ETV Bharat / bharat

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী-ৰাজ্যপাললৈ আম পঠিয়ালে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে

author img

By

Published : Jun 21, 2022, 2:49 PM IST

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী-ৰাজ্যপাললৈ আম পঠিয়ালে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী-ৰাজ্যপাললৈ আম পঠিয়ালে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই (Bangladesh Prime Minister Sheikh Hasina) আম্ৰপালি প্ৰজাতিৰ আম উপহাৰ হিচাবে পঠাইছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ । ত্ৰিপুৰাৰ ৰাজ্যপাল সত্যদেও নাৰায়ণ আৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ মাণিক সাহাৰ (Tripura Chief Minister Dr. Manik Saha) লগতে ৰাজ্যখনৰ জ্যেষ্ঠ মুক্তিযোদ্ধাসকলৰ নামত প্ৰেৰণ কৰিছে উক্ত আমৰ উপহাৰ ।

আগৰতলা, ২০ জুন : দেশৰ ভিতৰত পশ্চিমবংগ আৰু চুবুৰীয়া দেশৰ ভিতৰত বাংলাদেশ আমৰ বাবে বিখ্যাত (Mangoes of India)। বৰ্তমান আমৰ বতৰ । ফলৰ ৰজা আম এতিয়া বজাৰত উভৈনদী । বিশেষকৈ বংগ আৰু বাংলাদেশৰ বিভিন্ন প্ৰজাতিৰ উৎকৃষ্ট আমৰ চাহিদা বহুত । এই আমবোৰে সদায় গ্ৰাহকক আকৃষ্ট কৰি আহিছে । আনহাতে, বাংলাদেশ-ভাৰতৰ মাজত আমৰ আদান-প্ৰদান এক পৰম্পৰা বুলিব পাৰি । নিজ নিজ দেশৰ উৎকৃষ্ট প্ৰজাতিৰ আম দুয়োখন দেশৰ সন্মানীয় ব্যক্তিসকলক উপহাৰ হিচাপে প্ৰদান কৰি অহা হৈছে (Mangoes gifted to the reknown persons)। এইবাৰ তেনে এক উৎকৃষ্ট প্ৰজাতিৰ আম বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে উপহাৰ হিচাবে পঠালে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীলৈ (Bangladesh PM gifted Mangoes to Tripura CM)।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই (Bangladesh Prime Minister Sheikh Hasina) আম্ৰপালি প্ৰজাতিৰ আম উপহাৰ হিচাবে পঠাইছে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাললৈ । ত্ৰিপুৰাৰ ৰাজ্যপাল সত্যদেও নাৰায়ণ আৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ মাণিক সাহাৰ (Tripura Chief Minister Dr. Manik Saha) লগতে ৰাজ্যখনৰ জ্যেষ্ঠ মুক্তিযোদ্ধাসকলৰ নামত প্ৰেৰণ কৰিছে উক্ত আমৰ উপহাৰ।

বতৰৰ ফল আমৰ অতি উৎকৃষ্ট প্ৰজাতি আম্ৰপালি (Amrapali Variety of Mango)ত্ৰিপুৰাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত আৰিফ মহম্মদৰ জৰিয়তে প্ৰেৰণ কৰিছে প্ৰধানমন্ত্ৰী শ্বেখ হাচিনাই (Arif Mohammad, Assistant High Commissioner of Bangladesh)। সোমবাৰে আবেলি আগৰতলা-আখাউৰা সীমান্তৰ 'জিৰো পইণ্ট'ত (Zero Point of Agartala-Akhaura border) তেওঁ ৮০০ কেজি ওজনৰ আমখিনি গ্ৰহণ কৰে ।

ইয়াৰ পিছত সহকাৰী উচ্চায়ুক্তগৰাকীয়ে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডঃ মাণিক সাহাক এক সৌজন্যতামূলক ফোন কৰি নিজহাতে আনুষ্ঠানিকভাৱে আমখিনি উপহাৰ হিচাবে প্ৰদান কৰে । মুখ্যমন্ত্ৰীয়ে উক্ত উপহাৰ আন্তৰিকতাৰে গ্ৰহণ কৰি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ধন্যবাদ জ্ঞাপন কৰে । উক্ত উপহাৰ প্ৰদান অুষ্ঠানত ত্ৰিপুৰাত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তৰ সৈতে উপস্থিত থাকে সহকাৰী উচ্চ আয়োগৰ প্ৰথম সচিব ৰেজাউল হক চৌধুৰী (First Secretary of Assistant High Commission) আৰু এছএম আছাদুজ্জামান । ইয়াৰ পিছত উক্ত আমখিনি শুভাকাংক্ষীৰ মাজত বিতৰণ কৰা হয় ।

লগতে পঢ়ক: ত্ৰিপুৰাত ৰে'লৰ পৰা ১.১৯ কোটিৰ ড্ৰাগছ জব্দ বিএছএফৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.