ETV Bharat / bharat

Rajiv Gandhi 79th birth anniversary : জন্ম দিৱসত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক সুঁৱৰিলে কংগ্ৰেছৰ লগতে বিজেপি দলে

author img

By

Published : Aug 20, 2023, 2:02 PM IST

Updated : Aug 20, 2023, 2:22 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ 79 সংখ্যক জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, মল্লিকাৰ্জুন খৰ্গে আদিয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম বাৰ্ষিকীত ফুলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

tributes to Rajiv Gandhi on 79th birth anniversary
প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীলৈ প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি

নেশ্যনেল ডেস্ক, 20 আগষ্ট: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ 79 সংখ্যক জন্ম জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । টুইটাৰত এক পোষ্ট দি মোদীয়ে কয়, ''প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাজীৱ গান্ধী জীলৈতেওঁৰ জন্ম বাৰ্ষিকীত মোৰ শ্ৰদ্ধাঞ্জলি ৷ ''

ৰাজীৱ গান্ধী আছিল ভাৰতৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰী, যিয়ে 1984-89 চনৰ ভিতৰত কাৰ্যভাৰ গ্ৰহণ কৰিছিল । 1991 চনৰ মে’ মাহত তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত অনুষ্ঠিত হোৱা ৰাজহুৱা অনুষ্ঠানৰ সময়ত শ্ৰীলংকাৰ পৰা বিচ্ছিন্নতাবাদী সংগঠন লিবাৰেশ্যন টাইগাৰছ অৱ তামিল ইলাম (এলটিটিই)য়ে তেওঁক হত্যা কৰিছিল । ইফালে বৰ্তমান লাডাখত থকা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও শ্ৰদ্ধাঞ্জলি জনায় প্ৰয়াত পিতৃলৈ ।

  • On his birth anniversary, my tributes to former PM Shri Rajiv Gandhi Ji.

    — Narendra Modi (@narendramodi) August 20, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স চমুকৈ ইউ পি এৰ অধ্যক্ষ ছোনিয়া গান্ধীয়ে 20 আগষ্টত ‘বীৰ ভূমি’ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়েও প্ৰয়াত পিতৃলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জন্ম বাৰ্ষিকীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । 1984 চনৰ পৰা 1989 চনলৈ ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৰাজীৱ গান্ধীয়ে ।

ইফালে, প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ এখন প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ৰাহুলে অতীত ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে ৷ পিতৃৰ সৈতে হোৱা কথা-বতৰাৰ কথা মনত পেলাই দিয়ে কংগ্ৰেছ নেতাগৰাকীয়ে কয়, "মোৰ মনত আছে, সৰুতে মোৰ দেউতাই এবাৰ পাংগং ট্ছ' ভ্ৰমণৰ পৰা উভতি আহি মোক বিলখনৰ কিছু ছবি দেখুৱাইছিল । তেওঁ মোক কৈছিল যে এইখন পৃথিৱীৰ আটাইতকৈ ধুনীয়া ঠাই ।"

লগতে পঢ়ক: Rahul Gandhi in Ladakh : লাডাখত প্ৰয়াত পিতৃক শ্ৰদ্ধাঞ্জলি ৰাহুলৰ

Last Updated : Aug 20, 2023, 2:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.