ETV Bharat / bharat

Women's Reservation Bill 2023: মাতৃশক্তিৰ বৃদ্ধিয়ে দেশক এক নতুন দিশ দিব; প্ৰধানমন্ত্ৰী মোদী

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 2:27 PM IST

প্ৰতিজন সাংসদক ধন্যবাদ দিলে প্ৰধানমন্ত্ৰী মোদীৰ ৷ বুধবাৰে মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হোৱাৰ পাচতে প্ৰধানমন্ত্ৰী মোদীয়ে আজি সাংসদসকলক কৃতজ্ঞতা জ্ঞাপন কৰে ৷

Womens Reservation Bill 2023
মাতৃশক্তিৰ বৃদ্ধিয়ে দেশক এক নতুন দিশ দিব

নিউজ ডেস্ক, 21 ছেপ্টেম্বৰ : বুধবাৰে লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক গৃহত হোৱাৰ পাচতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ বৃহস্পতিবাৰে শাসকীয় দলৰ সাংসদ আৰু বিৰোধী দলৰ নেতাক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে ৷ ভাৰতৰ সংসদীয় যাত্ৰাৰ এক সোণালী মুহূৰ্ত বুলি অভিহিত কৰি মাতৃশক্তিৰ আস্থাই দেশক এক নতুন দিশ দিব বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

বৃহস্পতিবাৰে দিনৰ 11 বজাৰ পৰা সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ লগে লগে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰধানমন্ত্ৰীক সদনত ভাষণ দিবলৈ আমন্ত্ৰণ জনায় ৷ সেই ভাষণতে সকলো সাংসদক কৃতজ্ঞতা জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘বুধবাৰে লোকসভাত ভাৰতৰ সংসদীয় যাত্ৰাৰ সোণালী মুহূৰ্ত আছিল । এই ক্ষেত্ৰত সদনৰ সকলো সদস্যই ইয়াৰ অধিকাৰী, সকলো দলৰ সদস্য আৰু সকলো দলৰ নেতাও ইয়াৰ অধিকাৰী ।’’

তেওঁ পুনৰ কয় যে, নিম্ন সদনত বিধেয়কখন গৃহীত হোৱাৰ লগে লগে দেশৰ নাৰী শক্তিৰ নতুনকৈ সঞ্চাৰ হৈছে । ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হ’লে দেশৰ নাৰীশক্তিৰ আস্থাই দেশক এক নতুন দিশ দিব ৷ মহিলাক নতুন শক্তি প্ৰদানৰ ক্ষেত্ৰত আপোনালোক সকলোৰে আগবঢ়োৱা সহযোগিতাৰ বাবে মই সকলোকে আন্তৰিক অভিনন্দন জনাইছো বুলি তেওঁ উল্লেখ কৰে ৷

বুধবাৰে লোকসভাত মহিলা সংৰক্ষণ বিধেয়ক 2023ৰ সন্দৰ্ভত প্ৰায় 8 ঘণ্টাৰ আলোচনাৰ কৰা হৈছিল ৷ তাৰ পিচত বিধেয়কখনৰ বিপৰীতে 2 টা ভোট আৰু সমৰ্থনত 454 টা ভোট লাভ কৰি গৃহত হৈছিল ৷ উক্ত বিধেয়কখনক সমৰ্থন কৰে কংগ্ৰেছ, এছ পি, ডি এম কে, তৃণমূল কংগ্ৰেছকে ধৰি প্ৰায় সকলো বিৰোধী দলে ৷ অৱশ্যে আছাদুদ্দিন ওৱেইছি নেতৃত্বাধীন AIMIM এ এই বিধেয়কখনৰ বিৰোধিতা কৰে ।

লগতে পঢ়ক:Nari Shakti Vandan Adhiniyam Bill: নাৰী সংৰক্ষণ বিধেয়কক লৈ ৰাজ্যসভাত বিতৰ্ক আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.