ETV Bharat / bharat

105 th Mann ki Baat: মন কী বাতত ঘোঁৰা পুথিভঁৰাল বিষয়ে উল্লেখ প্ৰধানমন্ত্ৰীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 24, 2023, 7:12 PM IST

Updated : Sep 24, 2023, 9:24 PM IST

105 th Mann ki Baat
মন কী বাতৰ 105 সংখ্যক খণ্ডত ঘোড়া পুথিভঁৰালৰ উল্লেখ প্ৰধানমন্ত্ৰীৰ

মন কী বাতৰ 105 সংখ্যক খণ্ডটি দেওবাৰে সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ উত্তৰাখণ্ডৰ নাইনিতাল জিলাত যুৱক-যুৱতীসকলৰ দ্বাৰা পৰিচালিত ঘোঁৰা পুথিভঁৰালৰ কথা উল্লেখ কৰে এই খণ্ডত ।

নেশ্যনেল ডেস্ক, 24 ছেপ্টেম্বৰ: দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতৰ 105 সংখ্যক খণ্ডটি সম্বোধন কৰে । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰাখণ্ডৰ নাইনিতাল জিলাত যুৱক-যুৱতীসকলৰ দ্বাৰা পৰিচালিত ঘোঁৰা পুথিভঁৰালৰ কথা উল্লেখ কৰে । যুৱক-যুৱতীসকলৰ এই অভিযানক প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত কয় যে দেশত শিক্ষাক সদায় সেৱা হিচাপে গ্ৰহণ কৰি অহা হৈছে । উত্তৰাখণ্ডৰ একাংশ যুৱকে ঘোঁৰা পুথিভঁৰালৰ জৰিয়তে দুৰ্গম অঞ্চলৰ শিশুসকলক বিনামূলীয়াকৈ গ্ৰন্থ যোগান ধৰি আহিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এতিয়ালৈকে নাইনিতালৰ 12 খন গাঁও ঘোঁৰা পুথিভঁৰালৰ জৰিয়তে সামৰি লোৱা হৈছে । স্থানীয় ৰাইজেও শিশুসকলক শিক্ষাৰ সৈতে সংযোগ কৰিবলৈ আগবাঢ়ি আহিছে । এই ঘোঁৰা পুথিভঁৰালৰ জৰিয়তে সুদূৰ গাঁৱত বসবাস কৰা ল’ৰা-ছোৱালীয়ে স্কুলৰ কিতাপৰ বাহিৰেও কবিতা, গল্প আৰু নৈতিক শিক্ষাৰ কিতাপ পঢ়াৰ সম্পূৰ্ণ সুযোগ লাভ কৰিছে ।

ঘোঁৰা পুথিভঁৰাল কি? নৈনীতাল জিলাৰ কোটাবাঘ উন্নয়ন খণ্ডৰ বাঘনি, জালনা, মহলধুৰা, আলেখ, গৌতীয়া, ধীনভাখৰাক, বাঁহীত থকা ঘোঁৰা পুথিভঁৰালৰ জৰিয়তে দুৰ্গম অঞ্চলৰ আৰ্তজনৰ শিশুসকলক গ্ৰন্থ প্ৰেৰণ কৰা হৈছে । ইয়াৰ উদ্দেশ্য হৈছে শিশুসকলক কিতাপৰ সৈতে সংযোগ কৰা । যাতে দুৰ্গম অঞ্চলৰ শিশুসকল শিক্ষাৰ পৰা বঞ্চিত নহয় । এই কথা মনত ৰাখি এই পদক্ষেপ আৰম্ভ কৰা হয় । সংকল্প যুৱ ন্যাসৰ সহায়ত হিমোট্টাহানৰ হৈ শিশু সাহিত্যৰ পুঁথিসমূহ শিশুসকলৰ মাজলৈ প্ৰেৰণ কৰা হৈছে ।

বাৰিষাৰ সময়ত বিদ্যালয় বন্ধ কৰিবলগীয়া হ’লে এই পুথিভঁৰালটো সহায়ক বুলি প্ৰমাণিত হয় । এনে পৰিস্থিতিত স্কুলীয়া ল’ৰা-ছোৱালীয়ে ভ্ৰাম্যমাণ পুথিভঁৰালৰ পৰাই পঢ়া-শুনাৰ সুযোগ পায় । কিতাপৰ যোগান ধৰা শুভম বধনীয়ে বাঘনী, ছদা আৰু জালনা গাঁৱৰ একাংশ যুৱক-যুৱতী আৰু স্থানীয় শিক্ষাৰ প্ৰেৰণাদাতাৰ সহযোগত ঘোঁৰা পুথিভঁৰাল আৰম্ভ কৰে । প্ৰাৰম্ভিক পৰ্যায়ত গ্ৰামসভা জলনাবাসী কবিতা ৰাৱট আৰু বাঘনিবাসী সুভাষ বধনী এই অভিযানৰ সৈতে জড়িত আছিল । লাহে লাহে গাঁৱৰ আন এচাম যুৱক-যুৱতী আৰু স্থানীয় অভিভাৱকেও এই অভিযানত যোগদান কৰে ।

লগতে পঢ়ক: Stopping running train: 11 বছৰীয়া মুৰ্চেলিমৰ প্ৰত্যুৎপন্নমতিতাৰ বাবেই জীৱন ৰক্ষা পৰিল শতাধিকৰ

Last Updated :Sep 24, 2023, 9:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.