ETV Bharat / bharat

এইবাৰ বনৰৌৰ দেহত কৰ’ণাৰ অৱস্থিতি !

author img

By

Published : May 13, 2021, 5:52 PM IST

Pangolin undergoes COVID test
বনৰৌৰ কৰ’ণা পৰীক্ষা

মঙলবাৰে ওড়িশাৰ ময়ূৰভঞ্জত কৰ’ণাত আক্ৰান্ত হয় চোৰাংভাৱে বনৰৌ অনা এজন লোক ৷ ওড়িশাত সংঘটিত হৈছে এই ঘটনা ৷

নেশ্যনেল ডেস্ক,13 মে’: সমগ্ৰ দেশতে কৰ’ণাৰ দ্বিতীয় ঢৌৱে ব্যাপক প্ৰভাৱ পেলোৱাৰ মাজতে মঙলবাৰে ওড়িশাৰ ময়ূৰভঞ্জত কৰ’ণাত আক্ৰান্ত হয় চোৰাংভাৱে বনৰৌ অনা এজন লোক ৷ আটকাধীন লোকজনৰ কৰ’ণা পৰীক্ষাৰ ফলাফলৰ অন্তত উদ্ধাৰ হোৱা বনৰৌটোৰ কৰ’ণা পৰীক্ষা কৰা হয় ৷

বনৰৌৰ কৰ’ণা পৰীক্ষা

যদি বনৰৌটোৰ দেহত ক’ভিড পজিটিভ পোৱা যায়, তেন্তে বনৰৌটো আইচ’লেছনত ৰখা হ’ব ৷ অন্যথা বনৰৌটো অৰণ্যত এৰি দিয়া হ’ব ৷ এই কথা সদৰী কৰে বন্যপ্ৰাণী উদ্ধাৰকাৰী সংস্থাৰ সচিব ভানুমিত্ৰ আচাৰ্যই ৷

উল্লেখ্য যে, আৰক্ষীয়ে বনগিৰিপোছি আৰক্ষী থানা অঞ্চলৰ গাহিৰাপালাৰ বাসিন্দা সিন্ধু বাস্কেক গ্ৰেপ্তাৰ কৰি বনৰৌটো উদ্ধাৰ কৰে । সূত্ৰই জনোৱা মতে, বনৰৌৰ অবৈধ বেহা চলাৰ খবৰ পোৱাৰ পাচত জিলা আৰক্ষী অধীক্ষকে এটা দল গঠন কৰিছিল । বনগিৰিপোছি আৰক্ষীৰ সহায়ত দলটোৱে বাস্কেৰ পৰা 8 কিল’গ্ৰাম ওজনৰ বনৰৌটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: ত্ৰিপুৰাৰ সৈতে সম্পৰ্ক ছেদ NAFED ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.