ETV Bharat / bharat

Rakesh Tikait allegation:"BJP আৰু AIMIM খুড়াক-ভতিজাকৰ দল" !

author img

By

Published : Nov 23, 2021, 2:04 PM IST

অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিনৰ সভাপতি আচাদুদ্দিন ওৱেচি সন্দৰ্ভত বিশেষ মন্তব্য কৃষক নেতা ৰাকেশ টিকাইটৰ । বিজেপি দল আৰু আচাদুদ্দিন ওৱেচিৰ দল এআইএমআইএমক খুড়া-ভতিজা আখ্যা টিকাইটৰ ।

Rakesh Tikait allegation
BJP আৰু AIMIM খুড়াক-ভতিজাকৰ দল

নেশ্যনেল ডেস্ক,২৩ নৱেম্বৰ : কেন্দ্ৰীয় চৰকাৰে বিতৰ্কিত কৃষি আইন বাতিলৰ ঘোষণা (Farm laws repeal by centre) কৰিছে যদিও কৃষক সংগঠনসমূহে চৰকাৰৰ এই পদক্ষেপকলৈ যথেষ্ট সন্তুষ্ট নহয় । কিয়নো কৃষকসকলৰ আন কেইবাটাও দাবী আছে যিবোৰ চৰকাৰে মানি লোৱা নাই । কৃষি আইন বাতিলৰ ঘোষণা কৰাৰ পাছতে কৃষকসকলক প্ৰতিবাদ বন্ধ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছিল যদিও কৃষক সংগঠন ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ সিং টিকাইটৰ ঘোষণা কৃষি আইনৰ উপৰিও তেওঁলোকৰ বাকী দাবীসমূহো মানি ল'ব লাগিব চৰকাৰে (rakesh tikait's demand to govt)। তেতিয়া কৃষকসকলে প্ৰতিবাদস্থলী এৰিব ।

ইফালে শেহতীয়াকৈ অল ইণ্ডিয়া মজলিস-ই-ইত্তেহাদুল মুছলিমিনৰ সভাপতি আচাদুদ্দিন ওৱেচিয়ে কৃষি আইনৰ দৰে নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ বাতিলৰ বাবে আহ্বান জনাইছে । ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৃষক নেতা ৰাকেশ টিকাইটে ধেমেলিয়া সুৰত কয় যে আচাদুদ্দিন ওৱেচি ভাৰতীয় জনতা পাৰ্টিৰ খুড়াক । তেওঁ উল্লেখ কৰা মতে AIMIM আৰু বিজেপি দলৰ মাজত খুড়াক ভতিজাকৰ সম্পৰ্ক আছে ।

ৰাকেশ টিকাইটৰ মতে ওৱাইচিয়ে যি বিচাৰে তেওঁৰ ভতিজাক অৰ্থাৎ বিজেপিক ক'ব লাগে আৰু সেয়া তেওঁলোকে পূৰণ কৰিব । এইটো তেওঁলোকৰ ঘৰুৱা বিষয় আৰু তেওঁলোকে ইয়াক সমাধান কৰিব পাৰে বুলিও উপহাস কৰে কৃষক নেতাগৰাকীয়ে ।

ইফালে লক্ষ্ণৌৰ কিষাণ মহা পঞ্চায়তৰ (Kisan Maha Panchayat of Lucknow) প্ৰথমটো দিনতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰে ৰাকেশ টিকাইট । প্ৰধানমন্ত্ৰীয়ে কৃষকসকলক 'কাৰোবাক' বুলি অভিহিত কৰাক লৈ অসন্তুষ্ট নেতাগৰাকী । টিকাইটৰ অভিযোগ কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক বিভক্ত কৰিব বিচাৰিছে ।

যেতিয়া নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল, তেতিয়া তেওঁ এমএছপি গেৰাণ্টি আইন প্ৰণয়ন কৰাৰ পৰামৰ্শ দিছিল । এতিয়া তেওঁ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত কিয় এখন সমিতি গঠন কৰিছে বুলি প্ৰশ্ন কৰে কৃষক নেতাগৰাকীয়ে । লগতে এমএছপি গেৰাণ্টি আইন কিয় কাৰ্যকৰী কৰা নাই বুলিও প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰে নেতাগৰাকীয়ে । টিকাইটে ঘোষণা কৰা মতে কৃষক আন্দোলন বন্ধ নহয় যেতিয়ালৈ তেওঁলোকৰ দাবীসমূহ সমাধান নহয় । তেওঁৰ মতে এমএছপি গেৰাণ্টি আইন, বীজ বিল আৰু মিল্ক পলিচিৰ দৰে বহু সমস্যা সমাধান হোৱা নাই । চৰকাৰে এই ক্ষেত্ৰত কৃষক সংগঠনৰ সৈতে আলোচনা কৰিব লাগে বুলিও তেওঁ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক :Farm laws repeal : সংসদত কৃষি আইন বাতিল নোহোৱা পৰ্যন্ত অব্যাহত থাকিব প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.