ETV Bharat / bharat

দেশৰ প্ৰথমখন সৌৰশক্তি চালিত গাঁও হ’ব গুজৰাটৰ মধেৰা

author img

By

Published : Oct 9, 2022, 6:51 AM IST

প্ৰধানমন্ত্ৰীয়ে 9 অক্টোবৰৰ পৰা তিনিদিনীয়া ভ্ৰমণৰ সময়ত নিজৰ গৃহৰাজ্য গুজৰাটত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰিব (PM Modi will be in Gujarat on Oct 9)। মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কয় যে, ২০৩০ চনৰ ভিতৰত নবীকৰণযোগ্য শক্তি উৎপাদনৰ জৰিয়তে ভাৰতৰ ৫০% শক্তিৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে দুয়োখন চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিছে (Gujarat CM bats for clean energy) ।

Indias first solar powered village Modhera
Indias first solar powered village Modhera

নিউজ ডেস্ক, 9 অক্টোবৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিখ্যাত সূৰ্য মন্দিৰ স্থিত গুজৰাটৰ মধেৰা গাঁৱক (Modhera Sun Temple) দেশৰ প্ৰথমখন সৌৰ শক্তি চালিত গাঁও হিচাপে ঘোষণা কৰিব ৷ গুজৰাটৰ ৰাজ্য চৰকাৰে জানিবলৈ দিছে এই কথা (India's first solar powered village Modhera) ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলে কয় যে, বিশুদ্ধ শক্তি উৎপাদনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীক পৰিপূৰ্ণ কৰাৰ ক্ষেত্ৰত গুজৰাটে আকৌ এবাৰ আগভাগ লৈছে ৷

2030 চনৰ ভিতৰত ভাৰতৰ শক্তিৰ প্ৰয়োজনীয়তাৰ 50 শতাংশ নবীকৰণযোগ্য শক্তিৰ জৰিয়তে উৎপাদন কৰাৰ তেওঁৰ সংকল্প পূৰণ কৰিবলৈ গুজৰাট চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি পেটেলে উল্লেখ কৰে (Gujarat CM bats for clean energy) ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মধেৰা সূৰ্য মন্দিৰৰ পৰা প্ৰায় 6 কিলোমিটাৰ দূৰত্বত মেহছানাৰ সুজ্জনপুৰাত থকা বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থাৰ (Battery Energy Storage System) সৈতে সংযুক্ত সৌৰশক্তি প্ৰকল্পৰ জৰিয়তে মধেৰাক 24 ঘণ্টাই সৌৰশক্তি প্ৰদানৰ বাবে ‘‘মধেৰা সূৰ্য মন্দিৰ আৰু নগৰৰ সৌৰায়ন’’ৰ আৰম্ভণি কৰে (Solarisation of Modhera Sun Temple and Town) ।

গুজৰাট চৰকাৰৰ বিবৃতি অনুসৰি, “এই প্ৰকল্পৰ জৰিয়তে মধেৰা হৈছে ভাৰতৰ প্ৰথমখন গাঁও যিয়ে নেট নবীকৰণযোগ্য শক্তি উৎপাদক হিচাপে পৰিগণিত হৈছে” । এই প্ৰকল্পৰ জৰিয়তে মানুহে বিদ্যুতৰ বিলত 60% ৰ পৰা 100% ৰাহি কৰিব বুলিও বিবৃতিটোত আৰু কোৱা হৈছে ।

মধেৰাৰ গাঁওবুঢ়া যতনবেন ঠাকুৰৰ মতে, সৌৰশক্তিৰ ব্যৱহাৰে নাগৰিকসকলৰ মাজত সমৃদ্ধি বৃদ্ধি কৰিছে । পূৰ্বে 1,000 টকাতকৈও বেছিকৈ অহা বিদ্যুতৰ বিল আজি প্ৰায় শূন্যলৈ হ্ৰাস পাইছে । সকলো সম্ভৱপৰ ঘৰতে বিনামূলীয়াকৈ Solar panel স্থাপন কৰা হৈছে । অতিৰিক্ত শক্তিৰ ক্ষেত্ৰত তেওঁলোকে অতিৰিক্ত উপাৰ্জন কৰিবলৈও সক্ষম হৈছে ৷

লগতে পঢ়ক: ১ নৱেম্বৰৰ পৰা আকাশ বিমানত নিব পাৰিব পোহনীয়া জন্তু

2011 চনৰ লোকপিয়ল অনুসৰি বেচাৰাজী তালুকৰ অধীনৰ মধেৰা গাঁৱৰ জনসংখ্যা 6373 জন । এই প্ৰকল্পৰ উন্নয়নৰ বাবে গুজৰাট চৰকাৰে 12 হেক্টৰ ভূমি আৱণ্টন দিছিল । কেন্দ্ৰ আৰু ৰাজ্যই দুটা পৰ্যায়ত ব্যয় কৰিছিল 80.66 কোটি টকা ।

গাঁওখনত বিদ্যুৎ উৎপাদন কৰা ঘৰসমূহত 1300ৰো অধিক ছাদৰ ওপৰত 1 কিলোৱাট ক্ষমতাসম্পন্ন Solar panel স্থাপন কৰা হৈছে । Solar panel-ৰ জৰিয়তে দিনৰ বিদ্যুৎ যোগান ধৰা হয় । সন্ধিয়া BESS য়ে ঘৰবোৰলৈ বিদ্যুৎ যোগানৰ ব্যৱস্থা কৰে । বিবৃতিটোত মধেৰাক সৌৰ ভিত্তিক অতি আধুনিক বৈদ্যুতিক বাহনৰ চাৰ্জিং ষ্টেচন থকা প্ৰথমখন আধুনিক গাঁও বুলি অভিহিত কৰা হৈছে ।

এই প্ৰকল্পৰ আন এটা পাৰ্থক্য হ’ল, ই ভাৰতৰ প্ৰথমটো গ্ৰীড সংযুক্ত মেগা ৱাট ঘণ্টাৰ স্কেলৰ বেটাৰী শক্তি সংৰক্ষণ ব্যৱস্থা । মধেৰা সূৰ্য মন্দিৰত মধেৰাৰ ইতিহাস প্ৰদৰ্শনৰ বাবে ব্যৱহাৰ কৰা হেৰিটেজ লাইটিং আৰু থ্ৰী-ডি প্ৰজেকচনে সৌৰশক্তিৰে কাম কৰিব (3D projection in Modhera)। সংৰক্ষিত প্ৰত্নতাত্ত্বিক স্থান, মধেৰাৰ সূৰ্য মন্দিৰে 9 অক্টোবৰত লাভ কৰিব থ্ৰী-ডি প্ৰজেকচনৰ সুবিধা । সৌৰশক্তি চালিত থ্ৰী-ডি প্ৰজেকচন উচৰ্গা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।

9 অক্টোবৰৰ পৰা তিনিদিনীয়া ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ গৃহৰাজ্য গুজৰাটত (PM Modi will be in Gujarat on Oct 9) বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: হনুমান মন্দিৰৰ বাবে দুই কোটি টকা মূল্যৰ ভূমি দান মুছলমান ব্যক্তিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.