ETV Bharat / bharat

Bilaspur Vande Bharat Express: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব ষষ্ঠখন বন্দে ভাৰত এক্সপ্ৰেছ

author img

By

Published : Dec 11, 2022, 9:27 AM IST

প্ৰধানমন্ত্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ দ্বিতীয় ৰাজধানী ভ্ৰমণৰ সময়ত ৭৫ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব । লগতে তেওঁ নাগপুৰ আৰু বিলাসপুৰ সংযোগী ষষ্ঠখন বন্দে ভাৰত এক্সপ্ৰেছৰো (Vande Bharat high speed train) শুভাৰম্ভ কৰিব ।

Bilaspur Vande Bharat Express
Bilaspur Vande Bharat Express

নিউজ ডেস্ক, 11 ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে নাগপুৰ আৰু বিলাসপুৰ সংযোগী ষষ্ঠখন বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰিব (PM Modi to inaugurate Vande Bharat Express) । প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰে বুলি জনায় । বিশেষ সুৰক্ষা গোটৰ জোৱানৰ উপস্থিতিত আৰক্ষীয়ে ৰুট ট্ৰায়েলো কৰে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নতুন দিল্লীত এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, প্ৰধানমন্ত্ৰী মোদীয়ে মহাৰাষ্ট্ৰৰ দ্বিতীয় ৰাজধানী ভ্ৰমণৰ সময়ত ৭৫ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিব (vande bharat train time table) ।

প্ৰধানমন্ত্ৰীয়ে বন্দে ভাৰত এক্সপ্ৰেছ (নাগপুৰ আৰু বিলাসপুৰৰ মাজত) উদ্বোধন কৰি নাগপুৰ মেট্ৰ’ৰ প্ৰথম পৰ্যায় আৰম্ভ কৰিব । বিবৃতিটোত কোৱা হৈছে যে. প্ৰধানমন্ত্ৰী মোদীয়ে নাগপুৰ মেট্ৰ’ৰ দ্বিতীয় পৰ্যায়ৰো আধাৰশিলা স্থাপন কৰিব ৷ নাগপুৰ আৰু শিৰদী সংযোগী ‘সমৰুদ্ধি মহামাৰ্গ’ৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে ৷ বিদৰ্ভ চহৰত এক ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ১৫০০ কোটিৰো অধিক মূল্যৰ ৰে’ল প্ৰকল্প আৰম্ভ আৰু উদ্বোধন কৰিব বুলি পিএমঅ’ই জানিবলৈ দিয়ে ।

স্থানীয় প্ৰশাসনে প্ৰকাশ কৰা আংশিক ভ্ৰমণ কাৰ্যসূচী অনুসৰি নতুন দিল্লীৰ পৰা পুৱা ৯:৪০ বজাত নাগপুৰৰ ড৹ বাবাছাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈ চহৰৰ ৰে’ল ষ্টেচনলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী ৷ য’ত তেওঁ বন্দে ভাৰত এক্সপ্ৰেছৰ ফ্লেগ অফ কৰিব ৷ দিনটোৰ শেষত তেওঁ গোৱালৈ যোৱাৰ পূৰ্বে বিভিন্ন অনুষ্ঠানত অংশ ল’ব (Vande Bharat Train on Bilaspur Nagpur Route)।

আৰক্ষী আয়ুক্ত অমিতেশ কুমাৰে নিৰাপত্তাৰ ব্যৱস্থা চূড়ান্ত কৰাৰ কথা ঘোষণা কৰিছে ৷ প্ৰায় ৪ হাজাৰ জোৱান নিয়োগ কৰা হ’ব আৰু তেওঁলোকক কুইক ৰেচপঞ্চ টিম, সংঘাত নিয়ন্ত্ৰণ আৰক্ষী আৰু হোম গাৰ্ডে সহায় কৰিব বুলি বিষয়াসকলে জনায় । কেৱল এইমছ চৌহদতে প্ৰায় ১০০০ আৰক্ষী জোৱান নিয়োগ কৰা হ’ব বুলিও তেওঁলোকে লগতে কয় ।

লগতে পঢ়ক: Husband forced Wife to sleep with friends: নিষ্ঠুৰ স্বামী, বন্ধুৰ সৈতে শুবলৈ বাধ্য কৰিলে পত্নীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.