ETV Bharat / bharat

100 units free Power in Rajasthan : ৰাজস্থানত ১০০ ইউনিটলৈকে বিনামূলীয়া বিদ্যুৎ; ঘোষণা মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jun 1, 2023, 1:23 PM IST

মুখ্যমন্ত্ৰী অশোক গেহলটে ৰাজস্থানৰ প্ৰতিটো পৰিয়ালৰ বাবে ১০০ ইউনিটকৈ বিনামূলীয়া বিদ্যুত যোগানৰ কথা ঘোষণা কৰে (100 units free electricity in Rajasthan) । মুখ্যমন্ত্ৰীৰ মতে, এই পদক্ষেপে কমকৈ ব্যৱহাৰ কৰা পৰিয়ালৰ অৰ্থনৈতিক বোজা হ্ৰাস কৰিব ।

100 units free Power in Rajasthan
100 units free Power in Rajasthan

নিউজ ডেস্ক, ১ জুন : সন্মুখত বিধানসভা নিৰ্বাচন (Rajasthan assembly election 2023) । তাৰ পৰিপ্ৰেক্ষিতত ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা । ৰাইজৰ পৰা লাভ কৰা প্ৰতিক্ৰিয়া আৰু মুদ্ৰাস্ফীতি সাহায্য শিবিৰত কৰা পৰ্যবেক্ষণৰ প্ৰতি সঁহাৰি জনাই গেহলটে এক গুৰুত্বপূৰ্ণ ঘোষণাত বিদ্যুতৰ বিলত শ্লেব অনুসৰি ৰেহাইৰ সংশোধন কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে (free electricity revised in Rajasthan) । তদুপৰি, মে' মাহৰ বাবে বিদ্যুতৰ বিলত ইন্ধন চাৰ্চাৰ্জ সন্দৰ্ভত ৰাইজে উত্থাপন কৰা দাবীৰ কথাও বিবেচনা কৰা হৈছে ।

এই নতুন আঁচনিৰ অধীনত প্ৰতিমাহে ১০০ ইউনিটলৈকে বিদ্যুৎ ব্যৱহাৰ কৰা পৰিয়ালবোৰে আৰু কোনো বিদ্যুতৰ বিল পৰিশোধ কৰাৰ প্ৰয়োজন নহ'ব (100 units free electricity in Rajasthan) । প্ৰথম ১০০ ইউনিটৰ বাবে বিদ্যুতৰ মাচুল সম্পূৰ্ণৰূপে ৰেহাই দিয়া হ'ব । এই পদক্ষেপৰ উদ্দেশ্য হৈছে কমকৈ বিদ্যুৎ শক্তি ব্যৱহাৰ কৰা পৰিয়ালবোৰক তেওঁলোকৰ অৰ্তনৈতিক বোজা হ্ৰাস কৰি সকাহ প্ৰদান কৰা ।

আনহাতে, প্ৰতি মাহে ১০০ ইউনিটতকৈ অধিক বিদ্যুৎ ব্যৱহাৰ কৰা পৰিয়ালবোৰেও সংশোধিত আঁচনিৰ পৰা লাভান্বিত হ'ব । তেওঁলোকে ব্যয় কৰা প্ৰথম ১০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব । ইয়াৰ অৰ্থ হৈছে যে মুঠ বিদ্যুতৰ বিলৰ পৰিমাণ নিৰ্বিশেষে এই পৰিয়ালবোৰক তেওঁলোকে ব্যৱহাৰ কৰা প্ৰথম ১০০ ইউনিটৰ বাবে মাচুল লোৱা নহ'ব ।

ইয়াৰ উপৰি মধ্যবিত্ত লোকসকলক সহায় কৰাৰ বাবে গেহলট চৰকাৰে প্ৰতিমাহে ২০০ ইউনিটলৈকে বিদ্যুৎ ব্যৱহাৰ কৰা পৰিয়ালবোৰৰ বাবেও এক নিৰ্দিষ্ট ব্যৱস্থা কৰিছে (Rajasthan CM declared 100 units free electricity) । পূৰ্বৱৰ্তী শ্ৰেণীৰ দৰে প্ৰথম ১০০ ইউনিট বিদ্যুৎ বিনামূলীয়া হ'ব । ইয়াৰ উপৰি ২০০ ইউনিটলৈকে নিৰ্ধাৰিত মাচুল, ইন্ধন চাৰ্চাৰ্জ আৰু অন্যান্য সকলো সংশ্লিষ্ট মাচুল ৰেহাই দিয়া হ'ব । ৰাজ্য চৰকাৰে এই ব্যয় মধ্যবিত্ত গ্ৰাহকৰ ওপৰত অৰ্থনৈতিক চাপ হ্ৰাস কৰাৰ লক্ষ্যৰে বহন কৰিব বুলি উল্লেখ কৰিছে ।

উল্লেখ্য, মুখ্যমন্ত্ৰী গেহলটে ঘোষণা কৰা এই সিদ্ধান্তটোৱে এতিয়া ৰাইজৰ পৰা কেনে প্ৰতিক্ৰিয়া লাভ কৰে সেয়া বিচাৰ্যৰ কথা হ'ব (Rajasthan Chief Minister Ashok Gehlot) । এই পদক্ষেপটো এক গুৰুত্বপূৰ্ণ সময়ত গ্ৰহণ কৰা হৈছে । কিয়নো ৰাজস্থানত বছৰটোৰ শেষৰ ফালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ।

কংগ্ৰেছ দলৰ গেহলট চৰকাৰে যি বিনামূলীয়া বিদ্যুতৰ প্ৰতিশ্ৰুতিৰ সংশোধন কৰিছে সেয়াও এক নিৰ্বাচনী ৰণকৌশল বুলি বিবেচিত হৈছে । কিয়নো পূৰ্বতে কৰ্ণাটকত এই প্ৰতিশ্ৰুতি সফল বুলি প্ৰমাণিত হৈছে । এই সংশোধিত নীতিৰ উদ্দেশ্য হৈছে জনসাধাৰণে সন্মুখীন হোৱা সমস্যা আৰু তাৰ ওপৰত প্ৰদান কৰা মতামত সমাধান কৰা । লগতে এই লাভালাভবোৰ যাতে অধিক কাৰ্যকৰীভাৱে বিতৰণ কৰা হয় সেইটো নিশ্চিত কৰা ।

লগতে পঢ়ক :LPG Cylinder New Price: বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ মৃল্য ৮৩.৫০ টকা হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.