ETV Bharat / bharat

PM Modi on Shikshak Adhiveshan : শিক্ষাৰ্থীসকলৰ সৈতে শিক্ষকসকলকো আপডেট কৰিব লাগে; প্ৰধানমন্ত্ৰী

author img

By

Published : May 12, 2023, 8:09 PM IST

শুকুৰবাৰে আহমেদাবাদ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে উষ্ম আদৰণি জনায় । আহমেদাবাদ বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰী মোডী গান্ধীনগৰলৈ ৰাওনা হয় (PM Modi Speech on Shikshak Adhiveshan Function) । তাত তেওঁ শিক্ষক সংঘৰ অধিবেশনত অংশগ্ৰহণ কৰে ।

PM Modi on Shikshak Adhiveshan
PM Modi on Shikshak Adhiveshan

নিউজ ডেস্ক, ১২ মে' : প্ৰধানমন্ত্ৰী মোডীয়ে শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে গুজৰাটত উপস্থিত হয় (PM Modi Gujarat visit) । তেওঁৰ ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হয় । প্ৰধানমন্ত্ৰী মোডীয়ে পুৱা প্ৰায় ১০.৩০ বজাত আহমেদাবাদ বিমানবন্দৰত উপস্থিত হয় (Prime Minister Narendra Modi) । তাত তেওঁক মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ লগতে অন্যান্যসকলে আদৰণি জনায় । আহমেদাবাদ বিমানবন্দৰৰ পৰা তেওঁ পোনে পোনে গান্ধীনগৰলৈ ৰাওনা হয় । গান্ধীনগৰত অনুষ্ঠিত শিক্ষা সন্মিলনত তেওঁ বিশেষ অতিথি হিচাপে উপস্থিতি থাকে (Gujarat CM Bhupinder Patel welcome Modi) ।

শিক্ষা সন্মিলনত উপস্থিত থাকি মোডীয়ে কয়, "যেতিয়া মই গুজৰাটত আছিলোঁ, প্ৰাথমিক শিক্ষকসকলৰ সৈতে ৰাজ্যখনৰ সমগ্ৰ শিক্ষা ব্যৱস্থা সলনি কৰাৰ অভিজ্ঞতা মোৰ আছিল । এই সময়ছোৱাত আধাতে স্কুল এৰাৰ অনুপাত আছিল 40 শতাংশ । বৰ্তমান সেয়া ৩ শতাংশতকৈও কম । শিক্ষকসকলৰ সহায়ত এইটো সম্ভৱ হৈছে ।" গুজৰাটৰ শিক্ষকসকলৰ সৈতে হোৱা তেওঁৰ অভিজ্ঞতাই ৰাষ্ট্ৰীয় পৰ্যায়তো নীতিগত আন্তঃগাঁথনিত যথেষ্ট সহায় কৰা বুলি তেওঁ উল্লেখ কৰে (PM Modi Speech on Shikshak Adhiveshan Function) ।

মোডীয়ে লগতে কয়, "সাধাৰণতে যেতিয়া মই বিদেশী নেতাসকলক লগ পাওঁ, মই গৌৰৱেৰে ভাৰতীয় শিক্ষকসকলৰ অৱদানৰ বিষয়ে কওঁ । প্ৰথম বিদেশ ভ্ৰমণ আছিল ভূটানলৈ কৰা বিদেশ ভ্ৰমণ । সেই সময়ত ভূটানৰ জ্যেষ্ঠ ৰজাজনে মোক কৈছিল যে তেওঁৰ প্ৰজন্মৰ বহুতো লোক আছে, যিসকলক ভাৰতীয় শিক্ষকসকলে শিক্ষাদান কৰিছে । তেওঁলোকে গৌৰৱেৰে সেই কথা কয় । যেতিয়া মই চৌডি আৰবলৈ গৈছিলোঁ, চৌডি আৰবৰ ৰজাই মোক বহুত ভাল পাইছিল ।" চৌডি ৰজাৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "মই তেওঁৰ পৰা বহুত মৰম পাইছিলোঁ । ওচৰত বহিবলৈ কৈছিল । তেওঁৰ শৈশৱৰ শিক্ষকজন এজন গুজৰাটী তথা এজন ভাৰতীয় আছিল । সেইকাৰণে ইমান ডাঙৰ আৰু সমৃদ্ধ দেশৰ মহাপুৰুষসকলে গৌৰৱেৰে ভাৰতীয় শিক্ষকসকলৰ বিষয়ে আলোচনা কৰি আছে ।"

শিক্ষা ব্যৱস্থা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে কয়, পূৰ্বতে শিক্ষকসকলে আন্তঃগাঁথনিৰ অভাৱ আৰু সঁজুলিৰ অভাৱৰ দৰে অসুবিধাৰ সন্মুখীন হ'বলগা হৈছিল । সেই সময়ত শিক্ষাৰ্থীসকলৰ পৰা কোনো বিশেষ প্ৰত্যাহ্বান নাছিল । শিক্ষকসকলৰ বৰ্তমান সঁজুলি আৰু আন্তঃগাঁথনিৰ কোনো অভাৱ নাই । কিন্তু আজিৰ প্ৰজন্মৰ শিক্ষাৰ্থীসকলৰ কৌতূহল অভিভাৱকৰ লগতে শিক্ষকসকলৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে । আজিৰ শিক্ষাৰ্থীসকল আত্মবিশ্বাসী আৰু নিৰ্ভীক । তেওঁলোকৰ প্ৰকৃতিয়ে শিক্ষকসকলক প্ৰত্যাহ্বান জনাইছে । শিক্ষাৰ পৰম্পৰাগত আৱৰণৰ পৰা নতুন কিবা বিচাৰিব খোজে । তেওঁলোকৰ কৌতুহলেই শিক্ষকসকলক প্ৰত্যাহ্বান জনাইছে । সেয়েহে শিক্ষাৰ্থীসকলৰ সৈতে শিক্ষকসকলকো আপডেট কৰিব লাগে ।

লগতে পঢ়ক :Uddhav Turns Heat on Shinde Govt : অধ্যক্ষই নিৰ্ণয় কৰিব লাগিব ১৬ বিধায়কৰ ভাগ্য; উদ্ধৱ থাকৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.