ETV Bharat / bharat

Rishabh pant car accident : কেনেকৈ দুৰ্ঘটনাত পতিত হ’ল ঋষভ পন্ট; প্ৰত্যক্ষদৰ্শীয়ে দিলে বৰ্ণনা

author img

By

Published : Dec 30, 2022, 6:54 PM IST

Updated : Dec 30, 2022, 7:14 PM IST

Rishabh pant car accident
কেনেকৈ হৈছিল ঋষভ পণ্টৰ দুৰ্ঘটনা

উত্তৰাখণ্ডৰ হৰিদ্বাৰত দুৰ্ঘটনাত পতিত হৈ আঘাতপ্ৰাপ্ত হয় ক্ৰিকেটাৰ ঋষভ পণ্ট (Cricketer Rishabh Pant injured in road accident) । 108 এম্বুলেন্স সেৱাৰ এগৰাকী ফাৰ্মাচিষ্ট মনু কুমাৰে তেওঁক প্ৰথমে উদ্ধাৰ কৰিছিল । মনু কুমাৰে ক'লে দুৰ্ঘটনাৰ পাছত পণ্টক তেওঁলোকে কেনেদৰে পণ্টক উদ্ধাৰ কৰিছিল ।

নেশ্যনেল ডেস্ক, 30 ডিচেম্বৰ : দিল্লীৰ পৰা ঘৰলৈ ওভতাৰ পথত শুকুৰবাৰে পুৱতি নিশা উত্তৰাখণ্ডৰ হৰিদ্বাৰত দুৰ্ঘটনাত পতিত হয় ক্ৰিকেটাৰ ঋষভ পণ্ট (Cricketer Rishabh Pant injured in road accident) । তেওঁক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে ডেৰাডুনৰ মেক্স চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । কিন্তু তেওঁৰ দুৰ্ঘটনাটো কেনেকৈ হ'ল ?

ঘটনাস্থলীৰ পৰা ক্ৰিকেটাৰজনক উদ্ধাৰ কৰা প্ৰথমগৰাকী ব্যক্তি আছিল মনু কুমাৰ । মনু কুমাৰ এগৰাকী ফাৰ্মাচিষ্ট আৰু 108 এম্বুলেন্স সেৱাৰ বাবে কাম কৰে (108 Pharmacist rescued Rishabh Pant)। ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত মনু কুমাৰে কয় যে পুৱা 5.28 বজাত তেওঁ এগৰাকী কাৰখানাৰ কৰ্মচাৰীৰ পৰা ফোন পাইছিল যে মহম্মদপুৰ ঝালৰ ওচৰত মোদৰ ওচৰত এটা দুৰ্ঘটনা সংঘটিত হৈছে আৰু তেওঁ তাৎক্ষণিকভাৱে তাত উপস্থিত হ'ব লাগিব ।

মনু কুমাৰে জনোৱা মতে তেওঁ সাতৰ পৰা আঠ মিনিটৰ ভিতৰত ঘটনাস্থলীত উপস্থিত হৈছিল । তেওঁ তাত ক্ৰিকেটাৰ ঋষভ পণ্টক দেখিছিল । তেওঁক গাড়ীৰ পৰা উলিয়াবলৈ চেষ্টা কৰোতে তেওঁৰ কাপোৰ ফাটি গৈছিল । লগে লগে তেওঁক ষ্ট্ৰেচ্ছাৰত তুলি এম্বুলেন্সত ভৰোৱা হৈছিল । কথা পাতিবলৈ চেষ্টা কৰাৰ সময়ত ঋষভ পণ্ট সচেতন অৱস্থাত আছিল বুলি মনু কুমাৰে উল্লেখ কৰে । কিন্তু তেওঁ কথা ক'ব পৰা নাছিল । তেওঁক পেইন ৰিলিফ বেজী দিয়াৰ লগে লগে পণ্টে কিছু সকাহ পাইছিল বুলি মনু কুমাৰে জনায় ।

মনু কুমাৰে জনোৱা মতে, তেওঁলোকে ঋষভ পণ্টৰ ফটো এখন তুলি জিলা সদৰলৈ প্ৰেৰণ কৰিছিল । অৱশ্যে পণ্টে তেওঁৰ ফটো তুলিবলৈ প্ৰথম অৱস্থাত অনুমতি দিয়া নাছিল । তেতিয়া মনু কুমাৰ আৰু আন চিকিৎসাকৰ্মীয়ে ঋষভ পণ্টক তেওঁৰ পৰিয়ালৰ সদস্য বা বন্ধুবৰ্গৰ ফোন নম্বৰ দিবলৈ কৈছিল ।

কিন্তু ঋষভ পণ্টে কৈছিল যে, তেওঁৰ মাতৃৰ বাহিৰে আন কাৰো নম্বৰ তেওঁৰ মনত নাই (Rishabh Pant car accident)। ইয়াৰ পাছতে, তেওঁলোকে পণ্টৰ মাতৃক ফোন কৰিছিল আৰু ঘটনাটোৰ বিষয়ে অৱগত কৰিছিল । ফোন কৰাৰ কেইঘণ্টামান পাছতে তেওঁৰ পৰিয়ালৰ সদস্যসকল চিকিৎসালয়ত উপস্থিত হয় ।

মনু কুমাৰে লগতে কয় যে, যেতিয়া তেওঁলোকে পণ্টক এখন চিকিৎসালয়লৈ লৈ গৈ আছিল ৷ তেওঁলোকে সুধিছিল গাড়ীখন তেওঁ নিজে চলাই আছিল নেকি ? ঋষভ পণ্টে কৈছিল যে তেওঁ গাড়ী চলাবলৈ সময় নাপায় । সেয়েহে, তেওঁ গাড়ীখন চলাইছিল ।

দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হৈছিল সেই বিষয়ে তেওঁক সোধা হৈছিল আৰু পণ্টে কৈছিল যে, তেওঁৰ টোপনি আহিছিল আৰু লগে লগে গাড়ীখনে ডিভাইডাৰত খুন্দা মাৰিছিল । ঋষভ পণ্টৰ ডিঙিত এটা লাকী লকেটও আছিল, যিটো আৰক্ষীক হস্তান্তৰ কৰা হৈছে । ইয়াৰ লগতে তেওঁৰ কাপোৰ আৰু বেগো আৰক্ষীক হস্তান্তৰ কৰা হৈছে বুলি মনু কুমাৰে জনাইছে ।

লগতে পঢ়ক :Cricketer Rishabh Pant injured: ৰুৰকীত পথ দুৰ্ঘটনাত আহত ক্ৰিকেটাৰ ঋষভ পণ্ট

Last Updated :Dec 30, 2022, 7:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.