ETV Bharat / bharat

Nari Shakti Vandan Adhiniyam Bill: নাৰী সংৰক্ষণ বিধেয়কক লৈ ৰাজ্যসভাত বিতৰ্ক আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 1:31 PM IST

নাৰী শক্তি বন্দন অধিনিয়ম বিধেয়ক লোকসভাত সফলতাৰে গৃহীত হয় । সাংসদসকলে বিধেয়কখনৰ সপক্ষে ৪৫৪ টা ভোট দিয়ে । ইফালে ৰাজ্যসভাত ইয়াৰ কাৰ্যকৰীকৰণৰ সময়সীমাক লৈ বিতৰ্ক অব্যাহত ।

Nari Shakti Vandan Adhiniyam Bill
নাৰী সংৰক্ষণ বিধেয়কক লৈ ৰাজ্যসভাত বিতৰ্ক আৰম্ভ

নেশ্যনেল ডেস্ক, ২১ ছেপ্টেম্বৰ : বৃহৎ সংখ্যাগৰিষ্ঠতাৰে সংসদৰ বিশেষ অধিবেশনৰ সময়ছোৱাত লোকসভাত গৃহীত হয় নাৰী সংৰক্ষণ বিধেয়ক । লোকসভাত অধিবেশনৰ তৃতীয় দিনা বিধেয়কখন গৃহীত হয় যদিও চতুৰ্থ দিনা ৰাজ্যসভাত ই এক গুৰুত্বপূৰ্ণ পৰীক্ষাৰ সন্মুখীন হৈছে । এই বিধেয়কক লৈ তীব্ৰ বিতৰ্ক কৰা হ'ব আৰু ভোটদান কৰা হ'ব ।

লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত এক-তৃতীয়াংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰাৰ প্ৰস্তাৱ থকা বিধেয়কখনে লোকসভাত সপক্ষে ৪৫৪ টা ভোট আৰু বিৰুদ্ধে মাত্ৰ দুটা ভোট লাভ কৰে । ভাৰতীয় ৰাজনীতিত মহিলাৰ অংশগ্ৰহণক লৈ কেইবা দশক ধৰি কৰা প্ৰচেষ্টা আৰু আলোচনাৰ পাছত এই গুৰুত্বপূৰ্ণ সফলতা আহিছে ।

নাৰী সংৰক্ষণ বিধেয়কৰ যাত্ৰা দীঘলীয়া আৰু প্ৰত্যাহ্বানপূৰ্ণ আছিল । বিধেয়কখন প্ৰথমতে ২০০৮ চনত ৰাজ্যসভাত মনমোহন সিঙৰ নেতৃত্বত ইউপিএ চৰকাৰৰ সময়ত উত্থাপন কৰা হৈছিল । দুবছৰৰ আলোচনা আৰু সংশোধনৰ পাছত এই বিধেয়ক ২০১০ চনত ৰাজ্যসভাত গৃহীত হৈছিল । অৱশ্যে, এই বিধেয়ক কেতিয়াও বিবেচনাৰ বাবে লোকসভালৈ যোৱা নাছিল । যাৰ ফলত এই বিধেয়কৰ ভাগ্য বহু বছৰ ধৰি অনিশ্চিত হৈ আছিল ।

সংসদৰ চলিত বিশেষ অধিবেশনত বিজেপি সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজ্যসভাত বিধেয়কখনৰ সপক্ষে বক্তব্য ৰাখিব । বিজেপিৰ মুঠ ১৪ গৰাকী মহিলা সাংসদ আৰু মন্ত্ৰীয়ে বিধেয়কখনৰ ওপৰত তৰ্ক কৰিব বুলি আশা কৰা হৈছে । লক্ষণীয়ভাৱে, অন্যান্য পিছপৰা শ্ৰেণীৰ (অ'বিচি) ৩ গৰাকী মহিলা সাংসদৰ লগতে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি সম্প্ৰদায়ৰ দুগৰাকীকৈ সাংসদে এই বিতৰ্কত অংশগ্ৰহণ কৰিব ।

লোকসভাত বিধেয়কখন গৃহীত হোৱাটো এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি বুলি বিবেচনা কৰা হৈছে যদিও ইয়াৰ কাৰ্যকৰীকৰণৰ সময়সীমাক লৈ বিতৰ্ক অব্যাহত আছে । বিধেয়কখনে নিৰ্ধাৰণ কৰিছে যে, মহিলাৰ কোটা কেৱল সমষ্টিসমূহৰ প্ৰথম সীমা নিৰ্ধাৰণৰ পাছতহে কাৰ্যকৰী কৰিব পাৰি । যিটো ২০২৭ চনতহে হোৱাৰ সম্ভাৱনা আছে । প্ৰতিটো লোকপিয়লৰ পাছত সীমা নিৰ্ধাৰণ কৰা হয় আৰু পৰৱৰ্তী লোকপিয়ল আগন্তুক সাধাৰণ নিৰ্বাচনৰ পাছতহে নিৰ্ধাৰণ কৰা হৈছে । সেয়েহে, বিধেয়কখন ২০২৯ চনলৈ কাৰ্যকৰী নহ'বও পাৰে ।

এই সম্ভাৱ্য বিলম্বই উদ্বেগ বৃদ্ধি কৰিছে আৰু বিৰোধী দলবোৰক বিতৰ্কৰ বাবে ইন্ধন যোগাইছে । কিয়নো বিৰোধীসকলে বিধেয়কখন জৰুৰীভাৱে ৰূপায়ণৰ দাবী জনাইছে । কংগ্ৰেছ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধীয়ে সংসদত তেওঁৰ আৰম্ভণিৰ বিবৃতিৰ সময়ত হতাশা ব্যক্ত কৰি কয় যে, যোৱা ১৩ বছৰ ধৰি ভাৰতীয় মহিলাসকলে তেওঁলোকৰ ৰাজনৈতিক দায়িত্বৰ বাবে অপেক্ষা কৰি আছে আৰু এতিয়া তেওঁলোকক আৰু কেইবছৰমান অপেক্ষা কৰিবলৈ কোৱা হৈছে । সেয়া দুবছৰ, চাৰি বছৰ, ছয় বছৰ নে ৮ বছৰ বুলি তেওঁ প্ৰশ্ন কৰে ।

আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নতুন লোকপিয়ল আৰু সীমা নিৰ্ধাৰণৰ প্ৰয়োজনীয়তা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে । এই উদ্বেগৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে স্পষ্ট কৰি দিয়ে যে পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ পাছত সীমানিৰ্ধাৰণ আৰু লোকপিয়ল দুয়োটা আৰম্ভ হ'ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও বিধেয়কখন গৃহীত হোৱাৰ বাবে সকলো দলৰ সাংসদসকলক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ উল্লেখ কৰে যে নাৰী শক্তি বন্দন অধিনিয়ম হৈছে এক ঐতিহাসিক আইন যি মহিলা সৱলীকৰণক অগ্ৰাধিকাৰ দিব আৰু ৰাজনৈতিক প্ৰক্ৰিয়াত মহিলাসকলৰ অধিক অংশগ্ৰহণ সক্ষম কৰি তুলিব ।

লগতে পঢ়ক :women's reservation Bill: মহিলা সবলীকৰণ বিজেপিৰ কৰ্ম সংস্কৃতি : অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.