ETV Bharat / bharat

Rishabh Pant Accident : ঋষভ পণ্টৰ আশু আৰোগ্য কামনা প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Dec 30, 2022, 9:50 PM IST

Pant
Pant

দিল্লীৰ পৰা ৰুড়কীলৈ উভতাৰ সময়ত এক পথ দুৰ্ঘটনাত পতিত হয় ক্ৰিকেটাৰ ঋষভ পণ্ট (Rishabh Pant Accident) । তেওঁৰ গাড়ীখনে হাম্মাদপুৰ ঝালৰ ওচৰৰ ৰুঢ়কীৰ নৰচান সীমান্তৰ ডিভাইডাৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ।

নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হোৱা ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সদস্য ঋষভ পণ্টৰ সুস্বাস্থ্য আৰু দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে (Modi prayed for Rishabh Pant good health) । উল্লেখ্য, দিল্লীৰ পৰা ৰুড়কীলৈ উভতি অহাৰ সময়ত পণ্ট দুৰ্ঘটনাত পতিত হয় । তেওঁৰ গাড়ীখনে ৰুড়কীৰ হাম্মাদপুৰ ঝালৰ ওচৰৰ নৰচান সীমান্তৰ ডিভাইডাৰত খুন্দা মৰাৰ ফত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ।

"ক্ৰিকেটাৰ ঋষভ পণ্টৰ দুৰ্ঘটনাত দুখিত । মই তেওঁৰ সুস্বাস্থ্য আৰু সুস্থতাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ।" প্ৰধানমন্ত্ৰী মোদীয়ে এনেদৰে টুইট কৰে (PM Modi twitted for Pant recovery) । উল্লেখ্য, গাড়ীখনত অকলে থকা পণ্টে পিঠি, কপাল আৰু ভৰিত আঘাত পাইছে । দিল্লী-ডেৰাডুন ঘাইপথত সংঘটিত দুৰ্ঘটনাটোত পণ্টে নিজে তেওঁৰ গাড়ীখন চলাই আহিছিল ।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ (Board of Control for Cricket in India, BCCI) এক বিবৃতি অনুসৰি, পণ্টৰ কপালত দুঠাইত কটা গৈছে । আনহাতে, তেওঁৰ সোঁ আঁঠুত লিগামেণ্ট ছিঙিছে আৰু লগতে তেওঁৰ সোঁহাতৰ মণিবন্ধ, গোৰোহা আৰু ভৰিৰ আঙুলিত আঘাত পাইছে । ইয়াৰ উপৰি তেওঁৰ পিঠিত ছাল এৰাইছে ।

"ঋষভৰ অৱস্থা সুস্থিৰ হৈ আছে আৰু তেওঁক বৰ্তমান ডেৰাডুনৰ মেক্স হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে । তাত তেওঁৰ আঘাতৰ পৰিমাণ জানিবলৈ আৰু তেওঁৰ পৰৱৰ্তী চিকিৎসাৰ প্ৰক্ৰিয়া প্ৰস্তুত কৰিবলৈ এমআৰআই স্কেন কৰা হৈছে । সংবাদ মাধ্যমক দিয়া বিচিচিআইৰ বিবৃতিত এই কথা প্ৰকাশ (PM Modi wishes quick recovery to Rishabh Pant) ।

বিবৃতিটো অনুসৰি, বিচিচিআয়ে পণ্টৰ পৰিয়ালৰ সৈতে নিৰন্তৰ যোগাযোগ কৰি আছে । আনহাতে, চিকিৎসা দলটোৱে বৰ্তমান তেওঁৰ চিকিৎসা কৰি থকা চিকিৎসকসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্কত আছে । বোৰ্ডে লগতে কয় যে, তেওঁলোকে এইটো চাব যে পণ্টে যিমান পাৰি সম্ভৱ সৰ্বশ্ৰেষ্ঠ চিকিৎসা সেৱা যাতে লাভ কৰে আৰু এই বেদনাদায়ক পৰ্যায়ৰ পৰা ওলাই অহাৰ বাবে প্ৰয়োজনীয় সকলো সমৰ্থন তেওঁ লাভ কৰে ।

উল্লেখ্য যে, উইকেটৰক্ষক বেটছমেনজনে ৩৩ খন টেষ্ট মেচত ভাৰতক প্ৰতিনিধিত্ব কৰি ৪৩.৬৭ গড়ে ২২৭১ ৰাণ সংগ্ৰহ কৰিছে । তেওঁৰ নামৰ বিপৰীতে পাঁচটা টেষ্ট শতক আছে । তেওঁৰ সৰ্বোচ্চ ৰাণ হৈছে অপৰাজিত 159 । আনহাতে, পণ্টৰ নামৰ বিপৰীতে ১১৯ টা কেচ আৰু ১৪ টা ষ্টাম্পিং আছে ।

ইয়াৰ উপৰি এদিনীয়াত তেওঁ 30 খন মেচত 34.60 গড়ে 865 ৰাণ সংগ্ৰহ কৰিছে । ইয়াৰে ভিতৰত 106.65 ষ্ট্ৰাইক ৰেটেৰে পাঁচটা অৰ্ধশতক আৰু এটা শতক তেওঁৰ নামত আছে । উইকেটৰ পিছফালে থাকি এদিনীয়াত পণ্টে 26 টা কেচ আয়ত্ত কৰাৰ বিপৰীতে এটা ষ্টাম্পিং কৰিছে । আনহাতে, 66 খন টি-20ত উইকেটৰক্ষক বেটছমেনগৰাকীয়ে 22.43 গড়ে 987 ৰাণ সংগ্ৰহ কৰিছে । তেওঁৰ নামৰ বিপৰীতে 126.37 ষ্ট্ৰাইক ৰেটেৰে তিনিটা অৰ্ধশতক আছে ।

লগতে পঢ়ক :Rishabh pant car accident : কেনেকৈ দুৰ্ঘটনাত পতিত হ’ল ঋষভ পন্ট; প্ৰত্যক্ষদৰ্শীয়ে দিলে বৰ্ণনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.