ETV Bharat / bharat

Pakistani intruder in J&K: জম্মু কাশ্মীৰ সীমান্তত পাকিস্তানী অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা

author img

By

Published : Jul 31, 2023, 12:07 PM IST

Pakistani intruder in J&K
জম্মু কাশ্মীৰ সীমান্তত পাকিস্তানী অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা

জম্মু-কাশ্মীৰৰ আৰ্নিয়া ছেক্টৰৰ জবোৱাল সীমান্তত পাকিস্তানী অনুপ্ৰৱেশকাৰীক গুলীয়াই হত্যা । মধ্য ৰাতি প্ৰায় 1.45 বজাত সংঘটিত হয় ঘটনাটো ৷

নেশ্যনেল ডেস্ক, 31 জুলাই : জম্মু-কাশ্মীৰত সোমবাৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে গুলীয়াই হত্যা কৰে এজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক ৷ এসপ্তাহৰ ভিতৰত দ্বিতীয়টো এনে কাণ্ড সংঘটিত হয় সীমান্তত । বাৰাম্বাৰ অনুপ্ৰৱেশকাৰীজনক সীমান্তৰ নিৰাপত্তাৰক্ষীয়ে সতৰ্কবাণী প্ৰদান কৰিছিল যদিও সেয়া আওকাণ কৰা পৰিলক্ষিত হোৱাত সীমান্তৰ নিৰাপত্তাৰক্ষীয়ে গুলীয়াই হত্যা কৰে অনুপ্ৰৱেশকাৰীজনক ।

মধ্য ৰাতি প্ৰায় 1.45 বজাত অৰ্ণিয়া ছেক্টৰৰ জাবোৱাল সীমান্ত আউটপোষ্টৰ সমীপৰ সীমান্ত বেৰ পাৰ হ’বলৈ সক্ষম হৈছিল অনুপ্ৰৱেশকাৰীজনে আৰু ইয়াৰ পিচতে নিৰাপত্তাৰক্ষীক প্ৰত্যক্ষ কৰি উক্ত স্থানৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলাইছিল বুলি বিষয়াসকলে জানিবলৈ দিয়ে ।

সীমান্ত সুৰক্ষা বাহিনীৰ এগৰাকী মুখপাত্ৰই কয় যে, 30 আৰু 31 জুলাইৰ মাজ নিশা কৰ্তব্যৰত সৈন্যই আৰ্নিয়া সীমান্ত অঞ্চলত আন্তঃৰাষ্ট্ৰীয় সীমান্ত (আই বি) পাৰ হৈ এজন লোকৰ সন্দেহজনক গতিবিধি পৰ্যবেক্ষণ কৰে । ইয়াৰোপৰি, অনুপ্ৰৱেশকাৰীজন বি এছ এফৰ সীমান্ত সুৰক্ষাৰ দিশে ওচৰ চাপি অহা পৰিলক্ষিত হৈছিল বুলি জানিবলৈ দিয়ে ৷ কৰ্তব্যৰত আৰক্ষীয়ে অনুপ্ৰৱেশকাৰীজনক গুলীয়াই তেওঁৰ পৰৱৰ্তী অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰিছিল বুলি মুখপাত্ৰগৰাকীয়ে কয় ।

ঘটনা সংঘটিত হোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান অব্যাহত ৰখাৰ লগতে মৃতদেহটো ঘটনাস্থলীৰ পৰা উদ্ধাৰৰ অভিযান চলায় থকা হৈছে বুলি জানিবলৈ দিয়ে । উল্লেখ কৰা প্ৰয়োজন যে, চলিত মাহৰ 25 তাৰিখে চাম্বা জিলাৰ ৰামগড় ছেক্টৰত চাৰি কিলোগ্ৰামতকৈ অধিক ওজনৰ হেৰ’ইন কঢ়িয়াই অনা এজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক সীমান্ত সুৰক্ষা বাহিনীয়ে গুলীয়াই হত্যা কৰিছিল বুলি পিটিআইৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে ।

লগতে পঢ়ক : Pakistan Bomb blast: আত্মঘাতী বোমা বিস্ফোৰণত কমেও ৪২ জন নিহত, আহত ১৫০ জনৰো অধিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.