ETV Bharat / bharat

মাদুৰাই মীনাক্ষী অমন মন্দিৰ পৰিদৰ্শন প্ৰধানমন্ত্ৰী মোদীৰ

author img

By

Published : Apr 2, 2021, 1:43 PM IST

pm-modi-offers-prayers-at-madurai-meenakshi-amman-temple
প্ৰধানমন্ত্ৰী মোদীৰ মাদুৰাই মীনাক্ষী অমন মন্দিৰ পৰিদৰ্শন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে তামিলনাডুৰ মাদুৰাইৰ বিখ্যাত মীনাক্ষী অম্মন মন্দিৰ ভ্ৰমণৰ সময়ত পৰম্পৰাগত 'ভেষ্টী' (ধুতি), চাৰ্ট আৰু 'অংগবস্ত্ৰ' পৰিধান কৰাৰ বিষয়ে তামিলনাডু বিজেপিয়ে টুইটাৰ হেণ্ডেলত পোষ্ট কৰে ৷ প্ৰধানমন্ত্ৰীয়ে এনডিএ প্ৰাৰ্থীসকলৰ সমৰ্থনত 2 এপ্ৰিলত মাদুৰাই আৰু কণ্যাকুমাৰীত ৰাজহুৱা সভাত সম্বোধন কৰাৰ কথাও উল্লেখ কৰে ।

নেছনেল ডেস্ক, 2 এপ্ৰিল: বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাদুৰাইৰ বিখ্যাত মীনাক্ষী অমন মন্দিৰ পৰিদৰ্শন কৰে ৷ তামিলনাডু বিজেপিয়ে টুইটাৰ হেণ্ডেলত মোদীয়ে তেওঁৰ ভ্ৰমণৰ সময়ত পৰিধান কৰা পৰম্পৰাগত 'ভেষ্টী' (ধুতি), চাৰ্ট আৰু 'অংগাবস্ত্ৰ'ৰ বিষয়ে উল্লেখ কৰা উপৰিও শুক্ৰবাৰে এন ডি এ নিৰ্বাচনী সমদল সম্বোধন কৰিবলৈ চহৰত উপস্থিত হোৱা মোডীৰ ছবিও পোষ্ট কৰিছিল ৷

মন্দিৰৰ পুৰোহিতসকলে পূজাৰ পিছতেই তেওঁক সন্মানৰ চিহ্ন হিচাপে ‘পূৰ্ণ কুম্ভ’ দিয়ে । প্ৰধানমন্ত্ৰীয়ে এনডিএ প্ৰাৰ্থীসকলক সমৰ্থন কৰি ২ এপ্ৰিলত মাদুৰাই আৰু কণ্যাকুমাৰীৰ ৰাজহুৱা সভা সম্বোধন কৰিব ।

উল্লেখযোগ্য যে, ৬ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তামিলনাডুৰ ২৩৪ খন বিধানসভা আসনৰ নিৰ্বাচনত বিজেপিয়ে শাসকীয় এআইএডিএমকে(AIADMK)ৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনৰ সন্মুখীন হ’ব ৷

বিজেপিয়ে কণ্যাকুমাৰী লোকসভাৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে দলৰ প্ৰাৰ্থী হৈছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পোন ৰাধাকৃষ্ণন । যিহেতু যোৱা বছৰ ক’ভিড-19ত মৃত্যু হোৱা কংগ্ৰেছ সাংসদ এইচ বসন্ত কুমাৰৰ মৃত্যুৰ বাবে অপৰিহাৰ্য হৈছিল ।

লগতে পঢ়ক : সাধাৰণ জনতাৰ বাবে মুকলি দিল্লী-মীৰাট এক্সপ্ৰেছৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.