ETV Bharat / bharat

বিশ্ব হিন্দু পৰিষদৰ ৰাজ্যিক সভাপতিক ত্ৰিপুৰা আৰক্ষীৰ চমন

author img

By

Published : Sep 3, 2021, 7:08 PM IST

police summons tripura vhp president over muslim girl abduction
বিশ্ব হিন্দু পৰিষদৰ ৰাজ্যিক সভাপতিক ত্ৰিপুৰা আৰক্ষীৰ চমন

অপহৰণ কাণ্ডৰে জড়িত থকাৰ অভিযোগত বিশ্ব হিন্দু পৰিষদৰ ৰাজ্যিক সভাপতিক ত্ৰিপুৰা আৰক্ষীৰ চমন ৷ মুছলমান সম্প্ৰদায়ৰ এগৰাকী যুৱতীৰ অপহৰণ কাণ্ডৰে জড়িত থকাৰ অভিযোগত নেতাগৰাকীক চমন জাৰি কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ এই কাৰ্যক তীব্ৰ গৰিহণা বিশ্ব হিন্দু পৰিষদৰ ৷

আগৰতলা , 3 ছেপ্তেম্বৰ : অপহৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বিশ্ব হিন্দু পৰিষদ(Vishwa Hindu Parishad)ৰ ত্ৰিপুৰাৰ ৰাজ্যিক সভাপতি(Tripura state President) গৰাকীক ত্ৰিপুৰা আৰক্ষী(Tripura Police)এ চমন জাৰি কৰিছে ৷ চিপাহিজালা আৰক্ষী জিলাৰ অন্তৰ্গত বিশালগড় অঞ্চলত সংঘটিত এটা অপহৰণ কাণ্ডৰ তদন্তৰ বাবে ত্ৰিপুৰা আৰক্ষীয়ে ত্ৰিপুৰাৰ ৰাজ্যিক সভাপতি চন্দ্ৰশেখৰ কৰ(Chandrasekhar Kar)ক চমন জাৰি কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি, নিউ কেপিটেল কমপ্লেক্স আৰক্ষী চকী(New Capital Complex police station)ত তেওঁক কেইবাঘন্টা ধৰি জেৰা চলোৱা হয় ৷ অৱশ্যে এই ঘটনাত হিন্দু সংগঠনটোৱে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে ৷ বিশ্ব হিন্দু পৰিষদৰ সাংগঠনিক সম্পাদক পূৰ্ণ চন্দ্ৰ মণ্ডলে(Purna Chandra Mandal) আৰক্ষীৰ এই কাৰ্যক তীব্ৰ গৰিহণা দিয়াৰ লগতে পৰিষদৰ সৈতে জড়িত লোকসকলক হাৰাশাস্তি কৰাৰ পূৰ্বে প্ৰশাসনক দুবাৰকৈ চিন্তা কৰিবলৈ সকীয়াই দিয়ে ৷

লগতে পঢ়ক : ত্ৰিপুৰাত পুনৰ তৃণমূলৰ কৰ্মীক আক্ৰমণ

মণ্ডলে কয়, "আৰক্ষীয়ে যেতিয়াই কোনো সহায় বিচাৰে আমাৰ লোকসকলে সহযোগ কৰে ৷ সেয়ে আইনৰ ওপৰত ভৰসা কৰি আমাৰ ৰাজ্যিক সভাপতিগৰাকী থানালৈ গৈছিল ৷ কিন্তু তাত তেওঁক কেইবাঘণ্টা ধৰি ৰখাই থোৱা হয় ৷ এয়া গ্ৰহণযোগ্য নহয় ৷ আমি এই কাৰ্যক গৰিহণা দিছো আৰু বিষয়টোত আৰক্ষীৰ লগতে চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছো ৷"

মুছলমান সম্প্ৰদায়ৰ এগৰাকী ছোৱালীক কৰবাৰ পৰা অপহৰণ কৰাৰ পাচতেই আৰক্ষী বিভাগ হিন্দু পৰিষদৰ নেতাসকলৰ পিছে পিছে দৌৰি থকা বুলি মন্তব্য কৰে ৷ কিন্তু, বহু হিন্দু ছোৱালী লাভ জেহাদৰ জালত পৰা ঘটনাৰ ক্ষেত্ৰত আৰক্ষীয়ে নিৰৱ ভূমিকা গ্ৰহণ কৰে বুলি মণ্ডলে অভিযোগ উত্থাপন কৰে ৷ তেওঁ কয় যে, যি সময়ত বহু হিন্দু ছোৱালী লাভ জেহাদৰ ফান্দত আৱদ্ধ হৈ থকাৰ পাচতো আৰক্ষীয়ে কোনো গুৰুত্ব প্ৰদান নকৰে, সেই সময়তে অপহৰণ কাণ্ডৰ বিষয়ে একো নজনা হিন্দু পৰিষদৰ নেতাগৰাকীক আৰক্ষী থানালৈ মাতি নি ঘণ্টাজুৰি অপমান কৰা হৈছে ৷

লগতে পঢ়ক : তৃণমূলক খালী বাচনৰ সৈতে তুলনা মানিক সাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.