ্ডিঅ’ ৱৰ্কআউটৰ ভিতৰত অন্যতম(What does Preity Zinta eat?) । ই শৰীৰৰ তলৰ অংশৰ পেশীসমূহক লক্ষ্য কৰি নিতম্ব, উৰু, গ্লুটছ আৰু উৰুৰ পেশীসমূহক টোন কৰাত সহায় কৰে । এই ধৰণৰ স্কোৱাটে শৰীৰৰ তলৰ অংশত আঘাত পোৱাৰ সম্ভাৱনা কম কৰাত সহায় কৰে । ইয়াৰ উপৰিও কেবল পুলি স্কুৱাটৰ সুবিধাও বহুত । স্কুৱাটৰ দৰেই গোটেই দিনটো পৰ্যাপ্ত গতি লাভ কৰাটো সহায়ক হয় আৰু লগতে কোৰটোও শক্তিশালী কৰে(Preity Zinta workout routine)।

২/ দৌৰাৰ দৰে কাৰ্ডিঅ' ব্যায়াম - Cardio Exercise

প্ৰীতি জিণ্টাই দৌৰাৰ দৰে কাৰ্ডিঅ’ এক্সাৰচাইজ কৰে । আচলতে ই বহু দিশত শৰীৰৰ বাবে উপকাৰী । আচলতে দৌৰে কেৱল ওজন কমাবলৈ সহায় কৰাই নহয় ই পেশীবোৰো শক্তিশালী কৰাত সহায় কৰে । ইয়াৰ উপৰিও অবিৰত দৌৰাৰ দৰে কাম কৰিলেও আপোনাৰ ছাল আৰু চুলি সুস্থ হৈ থাকে । ইয়াৰ লগতে ই ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে ।

৩/ শৰীৰৰ বেলেঞ্চ ব্যায়াম (Balance training exercise)

Preity Zinta এ বিভিন্ন ধৰণৰ বডি বেলেন্সিং এক্সাৰচাইজ কৰে । ইয়াৰ ফলত শৰীৰত ভাৰসাম্য সৃষ্টি হয় আৰু শৰীৰৰ ভিতৰত টানিব পৰা ক্ষমতা থাকে । লগতে শৰীৰৰ বিভিন্ন অংশ সুস্থ কৰি ৰখাত আৰু ইয়াক টোন কৰাত সহায় কৰে । ইয়াৰ উপৰিও অবিৰতভাৱে কৰিলে শৰীৰৰ ষ্টেমিনা বৃদ্ধি পায় আৰু গধুৰ ব্যায়াম কৰাত সহায় কৰে ।

লগতে পঢ়ক: Juhi Parmarয়ে শ্বেয়াৰ কৰা এই পদ্ধতিৰ দ্বাৰা আপুনিও সহজতে ঘৰতে তৈয়াৰ কৰক ভিটামিন C ছিৰাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.